পশ্চিম গুৱাহাটীত অসম চৰকাৰ কৃষিবিভাগ আৰু পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোঃ লিমিটেডৰ সহযোগত কৃষক সভা অনুষ্ঠিত 

পশ্চিম গুৱাহাটীত অসম চৰকাৰ কৃষিবিভাগ আৰু পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোঃ লিমিটেডৰ সহযোগত কৃষক সভা অনুষ্ঠিত 

মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপৰ জিলাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাত অসম চৰকাৰৰ কৃষি বিভাগৰ কামৰূপ জিলা অফিচৰ উদ্যোগত তথা পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সহযোগত এখনি কৃষক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থকা কৃষি বিভাগৰ বিভিন্ন বিষয় ববীয়া সকলে গড়গৰাৰ বহু সংখ্যক কৃষক ৰাইজক কৃষি সম্বন্ধীয় বিভিন্ন গুৰুত্বপূৰ্ণ উপদেশ তথা বিভিন্ন চৰকাৰী আচনি সম্পৰ্কে কৃষক সকলক অৱগত কৰাই। সভাত সভাপতিত্ব কৰা বিমলা প্ৰসাদ দেউৰীয়ে সভাৰ শেষত কৃষক ৰাইজক কৃষি সম্পৰ্কে বিভিন্ন উপদেশ দিয়াৰ সমান্তৰাল ভাৱে পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জড়িয়তে কৃষক সকলক সংগঠিত কৰি বিভিন্ন উন্নয়ন মূলক কাম কৰাৰ লগতে বহু নৱ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালক ফুলেন চন্দ্ৰ দাসৰ ভূয়সী প্ৰশংসা কৰে । উক্ত সভাত এ.ডি.এ কামৰূপৰ নডেল অফিচাৰ বিমলা প্ৰসাদ দেউৰী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য,পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি বিপুল কুমাৰ দাস,পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিতেডৰ সঞ্চালক ফুলেন চন্দ্ৰ দাস,ৰাণীৰ এ.ডি.ও বৰ্ণালী মেধী, হৰ্টী কাল্চাৰ বিভাগৰ মিতালী বৰদলৈকে আদিকে ধৰি আন আন বহু চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে । সভাৰ শেষত সভাত উপস্থিত থকা সমূহ ৰাইজক ধান কটা মেচিন প্ৰদৰ্শন কৰা হয় ।