আকৌ ফুলিল দুৱৰি – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

আকৌ ফুলিল দুৱৰি

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী 

বৰষুণজাক তেতিয়াও কমকৈ পৰি আছিল। খিৰিকীৰ কাষত থিয় হৈ দুৱৰিয়ে বাহিৰৰ নিবিড় অন্ধকাৰটোলৈ চাই আছিল। হাতত এতিয়াও ধোঁৱা ওলাই থকা চাহৰ কাপটো। চাহৰ বাষ্পখিনি যেন তাইৰ জীৱনৰ কুঁৱলীবোৰৰ দৰেই ওপৰলৈ উৰি গৈ শূন্যত বিলীন হৈ পৰিছিল।

মাত্ৰ এবছৰ আগলৈকে সকলো ঠিক আছিল। স্বামী জয়ন্ত চলিহা আছিল স্থানীয় হাইস্কুলৰ এজন আদৰ্শ শিক্ষক। শান্ত, সৰল আৰু মৰমিয়াল। কিন্তু এটা দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাই দুৱৰিৰ সজোৱা পৃথিৱীখন এক মুহূৰ্ততে তচনচ কৰি দিলেনে। জয়ন্তৰ আকস্মিক মৃত্যুৰ পিছত, যাৰ আশ্ৰয়ত তাই জীয়াই থকাৰ সপোন দেখিছিল, সেই শহূৰ-শাহুৱেকৰ ঘৰখন তাইৰ বাবে এক জীয়াতু নৰকলৈ ৰূপান্তৰিত হ’ল। “অপয়া”, “লক্ষ্মীছৰা” আদি লাঞ্ছনা আৰু তীব্ৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত দুৱৰিয়ে সেই ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ’ল।

চহৰৰ এটা সৰু উপপথত অৱস্থিত এই ভাড়াঘৰটোৱেই এতিয়া তাইৰ একমাত্ৰ ঠিকনা। কিন্তু নিয়তিৰ কি পৰিহাস, ইয়াতো যেন শান্তি নাই।

হঠাৎ দুৱাৰত টোকৰ পৰিল। দুৱৰি উচপ খাই উঠিল। এই অসময়ত কোন হ’ব পাৰে, তাই ভালদৰেই জানে।

দুৱাৰখন খুলিয়েই তাই দেখিলে ঘৰৰ মালিক ভবেন বৰুৱা থিয় হৈ আছে। বয়সৰ পঞ্চাছৰ দেউকা পাৰ হ’ব খোজা বৰুৱাৰ চকুত সদায় থাকে এটা লোলুপ, কুৎসিত দৃষ্টি। দুৱৰিৰ অপূৰ্ব যৌৱন আৰু অকলশৰীয়া অৱস্থাটোৱে বৰুৱাক উন্মাদৰ দৰে কৰি তুলিছে।

“কি লাগে বৰুৱা ডাঙৰীয়া? এই ৰাতিখন?” দুৱৰিয়ে নিজৰ কণ্ঠস্বৰ যিমান পাৰে দৃঢ় কৰি সুধিলে।

“নাই মানে, সুধিবলৈ আহিছোঁ— কিবা অসুবিধা হৈছে নাকি? অকলশৰীয়া তিৰোতা মানুহ, কিবা প্ৰয়োজন হ’লে মোক ক’বলৈ কুণ্ঠাবোধ নকৰিব। মই সদায় আপোনাৰ কাষত আছোঁ।” বৰুৱাৰ ভোকাতুৰ চকু দুটাই দুৱৰিৰ মুখমণ্ডল আৰু শৰীৰত যেন কামনাক হেঁপাহ পলুৱাই খপিয়াবলৈ ধৰিলে।

“একো অসুবিধা হোৱা নাই ধন্যবাদ। মই এতিয়া শুবলৈ যাম।” এইবুলি কৈ দুৱৰিয়ে বৰুৱাৰ উত্তৰলৈ বাট নোচোৱাকৈ দুৱাৰখন মুখতে জপাই দিলে। ভিতৰৰ পৰা খিলিখন লগাই দিওঁতে তাইৰ হাতখন কঁপি উঠিছিল। তাই বুজি পাইছে, বৰুৱাৰ এই ছদ্মবেশী ‘সহানুভুতি’ৰ আঁৰত কি কুৎসিত কামনা লুকাই আছে।

পাছদিনা পুৱা দুৱৰিয়ে এক নতুন সংকল্পৰে ঘৰৰ পৰা ওলাল। তাই অকল নতুন ভাড়াঘৰেই নিবিচাৰে, নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষয়িত্ৰী পদৰ বাবে আবেদন কৰিলে আৰু অৰ্হতাৰ ভিত্তিত নিযুক্তিও পালে। স্কুলৰ চাকৰিটো পোৱাৰ পিছত তাইৰ দিনবোৰ ব্যস্ততাৰে পাৰ হ’বলৈ ধৰিলে সঁচা, কিন্তু গধূলি হ’লেই বুকুখন উদং হৈ পৰে।

এদিন স্কুলৰ পৰা ঘৰলৈ উভতি আহোতে বৰষুণজাক বৰ জোৰকৈ আহিল। দুৱৰিয়ে আশ্ৰয় বিচাৰি ওচৰৰে এখন সৰু কিতাপৰ দোকানত সোমাই পৰিল— “বুক নেষ্ট”। দোকানখনৰ শান্ত পৰিৱেশ আৰু কিতাপৰ সুবাসে তাইৰ ভগ্ন মনটো কিছু শাত পেলালে।

“আপোনাক কিবা কিতাপ লাগে নেকি?”

পিছফালৰ পৰা এটা শান্ত আৰু গম্ভীৰ কণ্ঠস্বৰ ভাঁহি আহিল। দুৱৰিয়ে ঘূৰি চালে। প্ৰায় ৩২-৩৩ বছৰীয়া এজন ওখ-পাখ, চশমা পিন্ধা যুৱক। চকুত এক গভীৰ বুদ্ধিমত্তা আৰু চৰিত্ৰত এক সৰল শান্তভাৱ। তেৱঁই আছিল দোকানখনৰ গৰাকী অৰ্ণৱ বৰুৱা। অৰ্ণৱ কেৱল ব্যৱসায়ী নাছিল, তেওঁ আছিল এজন উদাৰমনা লেখক আৰু সমাজকৰ্মী।

সেইদিনাৰ বৰষুণজাকে দুয়োৰে মাজত এক অবুজ আত্মিক সংযোগৰ আৰম্ভণি কৰিলে। ইয়াৰ পিছত দুৱৰি প্ৰায়েই স্কুলৰ ছুটিৰ পিছত কিতাপৰ দোকানখনলৈ যাবলৈ ধৰিলে। অৰ্ণৱৰ কিতাপৰ প্ৰতি থকা অনুৰাগ আৰু তেওঁৰ কথাবতৰাৰ শালীনতাই দুৱৰিৰ মনৰ গভীৰ ক্ষতবোৰত মলম লগাবলৈ ধৰিলে। অৰ্ণৱে লাহে লাহে দুৱৰিৰ অতীতৰ সকলো কথা জানিলে। কিন্তু তেওঁ দুৱৰিক পুতৌ নকৰিলে, বৰঞ্চ তাইৰ এই যুঁজাৰু মানসিকতাক প্ৰাণভৰি সন্মান কৰিলে। অৰ্ণৱৰ চকুত দুৱৰিয়ে কেৱল এক “ধুনীয়া শৰীৰ” দেখা নাপালে, দেখিবলৈ পালে এগৰাকী নাৰীৰ প্ৰতি থকা সঁচা শ্ৰদ্ধা আৰু পবিত্ৰ প্ৰেম।

এদিন গধূলি, বতাহ-বৰষুণৰ মাদকতাৰ মাজতে অৰ্ণৱে দুৱৰিৰ হাতখন নিজৰ হাতৰ মুঠিত ল’লে। তেঁওৰ হাতৰ উমত দুৱৰিৰ হিয়াখন কঁপি উঠিল।

“দুৱৰি,” অৰ্ণৱে তাইৰ চকুলৈ চাই ক’লে, “তোমাৰ অতীতক মই সলনি কৰিব নোৱাৰোঁ। কিন্তু তোমাৰ ভৱিষ্যতৰ প্ৰতিটো ধুমুহাত মই তোমাৰ ছাঁ হৈ থিয় হ’ব খুজিছোঁ। তুমি মোক তোমাৰ জীৱনৰ সংগী হ’বলৈ অনুমতি দিবা?”

অৰ্ণৱৰ প্ৰেমৰ প্ৰস্তাৱে দুৱৰিৰ জীৱনলৈ এক অভূতপূৰ্ব বসন্ত নমাই আনিলে। অৰ্ণৱৰ পৰিয়ালেও দুৱৰিৰ অতীতক লৈ কোনো প্ৰশ্ন নোতোলিলে, বৰঞ্চ তাইৰ সৰলতা দেখি আনন্দৰে আদৰি ল’লে। চহৰৰ এখন সৰু মন্দিৰত, একেবাৰে আড়ম্বৰহীনভাৱে দুয়োৰে বিবাহ সম্পন্ন হ’ল। অৰ্ণৱে যেতিয়া দুৱৰিৰ কপালত সেন্দূৰ দিলে, দুৱৰিৰ চকুৰ কোণেদি বৈ অহা চকুলোখিনিত এতিয়া আৰু দুখৰ ছাঁ নাছিল, তাত আছিল এক পৰম তৃপ্তি আৰু চিৰন্তনী সুৰক্ষাৰ অনুভৱ।

লাহে লাহে দুবছৰ পাৰ হ’ল।

আজি বৰষুণজাক আকৌ জোৰকৈ আহিছে। কিন্তু আজি দুৱৰি অকলে খিৰিকীৰ কাষত থিয় হৈ থকা নাই। তাইৰ কাষত নিবিড়ভাৱে থিয় হৈ আছে অৰ্ণৱ। দুৱৰিৰ কোলাত খিলখিলকৈ হাঁহি থকা এটা ধুনীয়া কেঁচুৱা— সিহঁতৰ প্ৰেমৰ নতুন ঠিকনা, “প্ৰীতি”।

অৰ্ণৱে পিছফালৰ পৰা দুৱৰিক বুকুত সাৱটি ধৰিলে। বাহিৰত বৰষুণজাক পৰি গছ-লতাবোৰ আৰু বেছি সেউজীয়া হৈ পৰিছে। দুৱৰিয়ে অৰ্ণৱৰ বুকুত মূৰটো থৈ ভাবিলে— ধুমুহাই হয়তো জীৱনৰ সকলো উপচাই পেলাব পাৰে, কিন্তু যদি বিশ্বাস আৰু সঁচা প্ৰেম কাষত থাকে, তেন্তে মৰুভূমিতো আকৌ সেউজীয়া দুৱৰি বন জীপাল হৈ গজি উঠিব পাৰে।

(সমাপ্ত)