‘চাপৰিলে মেঘ নেৰায়’ নিচাৰ বিৰুদ্ধে সৰল প্ৰাৰ্থনা – ববিতা বৰঠাকুৰ

Pc StockCake

‘চাপৰিলে মেঘ নেৰায়’ নিচাৰ বিৰুদ্ধে সৰল প্ৰাৰ্থনা

ববিতা বৰঠাকুৰ
কুৰাল গুৰি,বৰুৱা বামুণ গাঁও,গোলাঘাট

ড্ৰগছ এক আতংক,ভয় আৰু অনিৰাপত্তাৰ কাৰক,ড্ৰগছ’ শব্দটো শুনিলেই হাত ভৰি পেটতে লুকায়। ‘নিচাযুক্ত দ্ৰৱ্য ‘ এই শব্দই শিলহৈ বুকুখনত ভৰ দিয়ে । এই বিষাক্ত দ্ৰৱ্যবিধৰ চিকাৰ হৈছে নৱ প্ৰজন্ম । চাৰিওফালে ড্ৰাগছৰ বেহা ।আজি আমি আমাৰ সন্তানকলৈ চিন্তিত ।

সন্তানৰ একেবাৰে আপোন আৰু ওচৰৰ বন্ধু,দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হ’ল মাতৃ গৰাকী,মুখ দেখিলেই গৰ্ভ চিনা মাতৃ গৰাকীয়ে প্ৰথমে সন্তানৰ পথ নিচানৰ সম্ভেদ পায় । সান্নিধ্য মন্ত্ৰৰে, শব্দৰ যাদুৰে মাতৃ গৰাকীয়ে গ্ৰহণ কৰিব পাৰিব লাগিব বৈজ্ঞানিক দৃষ্টিভংগী, হ’ব লাগিব প্ৰগতিশীল চিন্তাৰ একোজন সমাজ বিজ্ঞানী , মোৰ সন্তান,আমাৰ সন্তান বুলি ফিতাহিমাৰি থকা মৌন মাতৃ গৰাকীয়ে এদিন হয়তো ল’ব লগা হ’ব পাৰে এখন সমাজ বা দেশৰ ধংশৰ অভিশাপ , মানসিক শাৰীৰিক আৰু বৌদ্ধিকভাৱে সুস্থ এটি সন্তানহে দেশৰ ধৰণী অথবা সম্পদ । সন্তান বিপথে গৈছে,মাতৃ মৌন,সন্তানে বাট এৰি অদেখা ক’লা পৃথিৱীৰ বাসিন্দা হ’ব বিচাৰিছে পৰিয়াল, সমাজত মানহানি হোৱাৰ ভয়ত পিতৃ মাতৃৰ কোনো প্ৰতিবাদ নাই,দৈনিক হাত খৰচ বাঢ়ি গৈছে,নিশা দুপৰলৈ সন্তান ঘৰলৈ অহা নাই,কোনো খং,অভিযোগ নাই মা-পিতাৰ,অখাদ্য খাইছে, মুখত অশ্লীল গালি -গালাজ পিতৃ-মাতৃ আৰু অভিভাৱক নিমাত,তেতিয়া বুজিব লাগিব এখন সমাজ,এটা জাতিৰ গাত বগাবলৈ আৰম্ভ কৰিছে ৰঘুমলা,ক্ষণস্বৰ্গৰ বিনিময়ত অনন্ত নৰক যাত্ৰাৰ আমিবোৰ যাত্ৰী হ’ব লাগিব,শৃংখলাবিহীন জীৱন শৈলী,অপৰাধ প্ৰৱণতা,ক্ৰমবার্ধমান স্নায়ৱিক পীড়নৰ বীজ কলিতে নিৰ্মূল কৰিব নোৱাৰিলে আমি সকলো শান্তিহীন আৰু আনন্দহীন হৈ সংক্ষোভৰ( tension)দ্বাৰা পীড়িত হ’ব লাগিব । এতিয়া আমি কৰিম কি, ইতিমধ্যেই আমাৰ সন্তানক সুৰক্ষিত কৰিবলৈ সংকল্পব্ধ, আমাৰ আত্মশক্তিৰে সকলো স্বধিকাৰ আৰু স্বাভিমান ৰক্ষা নকৰিলে আন কোনেও আমাৰ সন্তানক উদ্ধাৰ কৰিব নোৱাৰে ,বেয়া হৈছিল, বেয়া কৰিছিল , ভুলক ভুল, বুলি কোৱাৰ সাহস আছে আমাৰ ।কিন্তু এতিয়া আৰম্ভ হ’ব শুদ্ধ আৰু সূৰ্যমুখী যাত্ৰাৰ অমৃত ক্ষণ, দয়া,মৰম আৰু সহানুভূতিৰে যৌথ প্ৰচেষ্টা আৰু যথাৰ্থ অনুসন্ধান দ্বাৰা আমি পৰিকল্পিত , প্ৰণালীবদ্ধ ভাৱে আগবাঢ়ি পৰিয়ালৰ বিজ্ঞজনৰ দিহা পৰামৰ্শলৈ অভিজ্ঞ চিকিৎসক,মনোবিজ্ঞানী, সমাজ বিজ্ঞানী,শিক্ষক এক গোটহৈ শুদ্ধ পথৰ নীতি তৈয়াৰ কৰি আগবাঢ়ি যাব লাগিব । জানিব পৰা মতে,নিচা যুক্ত দ্ৰৱ্যৰ আসক্ত ব্যক্তিক বিকল্প চিকিৎসা কৰি পুনৰ আগৰ অৱস্থালৈ আনিব পাৰি । এই ধৰণৰ চিকিৎসা পদ্ধতিক ‘হিপনোথেৰাপি’ বা হিপনো এৰ্ভছন’ বুলিও কোৱা হয় । ( Hypnotherapy uses hypnosis to try to treat conditions or changed habities) এৰ্ভাছন শব্দটো অৰ্থ হ’ল বিৰাগ বা বিতৃষ্ণা । ইয়াৰ উপৰিও অংকুপাছাৰ( Acupuncture) পদ্ধতিৰ দ্বাৰাও বহু জন সুস্থ আৰু সুন্দৰ পথলৈ উভতি আহিছে । আকৌ যোগ আৰু প্রাণায়ামে নিচা আসক্তি দূৰ কৰি মন মগজুৰ সন্তুলন অটুট ৰাখে ।হোমিও পেথিক,এলোপেথিক চিকিৎসাৰে ড্ৰগছ আসক্ত ব্যক্তি সুস্থহৈ সমাজৰ সফল ব্যক্তি হিচাপে পৰিচয় দিছে । যিকোনো পদ্ধতি আৰু কৌশল সফল হ’বলৈ লাগিব পৰিয়ালৰ সহযোগিতা,একাগ্ৰতা, এক নিদিষ্ট সময়, ধৰ্য আৰু সাহস । বেয়া পথৰ যাত্ৰী হ’বলৈ যিমান সময় লাগে তাতকৈ শুদ্ধ আৰু সুন্দৰ পথৰ বাবে লাগে গুণগত সময় । বহুতো চৰকাৰী, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে মুক্তভাৱে এই ক্ষেত্ৰ খনত কাম কৰি আহিছে । আমি বিষয় এটা যিমান গোপন কৰিম সিমান আমাৰ বিপদ অনিবাৰ্য হৈ পৰিব । ‘চাপৰিলে মেঘ নেৰায়’ ।ডিঙি, কাণ ,হাত খালি কৰি বা মাটি-ভেটি হেৰুৱাই আমি আমাৰ সন্তানক সুস্থ কৰিব নোৱাৰো,’সন্ধিৰ বাঁহ বুদ্ধিৰে কটা’ দক্ষতা আমি অৰ্জন কৰিম,আজি অৰ্থাৎ এতিয়াই আৰম্ভ কৰোঁ আহক ..,। নৰকৰ পৰা উদ্ধাৰ হোৱাৰ উপায় হ’ল পৰস্পৰৰ প্ৰতি সহানুভূতি- পূৰ্ণ সুবিবেচনাৰ অনুশীলন ।আমি জানো যে, এই ক্ষেত্ৰত পৰ্যবেক্ষক,চিকিৎসা কৰ্মী,আৰোগ্য ভৱন( Rehabilitation center) সকলোৱে গোপনীয়তা মানি চলি, আমাৰ সকলো কাম সম্পাদন কৰিবলৈ সংকল্পব্ধ ।

এটি সন্তান মানুহ কৰা ,এগৰাকী মাতৃৰ গধুৰ দায়িত্ব,বৰ্তমান একক পৰিয়াল হোৱাৰ বাবে মাতৃ গৰাকী অধিক কৰ্ম ব্যস্ত হ’বলৈ বাধ্য, বহু সময়ত সন্তানৰ দায়িত্ব আন কাৰোবাৰ ওচৰত দিয়া হয়,মনত ৰাখিব লাগা কথাটো হ’ল আমাৰ জীৱনৰ সাৰ্থকতাৰ চাবি- কাঠী সন্তান হে ,ঐশ্বৰ্য বিভূতি নহয়,সন্তানৰ বয়সৰ লগে লগে মাতৃৰ ভূমিকা পৰিবৰ্তন হব লগা হয়, অনুশাসন,মৰমৰে তেওঁলোক জনাব লাগে ,আমি তেওঁলোকক বহুত ভাল পাওঁ, তেওঁলোক সুখী আৰু সফল হোৱা মানেই আমি সুখী ।তেওঁলোকক মৰম স্নেহৰ লগতে গুণগত সময় দিয়া বৰ প্ৰয়োজন, দৈহিক সান্নিধ্যৰে তেওঁলোকক একক কৰি ৰখা উচিত, আমাক সৰুতে ককা-আইতা,বৰদেউতা,খুড়ী, পেহীৰ গাঁওৰ ঘৰখনে মৰমৰ লগতে নিৰাপত্তা ও দিছিল ।পিতৃ মাতৃ আৰু সন্তান একে লগে খোৱা,শুৱা,গীত গোৱা,ছবি আঁকা,গছ বা ফুল ৰোৱা, প্ৰতিপালন কৰা,সাঁতোৰা, ফুৰা,খেলা,কথা পতা,ধৰ্মীয় উৎসৱ, সামাজিক অনুষ্ঠানত অশংগ্ৰহণ কৰা, চিনেমা চোৱা ইত্যাদি । পিতৃ-মাতৃৰ প্ৰধান কৰ্তব্য হ’ল তেওঁলোকৰ বিশ্বসযোগ্য শ্ৰোতা হোৱা । তেওঁলোৰ মনৰ কথা,গোপন অভিপ্ৰায়,লক্ষ্য, ভাল লগা,বেয়া লগা,বন্ধু বৰ্গৰ দ্বাৰা আমি তেওঁলোকৰ মানসিক স্থিতি গম পাব পাৰো,তেওঁলোকৰ বন্ধুৰ লগত মুকলিকৈ কথা পতাৰ লগতে বন্ধু পিতৃ -মাতৃৰ লগত ওচৰ সমন্ধ ৰক্ষা কৰিলে সকলোৰে মঙ্গল হয় । তুলনা কৰাৰ পৰা দূৰত থাকি গঠনমূলক পৰামৰ্শ,আমি কি বিচাৰো তাতকৈ তেওঁলোকে কি বিচাৰে সেইটোহে গুৰুত্বপূৰ্ণ । সফলতাৰ লগৰী হোৱাৰ লগতে ব্যৰ্থতা,বিফলতাক কি দৰে প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাব পৰা শক্তি তেওঁলোকৰ ওচৰত মজুত আছে,সেইটো পৰিচয় কৰাই দিব পাৰে কেৱল পিতৃ -মাতৃয়ে লগতে শিক্ষক সকলে , ভোগবাদী মানসিকতা মত্তহৈ আমিবোৰ হৈ পৰিছোঁ একো একোটা যন্ত্ৰ । আমি তেওঁলোকৰ পৰা শ্রদ্ধা বিচৰাতকৈ আমি আমাৰ পিতৃ মাতৃক শ্রদ্ধা কৰিব লাগিব, আমাৰ গাঁও,আত্মীয়,ভাষা,সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে প্ৰকৃতিৰ প্ৰতিটো উপহাৰ আদৰ যত্ন কৰিলেই তেওঁলোকে আমাক অনুকৰণ কৰিব,আমি সন্তান গঢ়াত সফল হম।

আমি মাতৃ সমাজে আহ্বান জনাওঁ, নিচা যুক্তদ্ৰৱ্যৰ বেহা বন্ধ কৰক,বেছি ধনৰ লোভে এটা জাতি,এখন দেশ ধ্বংস কৰিব । চৰকাৰে অধিক তৎপৰ ভাৱে এই নিচা সাম্ৰাজ্যৰ ক’লা সম্ৰাটক নিঃশেষ কৰক,এই ধৰণৰ সকলো আইন কাৰ্যকাৰী কৰি প্ৰজন্মক সুৰক্ষা কৰক, প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা উচ্চ পৰ্যায়ৰ পাঠত এই বিষয়ৰ নেতিবাচক প্ৰভাৱ মুকলিকৈ আলোচনা কৰাৰ লগতে স্বাস্থ্য সচেতনতা পাঠ বাধ্যতামূলক হোৱা উচিত বুলি ভাৱো,ৰেদিঅ’ ইলেকট্ৰনিক বা ছপা প্ৰচাৰ মাধ্যম,সাহিত্য সভা,দল সংগঠনে ,মহিলা আনুষ্ঠান সকলোৱে একক ভাৱে আগবাঢ়ি আহিলে সমস্যা এটা সমস্যাহৈ নাথাকে । আমাক আমাৰ সন্তান মানুহ কৰাৰ বাবে এখন নিচা মুক্ত সমাজ উপহাৰ দিয়ক ।আমি আশাবাদী আকৌ নতুন প্ৰভাত হ’ব…।