চিকিৎসক অংকিতা বাইদেউ
বাহাৰুল ইছলাম
লাহে লাহে আন্ধাৰ নামি আহিছিল। টিকটিকিয়া ৰঙা বেলিটোৱে নিজকে লুকুৱাবলৈ যো-জা কৰিছে। নৈ খনৰ পাৰত তাই ৰৈ এতিয়াও অতীতৰ শিহৰণকাৰী নিষ্ঠুৰ সময়ৰ কথাবোৰ ভাবি আছে। তাই জীৱনত পোৱা শোকটোৱে তাক সকলো ঠাইতে এতিয়াও খেদি ফুৰে। অতীতক পাহৰিব পাৰি জানো? তাইৰ অতীতে বাৰে বাৰে তাইক দুৰ্বল কৰি পেলায়। কি নাই তাইৰ, সকলো উভৈনদী থকাৰ পিছতো তাই কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে। এক অনন্য জীৱনৰ মাদকতা উপভোগ কৰি তাই আগুৱাই গৈছে দিন বাগৰি।
তেতিয়া অংকিতাৰ বয়স বাৰ বছৰ। মিঠা বৰণীয়া সুন্দৰী ছোৱালী তাই। ভাই-ভনী দুয়ো চৰকাৰী বিদ্যালয়ত পঢ়ে। তাই সপ্তম শ্ৰেণীত আৰু ভাইটি প্ৰদীপ দ্বিতীয় শ্ৰেণীত পঢ়ি আছে। কোনো মাটি সম্পত্তিও নাই কোনো উপাৰ্জনো নাই। একমাত্ৰ দেউতাকেই দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছে। সন্ধিয়া বেলি ডুবু ডুবু। দেউতাৰা হাজিৰা কৰি আহিছে। মাকে গা ধুওৱা পানী গৰম কৰি ৰাখিছে। কোনোমতে গা ধুই আহিছে। কঁপি আছে মানুহ জন। মাকে সাউৎকৰে ধৰি পৰি যোৱাৰ পৰা ৰক্ষা কৰিলে। অত্যন্ত জ্বৰ। মূৰত পানী দিলে কিন্তু কোনো সলনি নহ’ল। উপায় নেপাই সম্পৰ্কীয় খুৰাকৰ পুত্ৰ ৰাতুলৰ ইণ্ডিকা খন তাই আনিবলৈ গ’ল। তেতিয়া ৰাতুলে মদ খাই আছিল। লম্পট ৰাতুলৰ চকু ৰঙা হৈ পৰিল।
: ৰাতুল দা,ৰাতুল দা দেউতাকৰ বৰ অসুখ। আপোনাৰ গাড়ীখন লৈ ব’লক। চহৰৰ কোনোবা এখন হস্পিটেলত লৈ যাব লাগিব।
: মই যাব নোৱাৰিম,তহঁতৰ ঘৰত আগৰ ভাড়াই পাওঁ পাঁচ হাজাৰ টকা। দিম দিম বুলি কৈ এতিয়ালৈকে এটকাও নিদিলে। দুই-তিনিবাৰ লৈ গলোঁ। এইবাৰ আৰু নহ’ব।
: তেনেকৈ নক’ব দাদা। আমাৰ কোনো নাই নহয়। এনেকুৱা সময়ত কোনে আমাক অকণমান সহায় কৰিব। আপোনাক মই মাফ খুজিছোঁ, এইবাৰ লৈ যাওক। যিকোনো প্ৰকাৰে আমি আপোনাৰ টকাখিনি পৰিশোধ কৰিম।
: উপায় এটা আছে,তই মোৰ ওচৰত আহ, মই তোক অলপ আদৰ কৰিম পিছলৈ তোৰ কথা ৰাখিম।
: এনেকুৱা কৰিব নাপায় নহয় দাদা। আপোনাক অনুৰোধ কৰিছোঁ এইবোৰ নকৰিব। ব’লক না দাদা। আপুনি যদি আমাৰ নিজ দাদা হ’লেহেতেঁন!
: সেইবোৰ মই বুজি নাপাওঁ,আহ যদি আহ ওচৰলৈ আহ।
এনে ফুলকোমলীয়া বয়সত তাইক এক প্ৰকাৰ উপৰি পৰি ধৰ্ষণ কৰিলে লম্পট ৰাতুলে। তাইৰ চকুলো বৈছে কিন্তু তাই অপাৰগ। হস্পিটেলত লৈ গ’ল। দূৰ্বল হোৱা হেতুকে জ্বৰে বৰকৈ থিতাপি ল’লে আৰু চিকিৎসা চলি থাকিল দহ দিনলৈ। দহ দিনৰ খা-খৰছ দিলে ৰাতুলে। কিন্তু কিয় দিলে সেয়া যেন এক ৰহস্য হৈয়ে ৰ’ল। মাক লগত হস্পিটেলত দেউতাকৰ সৈতে আছে আনহাতে ঘৰত ভাই-ভনী দুয়ো আছে। ৰাতুলে ঘৰৰপৰা হস্পিটেলৈ অহা-যোৱা কৰে নিতৌ। সি গাঁৱৰ আৰু দুই -তিনি ছোৱালীক প্ৰেমত ছলনা কৰি আহিছে। ত্ৰিছ বছৰীয়া মদাহী। মেট্ৰিক দুই-তিনি বাৰ ফেল মাৰি দেউতাক ঢুকুৱাত চাৰি-পাঁচ বিঘা মাটিৰ মালিক হৈ জঘন্য কামবোৰ কৰি গৈছে। বিয়া নকৰা ৰাতুলে নিজৰ মাকৰ পৰা বেলেগে ৰান্ধি খায়। আপোন মাক জনী বহুত দুখেৰে জীয়াই আছে। সি এতিয়া অংকিতাক ধৰ্ষণ কৰাৰ সুযোগ বিচাৰিছে বৰকৈ। উপৰি পৰি ধৰ্ষণ প্ৰতিদিনে কৰিছে।
তাই কাক ক’ব, কি ক’ব। কৈ দিয়ে যদি হস্পিটেলৰ খৰছ আৰু অহা-যোৱা আনকি খা-খবৰ কোনে দিব। এইবোৰ ভাবি তাইৰ বেদনাবোৰ হৃদয়ত চাপি ৰাখিছে। স্বাৰ্থপৰ মানুহে কোনো বেদনা নুবুজে। নুবুজে আবেগ নুবুজে যন্ত্ৰণা। এই ফুলকোমলীয়া বয়সত তাইৰ বেদনাবোৰ ক’ত ৰাখিব,কি কৰিব কোনো উপায় নেপাই অৱশেষত লম্পটৰ কথাত একপ্ৰকাৰ সমৰ্থন কৰে। লম্পট ৰাতুলে তাইক প্ৰতিদিনে ধৰ্ষণ কৰিব ধৰিলে। বিনিময়ত হস্পিটেলত দেউতাকৰ খা-খৰছ যোগান ধৰে। এনেদৰেই ন দিন যোৱাৰ পিছত দশম দিন দেউতাৰা ঢুকাল। দুটা সন্তান,ঘৈনিয়েক আৰু নিজৰ মৰমেৰে ভৰা পঁজা ঘৰখনৰ বোজা টানি টানি জীৱনৰ ৰঙবোৰ হেৰাই গ’ল। নিঃসংগ হৈ পৰা ঘৈনিয়েকৰ মনৰ উমান পাওঁতাও কোনো নাই। কি আশাৰে মানুহে সন্তান ডাঙৰ-দীঘল কৰে? কিয় কৰে? কেৱল দায়িত্ববোধৰ বাবেনে? এনে এশ-এবুৰি প্ৰশ্নই তাইক ভাৰাক্ৰান্ত কৰি তুলিলে। দুখীয়াৰ দুখ প্ৰতি পলে পলে। ভাইটি প্ৰদীপ স্কুলৰ পৰা আহোতে পথত এটি গাড়ীৰ খুন্দাত বৰকৈ আহত হয় আৰু দুইদিন হস্পিটেলত থাকি মৃত্যু বৰণ কৰে। তাতো যি খা-খৰছ তাক যোগান দিলে সেই লম্পটে। লম্পট ৰাতুল এইবাৰ আৰু ঘনিষ্ঠ হৈ পৰিল আৰু জঘন্য কামবোৰ কৰি গৈছে দিনক দিনে।
লাহে লাহে তাইৰ দেহ-মনৰ পৰিৱৰ্তন ধৰা পৰিল মাকৰ চকুত। অৱশ্যে সেয়া দেৰি হৈ গৈছে। এইবাৰ তাইৰ বমি ভাৱ। ডাক্তৰ দেখুৱালে পজিটিভ দেখুৱালে। মাকে তাইক ধমকি দিয়াতহে জুলুঙাৰ মেকুৰী ওলাল। লম্পট ৰাতুলে কিয় ইমান সহায় কৰিলে সেই কথা বুজিবলৈ বাকী নাথাকিল। মাক সাউৎকৰে ৰাতুলৰ কাষলৈ আহিল।
: ৰাতুল, তুমি এইয়া কি সৰ্বনাশ কৰিলা। তোমাক ইমানকৈ বিশ্বাস কৰিছিলোঁ আৰু তুমি কি কৰিলা। এবৰ্চন কৰাৰ খৰছ বহন কৰিব লাগিব আৰু বয়সত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিব লাগিব অন্যথা মই থানালৈ যাম।
: যি কৰে কৰক, মই সেইবোৰত নাই। এবৰ্চন কৰাৰ খৰছ বহন কৰিব পাৰোঁ কিন্তু বিয়াৰ দায়িত্ব নলওঁ।
: চোৱা ৰাতুল, আমি দৰিদ্ৰতাৰ মাজতে ডুবি ডুবি দিনবোৰ কোনোমতে পাৰ কৰিছোঁ,তুমিতো জানাই। কথাখিনি গাঁৱত প্ৰচাৰ হ’বলৈ ধৰিছে। ছোৱালী জনীৰ ভৱিষ্যত কি হ’ব। বুজিবলৈ চেষ্টা কৰা।
: মোক সেইবোৰ কৈ লাভ নাই। মই এক কথাৰ মানুহ।
মাকে গাঁৱৰে সুতখোৰ মহাজনক গোটেই কথাবোৰ বিতংকৈ জনালে। মহাজনে সকলো বিচাৰ-আচাৰ কৰে। এতেকে উচিত ব্যৱস্থা কৰাৰ আশাত কাষ চাপিল। কিন্তু দুখীয়াৰ জানো প্ৰকৃত লগৰীয়া থাকে? সাম্প্ৰতিক বৰ বৰ কথা কোৱা প্ৰায় বেছি ভাগৰে অন্তৰত বেয়া মতলৱ থাকে। মহাজনে পিছদিনা সিহঁতৰ ঘৰলৈ আহিল আৰু অংকিতাৰ সৌন্দৰ্যৰ প্ৰতি নজৰ পৰিল। তেওঁ সকলো সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু থানাত যাব নালাগে বুলি কয়। ভয় দেখুৱাই ৰাতুলৰ পৰা এবৰ্চন কৰাৰ খৰছ লয় আৰু সমস্যা সমাধান কৰে। কিন্তু তাৰ লোভ থাকি গ’ল। মাজে সময়ে সি সিহঁতৰ ঘৰলৈ আহে আৰু কিছু সহায় কৰে। অংকিতাৰ পঢ়াৰ খবৰো লয়। এনেদৰে বাগৰিল তিনিটা বছৰ।
অংকিতাই মেট্ৰিক পৰীক্ষাত ডিষ্টিংচন নম্বৰ লৈ উত্তীৰ্ণ হয়। মাকে লোকৰ ঘৰত হাজিৰা কৰে। গাঁৱখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হোৱা হেতুকে এইবাৰ চুবুৰীয়া বাসী বেছি ভাগৰে দেহ-মন জ্বলিবলৈ ল’লে। এইবাৰ মহাজনে আহি উচ্চ শিক্ষাৰ খৰচ বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। মাকে অনবৰতে চকুলো টুকে কিন্তু এইবাৰ অকণমান শান্তি পালে। তাই চহৰৰ এখনি নামজ্বলা কলেজত নামভৰ্তি কৰে আৰু অতি সুন্দৰকৈ পঢ়া-শুনা কৰিব ধৰিলে। বুকু ভৰা বেদনা আৰু উচ্চ আকাংক্ষাই মানুহক উচ্চ শিখৰত আৰোহণ কৰে। সুতখোৰ মহাজনে দুটা বছৰ খৰছ বহন কৰে ঠিক কিন্তু অসম্ভৱ লোভ কৰিল। দ্বাদশ চুড়ান্ত বৰ্ষৰ পৰীক্ষা দি তাই ঘৰলৈ আহিছে। ফলাফল ঘোষণালৈ অপেক্ষা আৰু মেডিকেল টেষ্টৰ বাবে ঘৰতে প্ৰেক্টিছ আৰম্ভ কৰিলে। ইফালে মহাজনে এনে এটি সোণালী সুযোগৰ অপেক্ষা কৰি আছিল। তাৰ প্ৰকৃত চৰিত্ৰ আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰি কৈ পেলালে,” মই জানো, তুমি গম পাইছা। আৰু তাকে লৈ তুমি ছিৰিয়াছ নহ’বা। পৃথিৱীখন যিফালে ঘূৰিছে তুমি-মই-আমি সেইফালেই নুঘূৰিলে মুখথেকেচা খাই পদে পদে লাঞ্ছিতহে হ’ম। তোমাক মই বহুত সহায় কৰিছোঁ আৰু তাৰ বাবদ তোমাৰ পৰা কিবা লব’লৈ যোৱাটো জানো অপৰাধ?
: মই বুজা নাই খুড়া। আপুনি মোক দুটা বছৰে বহুত সহায় কৰিলে সঁচা কথা। আপুনি সকলোৰে সন্মুখত চিঞৰি চিঞৰি কৈছিল সহায় কৰাৰ কথা যাৰ বাবে মই চহৰত পঢ়িবলৈ গৈছিলোঁ। ভৱিষ্যত আপোনাৰ টকাখিনি পৰিশোধ কৰিম।
: শুনা বেয়া কামৰ বাবে যদি মান্তি নোহোৱা তেন্তে আন এটি অপচন আছে সেইয়া হ’ল, তুমি মোক বিয়া কৰোৱা কিয়নো যদিও বিছ বছৰ আগতে বিয়া কৰাইছোঁ, সন্তানৰ মুখ নেদেখেলোঁ। যিকোনো এটা মানি লোৱা।
: ছি: খুড়া। মই ভাবিছিলোঁ পৃথিৱীত অতি কম সংখ্যক মানুহ প্ৰকৃত মানুহ হৈ আছে আৰু তাৰ ভিতৰত আপুনি এগৰাকী। এতিয়া দেখিছোঁ —-
এনেতে মাক আহিল আৰু কি হ’ল সোধাত লজ্জাহীন মহাজনে সকলো খিনি ক’লে আৰু গোটেই খৰছৰ টকাখিনি সুতসহ ঘূৰাই দিবলৈ ভাবুকি প্ৰদান কৰে। সৰগ ভাগি মূৰত পৰিল। সিহঁত দুয়ো বৰ হতাশ হৈ বহি আছে একেথৰে। মহাজনে একমাহ সময় নিৰ্ধাৰিত কৰি গুচি গ’ল। ৰিজাল্ট আহিল। বিজ্ঞান শাখাৰ দ্বাদশ চুড়ান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লৈ উত্তীৰ্ণ হ’ল। বহুত মানুহ খবৰ ল’বলৈ আহিল। এইবাৰ আৰু কিছু মানুহৰ মনত হিংসাৰ জন্ম হ’ল। মাক-জীয়েকৰ মনত আনন্দৰ সলনি চকুলো। এইবাৰ অংকিতাৰ ওচৰত আহিল চহৰৰ সেই কলেজৰ এগৰাকী অধ্যাপক যিজনে অংকিতাক সঁচা অৰ্থত মৰম- স্নেহ কৰিছিল। কিয়নো এদিন অংকিতাই তেখেতক আৰ্থিক অৱস্থা আৰু মাকৰ কষ্টৰ কথা কৈছিল আৰু ফলাফলৰ পিছত খবৰ কৰিবলৈ আহিল সিহঁতৰ ঘৰত। মাকে লাজক এঘৰীয়া কৰি আদিৰ পৰা অন্তলৈকে বিতংকৈ জনালে। অধ্যাপক জনৰ দয়া ওপজিল আৰু নিজৰ টকাৰে মহাজনৰ সকলো টকা সুতসহ পৰিশোধ কৰিল। মানুহ গোট খালে আৰু কিয় বিয়া নকৰা অধ্যাপকে এইদৰে সহায় কৰিলে প্ৰশ্ন উত্থাপন কৰিলে। অধ্যাপক জনে সকলোৰে সন্মুখত তাইক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু একমাহ পিছত বিয়া কৰালে আৰু অংকিতাক পঢ়া-শুনা কৰাব ধৰিলে।
প্ৰতিভাৰ বিনাশ নহয় যদিহে উপযুক্ত পৰিৱেশ পায়। যিজনী ছোৱালীৰ সৰুতে সকলো শেষ হৈ গ’ল সেইজনী ছোৱালী এদিন দেশৰ নামজ্বলা ডাক্তৰ হৈ সমাজক দেখুৱালে অতি নিম্ন পৰ্যায়ৰ পৰা উচ্চ শিখৰত উপনীত হ’ব পাৰি । তাৰ বাবে লাগে কেৱল ধৈৰ্য, আত্মবিশ্বাস আৰু আপ্ৰাণ প্ৰয়াস। বহুত উচ্চ শিখৰত উঠিছে যদিও তাইৰ সৰু আৰু দৰিদ্ৰ লোকৰ প্ৰতি থকা সহানুভূতিৰ বাবে মাহত এদিন নিজৰ গাঁৱৰ দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। লগতে নিজৰ টকাৰে ঔষধ কিনি সেই সকলক বিনামূলীয়াকৈ দিছে। সকলোৰে প্ৰিয় চিকিৎসক অংকিতা বাইদেউ।
