জনসমাগম আৰু অপৰাধ – শৈলেন কুমাৰ

জনসমাগম আৰু অপৰাধ 

-শৈলেন কুমাৰ, মিৰ্জা

যিজন ব্যক্তিৰ নিজস্বতা নাই,সেইজন ব্যক্তিয়ে ৰাইজৰ সমগম ( ভিৰ ) ৰ সংগী হয় ৷ ৰাইজৰ সমগমৰ সংগী হৈ অনুভৱ কৰে সকলো ঠিকে আছে,ৰাইজে কিবা কৈছে বা কৰিছে তেতিয়াহলে সকলো ঠিকে হৈ আছে ৷ ৰাইজৰ লগত আছোঁ যেতিয়া সুৰক্ষিত আছোঁ ৷ কিন্তু সমাজ আৰু ৰাইজক ভালকৈ নিৰীক্ষণ কৰাৰ প্ৰয়োজন,ভালকৈ নিৰীক্ষণ কৰি চালে উপলব্ধি কৰিব পৰা যায় ৰাইজ আৰু সমাজ ব্যৱস্থাৰ কথা ৷ কোনোবা মহৎলোকে কৈছিল,এজন ব্যক্তিয়ে কেতিয়াও অপৰাধ নকৰে,প্ৰত্যেক অপৰাধ ৰাইজৰ আৰু সমাজৰ জন সমগমৰ দ্বাৰা কৰা হয় ৷ আৰু পৃথিৱীৰ আটাইতকৈ জঘন্য অপৰাধ ব্যক্তিয়ে নকৰে ৰাইজৰ জনসমগমে ( ভিৰ) ৰ দ্বাৰা কৰা হয় ৷ ব্যক্তিয়েও অপৰাধ তেতিয়া কৰে যেতিয়া ৰাইজ আৰু সমাজৰ ভিৰে মনত ঘৰ কৰে ৷ যদি বিশুদ্ধ নিজস্বতা আছে তেতিয়া ব্যক্তিয়ে অপৰাধ নকৰে ৷ যদি কৰোবাত গণপ্ৰতিবাদ মাৰপিট আদি হয় তেতিয়া এজন ভদ্ৰ ব্যক্তিয়েও গণপ্ৰতিবাদত জৰিত হৈ গণপ্ৰহাৰ কৰা দেখা যায় ৷ ওচৰচুবুৰীয়াৰ ঘৰ জ্বলাই দিব,কোনোবাক চোকা অস্ত্ৰৰে আঘাত কৰা,এই সকলোবোৰ কাম এজনে ব্যক্তিবিশেষৰ দ্বাৰা কৰা নেযায় বৰঞ্চ জন সমগমৰ ভিৰে কৰোৱাই ৷ অপৰাধী কোন জানেনে ? যাৰ মন অস্বস্থ হয় ৷ স্বস্থ মানে স্থিত হোৱা ৷ যিজন ব্যক্তি নিজৰ মাজত স্থিত সেইজনে স্বস্থ ৷ ৰোগী সেইজন যিজনে নিজস্বতাৰ পৰা বাহিৰত ওলাই গল আৰু ৰাইজ সমাজৰ গুলাম হ’ল ৷ যিজনৰ নিজস্বতা হেৰাই গ’ল সেইজনৰ স্বাস্থ্য হেৰাই গ’ল আৰু ৰাইজ জনসমগমৰ সংগী হ’ল ৷