ড০ কংকনা মেধিৰ নৱতম উপন্যাস ‘প্ৰেম বৈৰাগ্য’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চিন্তাশীল লেখিকা তথা ঔপন্যাসিকা ড০ কংকনা মেধিৰ নৱতম উপন্যাস ‘প্ৰেম বৈৰাগ্য’ মায়ঙত এক বৰ্ণাঢ্য অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চিন্তাশীল লেখিকা, উপন্যাসিকা ড০ কংকনা মেধিৰ নৱতম উপন্যাস “প্ৰেম বৈৰাগ্য” উন্মোচন কৰি বিশিষ্ট সাহিত্যিক তথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে কয় যে অসমীয়া সাহিত্যৰ জগতখনত কংকনা মেধি যে এগৰাকী ভাল লেখিকা হিচাপে সুপৰিচিত আৰু প্ৰতিষ্ঠিত হ’ব সেই কথা তেওঁ কংকনা মেধিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই লিখা প্ৰথমখন উপন্যাস “শব্দহীন নূপুৰ” পঢ়িয়েই অনুধাৱন কৰিব পাৰিছিল আৰু সেয়ে তেওঁ কংকনা মেধিৰ প্ৰতিখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানতে উপস্থিত থাকিবলৈ চেষ্টা কৰি আহিছে। ড০ কংকনা মেধিৰ এই নতুন উপন্যাস খনত প্ৰেমক এক নতুন দৃষ্টিভংগীৰে চোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াসে পঢ়ুৱৈক এক নতুন সত্য তথা নতুন উপলব্ধিৰ সন্ধান দিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু, অধ্যাপক ড০ অৰূপ কুমাৰ হাজৰিকাই কংকনা মেধিৰ চিন্তাৰ গভীৰতা আৰু সৃষ্টিশীল প্ৰতিভাক ভূয়সী প্ৰশংসা কৰে আৰু নৱতম এই উপন্যাসখনত কংকনাই কৰা প্ৰেমৰ নতুন বিশ্লেষণে পঢ়ুৱৈক চিন্তাৰ সুৰাক যোগাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰকাশন উপসমিতিৰ উপ সভাপতি ৰাতুল গোস্বামী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক তথা সাপ্তাহিক বাতৰিকাকত “ৰঙিলী বাৰ্তা”ৰ স্বত্বাধিকাৰী তথা মূখ্য সম্পাদক ড০ উদ্দীপ্ত নয়ন মেধি আৰু ড০ জয়ন্ত ডেকা দেৱেও ড০ কংকনা মেধিৰ চিন্তা-চেতনা আৰু সৃষ্টিশীল প্ৰতিভাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ উৎপল নাথে । অনুষ্ঠানত কংকনা মেধিৰ সুযোগ্য পিতৃ, কৃতি শিক্ষক দীপক মেধি, সুযোগ্যা মাতৃ জৱা মেধিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
