জল জীৱন মিছনৰ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

p.cthe sentinel assam

জল জীৱন মিছনৰ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  পানী বিশুদ্ধকৰণ সম্পৰ্কীয় এক প্রশিক্ষণ কার্যসূচী ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অধীনত আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নাৰায়ণ চন্দ্ৰ তালুকদাৰে কী ৰিছাৰ্চ চেণ্টাৰ ফৰ ইম্পাৰটিং কেপাচিটী বিল্ডিং শীর্ষক এই প্রশিক্ষণ কাৰ্যসূচীটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।ভাষণ প্ৰসংগত উপাচার্যগৰাকীয়ে এই প্ৰশিক্ষণৰ জৰিয়তে জনসাধাৰণৰ বিশুদ্ধ পানীৰ সমস্যা বহু পৰিমাণে হ্রাস কৰিব বুলি আশা প্রকাশ কৰি পানীৰ সদ্ব্যৱহাৰ, সংৰক্ষণ আৰু বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সহায়ক হোৱাৰ আশা কৰে। লগতে ই এক সজাগতামূলক প্রশিক্ষণ বুলিও মন্তব্য আগবঢ়ায়। উল্লেখ্য যে এই চাৰিদিনীয়া প্ৰশিক্ষণত কামৰূপ জিলাৰ বিভিন্ন ব্লকৰ ৬০গৰাকী প্ৰশিক্ষার্থী অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শুভাৰম্ভ কাৰ্যসূচীত ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অধীক্ষক অভিযন্তা নির্মল শর্মা, জিলা সমন্বয়ক জলি চাংমাই কলিতা আৰু ডাউন টাউন দাতব্য ন্যাসৰ মেনেজিং ট্রাষ্টী জোতিস্মান দত্ত উপস্থিত থাকে।