চৰকাৰ বিৰোধীৰ হ’বঃঅখিল গগৈ

চৰকাৰ বিৰোধীৰ হ’বঃঅখিল গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগ্জিট প’লক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা অখিল গগৈয়ে এগ্জিট প’ল প্রসংগত কয়- এগ্জিট  প’লে যি সমীক্ষা আগবঢ়ায়, তাক কৰি থাকক। কিন্তু এইবাৰ অসমত বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত। এক ভিডিঅ’ বার্তাত অখিল গগৈয়ে উল্লেখ কৰে- এগজিট প’ল প্ৰকাশৰ বিষয়টো আঁতৰাই বিৰোধী সকলো দলেই ষ্ট্ৰংৰুমসমূহ পহৰা দি থাকিব লাগে। আমি তথা ৰাইজৰ দল নিশ্চিত হৈ আছোঁ যে ২০২৬ চনৰ বিধানসভা নির্বাচনত অসমৰ মানুহে পৰিৱৰ্তনৰ বাবে ভোটদান কৰিছে। এইবাৰ বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব, ৰাইজৰ জয় হ’ব। বিজেপি চৰকাৰৰ যি তিতা-কেঁহা ৰাইজে পাইছে, বিজেপি চৰকাৰৰ পৰা ৰাইজে যি অত্যাচাৰ পাইছে, বিজেপি চৰকাৰৰ পৰা যি দমন-শোষণ, ভাবুকি পালে ইয়াক নাইকিয়া কৰিবলৈ নিৰ্বাচনত অসমৰ ভোটাৰ ৰাইজে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থনত ভোটদান কৰিছে। সেইকাৰণে এগ্জিট প’লে যিয়েই নকওক, বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত। এগ্জিট প’লে সাধাৰণতে চৰকাৰী পক্ষত কথা কয়। কাৰণ এগ্জিট প’ল প্ৰকাশ কৰা সংস্থাসমূহে অসমৰ যিমানসংখ্যক ভোটাৰে ভোট দিছে, আটাইবোৰৰ মতামত নলয়। তেওঁলোকে কেৱল ৫-৬ হাজাৰ মানুহৰহে মতামত গ্ৰহণ কৰে। গতিকে এইখিনি ভোটাৰৰ মতামতৰ ওপৰত ভিত্তি কৰি অসমৰ জনগণৰ মতামত হ’ব নোৱাৰে। সেইকাৰণে সেই সংস্থাসমূহে ছেম্পল ছাৰ্ভেৰ জৰিয়তে যিয়েই নকওক কিয়, সেয়াই সম্পূর্ণ শুদ্ধ বুলি ভাবি থকাটো এক অবিজ্ঞানসম্মত কথা। অখিল গগৈয়ে কয়- মোৰ গোটেই জীৱনৰ দীঘলীয়া আন্দোলন তথা জনতাৰ লগত থকা সম্পৰ্কৰ পৰা ক’ব পাৰোঁ যে এইবাৰ নির্বাচনত অসমৰ ৰাইজে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ দৰে পৰিৱৰ্তনৰ বাবে ভোটদান কৰিছে। এইবাৰ নির্বাচনত অসমৰ ৰাইজে চৰকাৰ সলনি কৰিবৰ বাবে ভোটদান কৰিছে। সেয়েহে সকলোকে মই ধৈর্য ধৰি অপেক্ষা কৰিবলৈ আহ্বান জনাইছোঁ। প্রকাশ হোৱা এগ্জিট প’লে সাধাৰণতে বিজেপি চৰকাৰৰ পক্ষত কথা কোৱাটো নিশ্চিত। এগ্জিট  প’লৰ ফলাফল শুনি কোনো বিৰোধী দলে ভয় খাব নালাগে।