চৰাইদেউ-শিৱসাগৰত সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰা হ’বঃশিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউত বানত ক্ষতিগ্রস্ত শিক্ষার্থীৰ পাঠ্যক্ৰম আৰু ভৱিষ্যতক লৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিলে বিশেষ নির্দেশনা। শিৱসাগৰ আৰু চৰাইদেউত বানে স্কুলসমূহ উটুৱাই নিয়াৰ লগতে শিক্ষাৰ্থীৰ কিতাপ-বহী, প্রমাণ-পত্ৰ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলোৱাৰ ফলত এইসকল ছাত্র-ছাত্রীক কি ধৰণে আগুৱাই নিয়া হ’ব, তাক লৈ চলি থকা চৰ্চাৰ মাজতে শিক্ষামন্ত্রী ডাঃ পেগুৱে বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়- ৰাজ্য চৰকাৰে বিষয়টোক লৈ ইতিমধ্যে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। সেই অনুসৰি যি স্থানত বিদ্যালয়সমূহ সুৰক্ষিত হৈ আছে, তাত আগষ্ট মাহৰ পৰা পাঠদান আৰম্ভ কৰা হ’ব। আনহাতে, যিসমূহ অঞ্চলত বিদ্যালয় ধ্বংস হৈছে বা খুলিব পৰা অৱস্থাত নাই, তেনে অঞ্চলৰ ছাত্র-ছাত্রীক বিদ্যালয় নোখোলাপর্যন্ত শিক্ষকে ঘৰে ঘৰে গৈ পাঠ্যপুথি আৰু বহী যোগান ধৰিব। প্রাথমিক, উচ্চ প্রাথমিকৰ লগতে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰে কি ধৰণৰ অধিক উন্নত ব্যৱস্থা ল’ব পৰা যায়, তাক লৈও আলোচনা চলি থকা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰে। সংবাদ মাধ্যমৰ আগত আজি মন্ত্রী ডাঃ পেগুৱে কয়- শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে। অৱশ্যে কিছু কিতাপ নতুনকৈ ছপা কৰিব লগাৰ বাবে অলপ সময়ৰ প্ৰয়োজন হ’ব যদিও বাকী পাঠ্যপুথিসমূহ আগষ্ট মাহৰ প্ৰথম সপ্তাহতহে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব পৰা যাব। এই জিলা দুখনত ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ বিনামূলীয়া ইউনিফর্মো যোগান ধৰা হ’ব। মন্ত্ৰীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে জিলা দুখনৰ বহু অঞ্চললৈ এতিয়াও শিক্ষা বিভাগৰ লোক উপস্থিত হৈ ক্ষতিগ্রস্ত বিদ্যালয়ৰ সংখ্যা অথবা অৱস্থাৰ বুজ ল’ব পৰা নাই। পৰিস্থিতি কিছু স্বাভাৱিক হ’লে এই সন্দর্ভত বিভাগে সকলো দিশ পৰিদৰ্শন কৰি ব্যৱস্থা গ্রহণ কৰিব। আগষ্ট মাহৰ প্ৰথম ভাগত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজেই বানপীড়িত অঞ্চলত উপস্থিত হ’ব বুলিও আজি উল্লেখ কৰে। ইফালে, অষ্টম, নৱম, দশম শ্রেণীত যিসকল ছাত্র-ছাত্রী আছে, সেই ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ শিক্ষা বিভাগকো ক্ষতিগ্রস্ত শিক্ষার্থীক কি ধৰণে সহায় কৰিব পৰা যায়, তাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়া হৈছে।
