মৰিগাঁও জিলাত ধান ক্ৰয় কৰা কাৰ্যসূচী

মৰিগাঁও জিলাত ধান ক্ৰয় কৰা কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সম্ভু কুমাৰৰ নেতৃত্বত মৰিগাঁও জিলাৰ অন্তৰ্গত গেৰুৱাত উপস্থিত হৈ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় কৰি থকা ব্যৱস্থা বিষয়ে বুজ লয় ৷লগতে খেতিয়কৰ ঘৰে ঘৰে গৈ তেওঁ মনৰ কথা বুজ লোৱাৰ লগতে তাততলা ধান ক্ৰয় কেন্দ্ৰত গৈ পৰিদৰ্শন কৰে ৷ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক উপসভাপতি ক্ৰমে ৰনজিৎ ভট্টাচাৰ্য, ভাস্কৰ দাস,সাধাৰণ সম্পাদক ক্ৰমে নিবাৰণ লহকৰ আৰু ইন্দ্ৰানী তহবিলদাৰ,সম্পাদক ভাস্কৰ হাজৰিকা,মৰিগাঁও জিলাৰ সভাপতি দুলাল ব্ৰহ্ম সহ ৰাজ্যিক-জিলাৰ বিষয়ববীয়া উপস্থিত থাকে ৷ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰাৰ লগতে এই ব্যৱস্থাৰ জৰিয়তে অসমৰ কৃষক ৰাইজ অধিক উৎসাহিত হোৱা বুলি মত পোষণ কৰে ৷অসম এখন কৃষি প্ৰধান ৰাজ্য ৷ৰাজ্য খনক এখন আত্মনিৰ্ভৰশীল ৰাজ্য গড় দিবলৈ এই কৃষিৰ লগত জড়িত থলুৱা কৃষক সকলক অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি এনেকুৱা ধৰনৰ জন কল্যাণমুখী আঁচনি লৈছে বুলি মত পোষণ কৰে কৃষকমৰ্চাৰ ৰাজ্যিক উপ সভাপতি ৰনজিৎ ভট্টাচাৰ্যই৷