মাজুলীত কবিতা বৰাৰ কাব্যপুথি ‘লহৰ’ উন্মোচন
মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ বিশিষ্ট কবি তথা লেখিকা কবিতা বৰাৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘লহৰ’ ০৯ চেপ্টেম্বৰত ভালুকমৰা গাঁৱৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। শতাধিক ৰাইজ তথা গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সাহিত্য অনুষ্ঠানে স্থানীয় অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। গাঁৱৰ মহিলাসকলে দিহানাম পৰিবেশন কৰা অনুষ্ঠানটিত পুথিখন উন্মোচন কৰে অঞ্চলটোৰ বিশিষ্ট লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ তথা অভিনেতা ৰঞ্জিত কুমাৰ ভূঞাই। উন্মোচনী ভাষণত তেওঁ লেখিকা কবিতা বৰাৰ কাব্যিক সৃষ্টিৰ ভূয়সী প্ৰশংসা কৰি ‘লহৰ’ কাব্যগ্ৰন্থই অসমীয়া সাহিত্যৰ পথাৰখন চহকী কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটিৰ উদ্বোধন কৰে বিশিষ্ট কবি, লেখক তথা শিক্ষক ডিম্বেশ্বৰ ভূঞাই। সুন্দৰভাৱে সঞ্চালিত এই উন্মোচনী সভাত কেইবাগৰাকীও বক্তাই কবিতা বৰাৰ সাহিত্য চৰ্চা আৰু নিষ্ঠাৰ বিষয়ে মন্তব্য আগবঢ়ায়। বক্তাসকলৰ অনুপ্ৰেৰণাদায়ক বক্তব্যই উপস্থিত শ্ৰোতাসকলক আপ্লুত কৰি তোলে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ক্ৰমে যুগল হাজৰিকা, দিগন্ত শইকীয়া, অমিয় কুমাৰ চিৰাং, দেবেন চন্দ্ৰ বৰুৱা, বসন্ত কুমাৰ শইকীয়া, যদু কলিতা, অতুল হাজৰিকা, শ্যামন্ত পায়েং, সুৰ শইকীয়া হাজৰিকা, গায়ত্ৰী বৰা হাজৰিকা, বৰ্ণালী বৰা ভূঞা, জয়ন্ত শইকীয়া, ৰমেন ভূঞা, সুমন্ত বৰুৱা, যতীন বৰা, দ্বীপেন শইকীয়া, পপী দাস, দৰ্শনা দাস, ধ্ৰুৱজ্যোতি বৰা, লক্ষী প্ৰসাদ ৰেগন, দেৱজিত বৰা, ফিজু দত্ত, ৰঞ্জিত হাজৰিকা, ৰাজু কলিতা, ভাস্কৰজ্যোতি কুটুম, পবন্ত শইকীয়াৰ লগতে ভালুকমৰা গাঁৱৰ গোপিনী সমাজ, শংকৰজ্যোতি যুৱক সংঘৰ কৰ্মকৰ্তা আৰু স্থানীয় ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।আয়োজকসকলে অনুষ্ঠানটি সফলতাৰে ৰূপায়ণ কৰাত সহায়-সহযোগ আগবঢ়োৱা প্ৰত্যেকজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। শেষত লেখিকা কবিতা বৰাৰ সাহিত্যিক যাত্ৰা আৰু অধিক গতিশীল হৈ পৰক আৰু কাব্যগ্ৰন্থ ‘লহৰ’ক সমগ্ৰ পাঠক সমাজে আকোঁৱালি লওক বুলি সকলোৱে শুভকামনা জনায়। উক্ত অনুষ্ঠানটোত সঞ্চালক হিচাপে উপস্থিত থাকে কবি, সমাজ সংগঠক যতীন মুদৈ।
