চানডুবিত এৰাতি- অঞ্জুমণি শইকীয়া

Pc TripAdvisor

চানডুবিত এৰাতি 

গুৱাহাটী বিমান বন্দৰৰ পৰা ৩৯ কি , মি , দূৰত অসম মেঘালয়ৰ সীমাত আছে চানডুবি ৷ ১২ – ৬ – ১৮৯৭ চনত প্ৰৱল ভূমিকম্পৰ ফলত পাঁচটা পাহাৰ ডুবি চানডুবি বিলৰ সৃষ্টি হয় ৷ “ চান’’  খাচীয়া শব্দ ৷ ইয়াৰ অৰ্থ পাঁচ ৷ চানডুবি অঞ্চলটো ৰাভা আৰু গাৰো জনগোষ্ঠীৰ বাসভূমি ৷ বিলখনৰ গাতে লাগি আছে ফৰেষ্ট আৰু টুৰিষ্ট অফিচ ৷ টুৰিষ্ট অফিচৰ পৰা ৭ কি , মি , দূৰত বাৰেগাও গাৰো গাঁৱত আছে চলকাদাৰ জলপ্ৰপাত ৷ গাৰো গাঁৱৰ পৰা ৫ কি , মি , দূৰত ৰাণীখামাত আছে কাফেদঙা জলপ্ৰপাত ৷

পৰ্যটকৰ লগতে পিক্ নিক আৰু শ্বুটিঙৰ বাবে চানডুবিত বহুত মানুহৰ সমাগম হয় ৷ প্ৰতি বছৰে ১ জানুৱাৰিৰ পৰা ৫ জানুৱাৰিলৈ চানডুবি উৎসৱ পালন কৰা হয় ৷ যাতায়াতৰ নামত চানডুবিলৈ দিনটোত এখন বাছহে অহা যোৱা কৰে ৷ বনৰীয়া হাতী থকাৰ কাৰণে সূৰ্যাস্তৰৰ আগে আগে চানডুবিত মানুহ ওলোৱা সোমোৱা বন্ধ হয় ৷ বনৰীয়া কুকুৰাৰ লগতে নানা ধৰণৰ চৰাই , অৰ্কিড , শাল , চেগুণ গছেৰে চানডুবি সৌন্দৰ্যৰে ভৰপূৰ ৷ ৰাষ্টাৰ দুয়োপাৰে থকা শাল , চেগুণৰ বৃহৎ গছবোৰত সংখ্যা লিখি চিন দিয়া আছে ৷ এটা সময়ত এই গছবোৰ চোৰাংকৈ কাটি নিছিল ৷ কিন্তু ৰাভা যুৱ সঙ্ঘ আৰু ৰাভা ৰাইজৰ তৎপৰতাত এই গছবোৰ পিছলৈ কোনেও কাটিব নোৱাৰা হ’ল ৷ তেওঁলোকৰ বাবেই এই মূল্যৱান গছবোৰ সংৰক্ষিত হৈ আছে ৷ ৰাভাসকলে ইয়াত বেলেগ মানুহক মাটি কিনিবলৈ নিদিয়ে ৷ বিলৰ সিপাৰে পাহাৰত গাঁৱৰ লগতে ৰিজৰ্ট ও আছে ৷ প্ৰয়োজন সাপেক্ষে নাৱৰ সহায়ত মানুহ ইপাৰ সিপাৰ হয় ৷ ইচ্ছা কৰিলে নাৱৰীয়াক ভাড়া দি বিলখন ফুৰিব পাৰে ৷

ৰাভা মানুহখিনি সহজ সৰল ৷ তেওঁলোকৰ ভাষ্য , গাঁৱত পুলিচ সোমাবলগীয়া ঘটনা নহয় ৷ গাঁৱৰ ৰাইজেই ৰজা ৷ উদাহৰণস্বৰূপে — কোনো ছাগলীয়ে যদি বেলেগ মানুহৰ ধান খাই , ধানৰ মালিকে ছাগলীটো মাৰি পেলাই খাব পাৰে ৷ ছাগলীৰ মালিকে মাংস খাবলৈ প্ৰয়োজনীয় দ্ৰব্যখিনি দিবলৈ বাধ্য ( নিমখ , হালধি , তেল আদি ) ৷ ধানৰ মালিকে মাংসৰ ভাগ ছাগলীৰ মালিকক দিবও পাৰে , নিদিবও পাৰে ৷ ছাগলীৰ মালিকে এই ক্ষেত্ৰত আপত্তি কৰিব নোৱাৰে ৷

ৰাষ্টাৰ কাষত কুঁৱা আৰু নল থকাৰ লগতে প্ৰায়বোৰ মানুহৰ ঘৰত কুঁৱা আৰু নল আছে ৷ জানিব পৰা মতে , মেঘালয়ৰ পৰা বৈ অহা নিজৰাৰ পানীৰ লগত সংলগ্ন কৰি ( মাটিৰ তলত ) নল বহুৱায় ৷ এই নলবোৰত গোটেই বছৰ জুৰি চৌবিশ ঘণ্টাই পানী ওলাই থাকে ৷ খৰালি পানী স্ফটিকৰ নিচিনাৰ বিপৰীতে বাৰিষা অলপ ঘোলা হয় ৷ ধান পকাৰ সময়ত হাতী খেদিবলৈ মানুহ টঙি ঘৰত থাকি লয় ৷ সৰহখিনি মানুহে তামোল বেচে ৷ পকী ঘৰেই হওক বা বাঁহৰ লিপা ঘৰেই হওক , চোতালখন মাজত থাকে ৷ চোতালৰ চাৰিওফালে ৰান্ধনীঘৰ ,চ’ৰাঘৰ , শুৱাঘৰবোৰ বেলেগ বেলেগ কৈ সাজে ৷ গাওঁবোৰ পৰিষ্কাৰ ৷ প্ৰত্যেক ঘৰৰ পদূলি মূৰত বা ৰাষ্টাৰ কাষত বাঁহৰ ডাষ্টবিন আছে ৷

টুৰিষ্ট অফিচৰ সন্মুখত সৰু বাঁহৰ দোকান কেইখনমান আছে ৷ মহিলা আৰু পুৰুষে দিয়া এই দোকানবোৰত ৰাভা সাজপাৰ , কণী , নানা বিস্কুট , গৰু গাখীৰ , দৈ চাহ , টেকেলি পিঠা পোৱা যায় ৷ অ’ আৰু এটা কথা ৷ টুৰিষ্ট অফিচৰ আগফালে সীমাৰ বেৰখনত এজোপা প্ৰকাণ্ড গছত লিখি থোৱা আছে “ ইয়াত এয়াৰটেল নেটৱৰ্ক পাব ( ইংৰাজীত ) এই গছজোপাৰ বিপৰীতে ৰাষ্টাৰ সিপাৰে বিলৰ পাৰত এজোপা ডাঙৰ গছত লিখা আছে “ ইয়াত জিঅ’ নেটৱৰ্ক পাব ৷“ তাৰ ইফাল সিফাল হ’লে সঁচাকৈয়ে নেটৱৰ্ক নাপায় ৷

যোৱা ২৯ জানুৱাৰিত চানডুবিলৈ গৈছিলো ৷ আমি যোৱাৰ দুদিনৰ আগত ক’ৰণাৰ বাবে জলপ্ৰপাতলৈ যোৱা আৰু নাৱত উঠা চৰকাৰে বন্ধ কৰিলে ৷ সেয়ে ৰাতিটো থাকি পিছদিনাই ঘূৰিলো ৷ তাত থকা সময়খিনিত দুই চাৰিঘৰ ফুৰা চকা কৰি যি দেখিলো , শুনিলো সেয়া নাম মাত্ৰহে ৷ মোৰ স্বামী চানডুবি টুৰিষ্ট অফিচত চাকৰি কৰা তিনি বছৰ হৈ গ’ল ৷ তেখেতৰ পৰাও চানডুবিৰ বিষয়ে আগতীয়াকৈ অলপ জানিছিলো ৷

অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ অসমৰ অন্যতম পৰ্যটনস্থলী চানডুবিলৈ পুনৰ যোৱাৰ হেঁপাহ বুকুত সাঁচি ৰাখিলোঁ ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি