গতি
বনজিত দাস
ৰিহাবাৰী , বজালী
এটাৰ পিছত আনটো গতি
তাতেই পৰে যতি
জীৱন নামৰ পথত
হাঁহিয়ো আছে, ব্যথাও অতি ।
বতাহে দিশ সলায়
সপোনে ৰূপ সলায়
শেষ নিশাৰ নিৰৱতাত
মাথো মনটোৱে কিবা কয় ।
জীৱন কেৱল আগবঢ়াই নহয়
কেতিয়াবা থমকি ৰোৱাটো এটা সত্য
সময়ৰ সোঁতত উটি ভাঁহি
হেৰাই বহুতো ভাষা ।
হাঁহিৰ আঁৰতো লকাই নিৰৱতা
অনেক নিৰৱতাৰ বুকুত
জমা হয় অসংখ্য অভিমান ।
গতিৰেই শিৰনত সমগ্ৰ জাতি
বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰন্তৰ স্থিতি ।
এটাৰ পিছত আনটো গতি
তাতেই পৰে যতি
অন্য এটা সূঁতি ।
