জুবিনদাৰ ছিজাৰ থকাৰ কথা সতীৰ্থই আমাক জনোৱা নাছিলঃ সুস্মিতা গোস্বামী
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ হত্যা গোচৰত ফাষ্টট্রেক আদালতত তৃতীয় দিনৰ বাবে সক্ষ্যদান প্ৰদান কৰি ছিংগাপুৰৰ প্রবাসী অসমীয়া সুস্মিতা গোস্বামীয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্রকাশ কৰে। ফাষ্টট্রেক আদালতত সাক্ষ্যদান কৰি সংবাদ মাধ্যমৰ স্মিতা গোস্বামীয়ে কয়- জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাৰ বহু ভিডিঅ’ মোৰ সৈতে আছিল। আমাৰ হাতত থকা সকলো ভিডিঅ’ প্রমাণ আৰু ভাষ্যৰ জৰিয়তে জুবিনদাই যাতে সম্পূৰ্ণৰূপে ন্যায় পায়, তাৰ বাবে চেষ্টা কৰা হৈছে। আমাৰ ভাষ্যত সকলো কথা বিতংভাৱে বৰ্ণনা কৰা হৈছে। তদুপৰি আমাৰ ভিডিঅ’বোৰত জিঅ’ টেগ, জিঅ’ লোকেচন আৰু টাইম ষ্টাম্প আছে। যিয়ে স্পষ্টকৈ দেখুৱাব যে জুবিনদা সেই নির্দিষ্ট সময়ত ঠিক ক’ত আছিল, সেই সকলোবোৰ প্ৰমাণৰ সহায়ত এছআইটিয়ে এটা শক্তিশালী গোচৰ তৈয়াৰ কৰিব পাৰিছে। এই ভিডিঅ’ প্রমাণ আৰু আমাৰ সাক্ষীসকলৰ ভাষ্যই জুবিনদাক ন্যায় দিয়াত সম্পূৰ্ণৰূপে সহায় কৰিব। আমি যোৱা তিনিও দিন ধৰি একেখিনি কথাই কৈ আহিছোঁ। ছিংগাপুৰৰ আৰক্ষী, ছিংগাপুৰৰ আদালত আৰু এছআইটি সকলোতে আমি একেখিনি কথা আৰু একেখিনি ভিডিঅ’ প্রমাণেই দাঙি ধৰিছোঁ। গতিকে আশা কৰিছোঁ যে এই সকলোবোৰৰ জৰিয়তে আমি নিশ্চয় ন্যায় পাম। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ হাততো বহু ভিডিঅ’ আৰু সাক্ষ্য মজুত থকাৰ কথা উল্লেখ কৰি সুস্মিতা গোস্বামীয়ে কয় যে আদালতৰ পৰা এই ভিডিঅ’ৰ তথ্য আৰু সাক্ষ্যৰ পৰাই এটা সঠিক ৰায় ওলাই আহিব। দোষীয়ে শাস্তি পাব আৰু জুবিনদাই ন্যায় পাবলৈ এই প্রমাণখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। ছিংগাপুৰৰ সাগৰত য়াটত থকাৰ সময়ত হোৱা দুৰ্ঘটনাৰ কিছু তথ্য প্রকাশ কৰি সুস্মিতা গোস্বামীয়ে কয়- যিদিনা ঘটনাটো ঘটিছিল সেইদিনা লগে লগে চিকিৎসাৰ সহায়ৰ বাবে প্ৰথমটো ফোনকল মোৰ পৰাই গৈছিল। মোৰ ফোনৰ পৰা সেই কলটো যোৱাৰ বাবেই মোৰ ফোনটো অতি গুৰুত্বপূৰ্ণ প্ৰমাণ হৈ পৰিছে। ঘটনাটো ঘটাৰ দিনাই ছিংগাপুৰ আৰক্ষীয়ে আমাৰ ফোন, ভিডিঅ’ প্রমাণ আৰু ভাষ্যসমূহ জব্দ কৰি লৈছিল। তাৰ পিছৰে পৰা সেই সকলো ভিডিঅ’ আৰু ফোন ছিংগাপুৰৰ আৰক্ষীৰ হাততে আছিল। মানুহে ছ’চিয়েল মিডিয়াযোগে যিটো ভিডিঅ’ দেখিছে, সেইটো আচলতে শেষ মুহূৰ্তৰ ভিডিঅ’ নহয়। সেয়া কোনোবা এটা বিশেষ মুহূৰ্তৰহে ভিডিঅ’ আছিল। মোৰ হাতত থকা সকলো আচল ভিডিঅ’ মই ছিংগাপুৰ আৰক্ষী আৰু এছআইটিকো দিছোঁ। গতিকে আশা কৰিছোঁ যে সকলোবোৰ প্ৰমাণে জুবিনদাক ন্যায় দিয়াত সম্পূর্ণ সহায় কৰিব। ছিংগাপুৰত জুবিন গাৰ্গক তেওঁৰ সতীৰ্থসকলে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সুস্মিতা গোস্বামীয়ে কয়- সেই সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেয়া প্রবাসী অসমীয়া সাক্ষীসকলৰ বাবে অত্যন্ত কষ্টকৰ আছিল। আমি যেতিয়া য়াট পার্টীলৈ গৈছিলোঁ আমাৰ কাৰো ধাৰণাই নাছিল যে জুবিনদাৰ জীৱনৰ প্ৰতি এনেকুৱা এটা ডাঙৰ কথা চলি আছে। আমাক তেওঁৰ কোনো শাৰীৰিক অসুস্থতা বা ছিৰিয়াছ কণ্ডিচনৰ বিষয়ে একো জনোৱা হোৱা নাছিল। যদি আমি কথাটো অলপ হ’লেও গম পালোঁহেঁতেন, তেন্তে কেতিয়াও আমি সেই পাটী নকৰিলোঁহেঁতেন। আনকি মই গম পোৱা হ’লে নিজেই জুবিনদাক তাত যাবলৈ বাধা দিলোঁহেঁতেন। কিন্তু আমি একোৱেই গম পোৱা নাছিলোঁ। ঘটনাটো ঘটাৰ পিছত আমি সকলোৱে গভীৰ মানসিক আঘাত পাইছোঁ। সেই সংকটৰ সময়ত আমি এম্বুলেঞ্চ আৰু সহায় বিচাৰি বহুত চেষ্টা কৰিছিলোঁ। লগে লগে মোৰ ফোনৰ পৰাই পুলিচ গার্ড আৰু ক’ষ্ট গার্ডক খবৰ দিয়া হৈছিল আৰু তেওঁলোকেও লগে লগে আহি পাইছিল। জুবিন গাৰ্গ পানীৰ তলত কিমান সময় আছিল সেইটো এটা আদালতৰ আইনী প্ৰক্ৰিয়াৰ বিষয় বুলি উল্লেখ কৰি সুস্মিতা গোস্বামীয়ে কয়- আমাৰ যিমানবোৰ সাক্ষী আছে তেওঁলোকৰ ভ্যষ্যৰ ওপৰত ভিত্তি কৰি আদালতে এটা সঠিক সময়ৰ তালিকা প্রস্তুত কৰিব। মই পুনৰ কওঁ যে জুবিন গাৰ্গৰ ছিজাৰ আছিল বুলি প্রবাসী অসমীয়া সাক্ষীসকলৰ কোনেও জনা নাছিলোঁ। জনা হ’লে আমি য়ট পাৰ্টীলৈ জুবিন দাক লৈ নগলোঁহেতেন। দুর্ঘটনাৰ সময়ত জুবিন গার্গে যেতিয়া সহায় বিচাৰিছিল, তেতিয়া সিদ্ধার্থ বা শেখৰজ্যোতি গোস্বামীয়ে তেওঁক বচাবলৈ আগবাঢ়ি গৈছিল নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সুস্মিতা গোস্বামীয়ে কয়-তেওঁলোকে জুবিনদাক বচাবলৈ আগবাঢ়িছিল নে ইয়াৰ আঁৰত তেওঁলোকৰ কোনো ষড়যন্ত্র আছিল সেইটো সম্পূৰ্ণৰূপে আদালতেহে নিৰ্ণয় কৰিব। এজন সাক্ষী হিচাপে আমি সকলো তথ্য আৰু সাক্ষ্যদান কৰিছোঁ। এজন সাক্ষী হিচাপে মই এতিয়াই ইয়াৰ ওপৰত কোনো ব্যক্তিগত মন্তব্য কৰিব নোৱাৰোঁ।
