মোৰ দেশ মোৰ ভৱিষ্যৎ – ৰিতুস্মিন গাৰ্গ

Pc Pexels

মোৰ দেশ মোৰ ভৱিষ্যৎ

ৰিতুস্মিন গাৰ্গ
দেৰগাঁও, গোলাঘাট

চৌদিশে বিশাল জনগণ, মই আছোঁ মোৰ দেশত
মোৰ চিন্তন আৰু মনন কেৱল দেশৰ বাবে
শক্তি আৰু সম্ভাৱনাক লৈ আশাবাদী।
যুৱ ৰাষ্ট্ৰৰ গৌৰৱেৰে গৌৰৱান্বিত মোৰ দেশ।

বিকশিত ভাৰতৰ স্বপ্ন – মই
আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্ন – মই
বিজ্ঞান -প্ৰযুক্তিৰ উদ্ভাৱনী শক্তি – মই
জাতীয় অখণ্ডতাৰ ভাব ধাৰাৰে উদ্বুদ্ধ ময়েই যুৱ শক্তি।

লক্ষ্য মোৰ দেশক উজলাই তোলাৰ
স্বাৱলম্বিতাৰে দেশৰ অৰ্থনীতি।
লক্ষ্য মোৰ আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ
” ষ্টৰ্ট আপ ইণ্ডিয়া”ৰ সফল পৰিণতি।

মোৰ কৰ্মস্পৃহা, সহযোগিতা আৰু মেধাই
দেশক দিব নতুন পৰিচয়।
মোৰ যোগাত্মক শক্তিশালী পদক্ষেপ
বহনক্ষম ভৱিষ্যতৰ বাণী।

মই এক মানৱ সম্পদ
শান্তি প্ৰতিষ্ঠা মোৰ কাম্য।
মিত্ৰতাৰে জিনিম ৰণ নীতি।
অনাগত ভৱিষ্যতৰ প্ৰতিধ্বনি।

প্ৰকৃতি মোৰ আই
দায়বদ্ধ মই আই প্ৰতি!
সমতুল কৰি ৰাখিম ভাৰসাম্য
বহনক্ষম ভৱিষ্যতৰ দৃষ্টিভংগী।