ৰাজধানী দিল্লীত উজ্বলিল অসমৰ কাৰাটে খেলুৱৈ মিঠু দাস

ৰাজধানী দিল্লীত উজ্বলিল অসমৰ কাৰাটে খেলুৱৈ মিঠু দাস,সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ

মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লীত পুনৰ জিলিকি উঠিল অসমৰ সন্তান। দিল্লীত অনুষ্ঠিত হোৱা চতুৰ্থ তম নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ-২০২৬ ত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে উদীয়মান কাৰাটে খেলুৱৈ মিঠু দাসে। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভাগৱতীপাৰা ভুৰাপাৰা প্ৰথম চুবাৰ বাসিন্দা নয়ন দাস আৰু প্ৰণিতা দাসৰ একমাত্ৰ সুযোগ্য সন্তান মিঠু দাসে প্রতিযোগিতাখনৰ ১৪ বছৰ অনুৰ্দ্ধ জুনিয়ৰ শাখাত এই সফলতা অৰ্জন কৰে। উল্লেখ্য যে, এয়া মিঠুৰ প্ৰথম সফলতা নহয়; ইয়াৰ পূৰ্বেও তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক বুটলি নিজৰ প্ৰতিভাৰ পৰিচয় দি থৈছে। অসম অলিম্পিক সন্থাৰ অধীনস্থ তথা সদৌ অসম কাৰাটে সন্থাৰ সৈতে জড়িত গুৱাহাটী কাৰাটে সন্থাৰ সদস্য ‘আসাম স্পৰ্টছ কাৰাটে একাডেমী’ ৰ উদ্যোগত অসমৰ খেলুৱৈ দলটোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। দক্ষ প্ৰশিক্ষক ভাস্কৰজ্যোতি সাউদৰ নেতৃত্বত যোৱা ৭ জনীয়া অসমৰ কাৰাটে দলটোৱে দিল্লীত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে। দলটোৱে সৰ্বমুঠ:২ টা সোণৰ পদক ৪ টা ৰূপৰ পদক আৰু ১ টা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়।মিঠু দাসৰ লগতে অসম দলটোৰ এই অভূতপূৰ্ব সাফল্যত এতিয়া সমগ্ৰ পলাশবাৰী অঞ্চলৰ লগতে ৰাজ্যজুৰি আনন্দৰ লহৰ উঠিছে। বিভিন্ন দল-সংগঠন তথা ক্ৰীড়াপ্ৰেমীয়ে উদীয়মান খেলুৱৈগৰাকীৰ লগতে সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।