ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ” পৰিৱেশ আইন আৰু প্ৰদূষণৰ প্ৰভাৱ’ শীর্ষক সজাগতা সম্পন্ন

ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ” পৰিৱেশ আইন আৰু প্ৰদূষণৰ প্ৰভাৱ’ শীর্ষক সজাগতা সম্পন্ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ” পৰিৱেশ আইন আৰু প্ৰদূষণৰ প্ৰভাৱ’ শীর্ষক সজাগতা সভাখনি আজি মোহনাঘাটস্থিত আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয়ত অনুষ্ঠিত হয়। মাদ্ৰকদব্য সেৱন আৰু ড্ৰাগছৰ কবলত পৰি সামাজিক বাতাৱৰণৰ শৃংখলা বিঘ্নিত হোৱাৰ লগতে উঠি অহা প্রজন্মলৈ ভাবুকি আনিছে । ড্ৰাগছৰ সৰবৰাহকাৰী আৰু সেৱনকাৰীক আৰক্ষীয়ে আটক কৰি আহিছে যদিও অজিও সামাজিক ব্যাধি হ্রাস হোৱা পৰিলক্ষিত হোৱা নাই। নিচাশক্ত এই মাৰাত্মক প্ৰাদূৰ্ভাৱ নিৰ্মূলৰ বাবে “ডন এ ড্ৰাগছ ফ্ৰী ভাৰত আঁচনি, ২০২৫-ৰ অধীনত ‘পৰিৱেশ আইন আৰু প্ৰদূষণৰ প্ৰভাৱ’ শীর্ষক সজাগতা সভাখনি সম্পন্ন হয়। স্থানীয় পি.এল.ভি. কৰ্মী প্ৰশান্ত শইকীয়াই আঁতধৰা সভাত কেইবাগৰাকীও সন্মানীয় ব্যক্তি উপস্থিত থাকে। এই সভাত সমল ব্যক্তিৰূপে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমিৰ শৈক্ষিক মূৰব্বী তথা ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকি- ড্রাগছ সেৱনৰ প্ৰৱণতাই সামাজিক সমস্যা সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ হ’লে সমাজৰ সৰ্বসাধাৰণ ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাই নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে বেছিকৈ এই নিচাযুক্তৰ প্ৰতি আসক্ত হোৱাত ব্যাধি নিৰ্মূলৰ বাবে পৰিয়ালৰ লোকসকলে নিজৰ সন্তানৰ আচাৰ-ব্যৱহাৰ আৰু আচৰণ সন্দৰ্ভত সজাগ হোৱাৰ লগতে সমাজৰ সচেতন লোকসকলে সতর্কতা অৱলম্বন কৰিলেহে ইয়াৰ সমাধান সম্ভৱ হ’ব বুলি কয়। আনহাতে মাৰাত্মক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বেহা আৰু সেৱন সন্দৰ্ভত বৰবৰুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আশা চুপাৰভাইজৰ মমী গগৈয়ে ছাত্ৰ- ছাত্ৰী সকলক কেইবাটাও গল্পৰ জৰিয়তে মাৰাত্মক ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে বক্তব্য ৰাখে। ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকে যদিও নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্তি সমাজৰ বাবে বিষবাষ্প হৈ ঠিয় দিয়া বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু শিক্ষক- শিক্ষয়ত্ৰী সকলৰ লগতে চুবুৰীয়া সকলোৱে সজাগতা আৰু সচেতনতাৰ জৰিয়তে এই ব্যাধি হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি কয়। তেওঁ বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিষয়ে উল্লেখ কৰি শেহতীয়াকৈ নৱ প্ৰজন্মৰ বাবে মোবাইল ফোনটো মাৰাত্মক ড্ৰাগছৰ দৰেই প্ৰভাৱ পেলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয়ৰ কৃতি শিক্ষক চন্দন ফুকনে ড্ৰাগছৰ ভয়াবহতাৰ আৰু নিৰ্মুলতাৰ সন্দৰ্ভত শিশুৰ পৰাই সজাগতা বৃদ্ধি কৰিব লাগিব বুলি কয়। এইক্ষেত্ৰত ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণে শিক্ষানুষ্ঠান সমূহত এনেদৰে সজাগতা সভা অনুষ্ঠিত কৰি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা বুলি কয়। সভাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই ব্যাধি নিৰ্মূলৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰি স্থলিতে সমল ব্যক্তি ভাষণৰ ওপৰত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰি বিভাগীয় ফালৰ পৰা সন্মান প্ৰদান কৰা হয়। সভাত শতাধিক ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অবিভাৱক উপস্থিত থাকে।