ইটালীত বিপুল আদৰণি ভাৰতৰ প্ৰধানমন্ত্ৰীক মোদীক
ৰঙিলী বাৰ্ত্তাসেৱা- ৫খন দেশৰ ভ্রমণসূচীৰ অন্তিম পর্যায়ত মঙলবাৰে ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইটালীত উপস্থিত হোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল’নিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম অভ্যর্থনা জনায়। দুয়ো একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিছত দুয়োগৰাকী নেতাই ৮০ খ্ৰীষ্টাব্দত নিৰ্মিত ৰোমৰ ঐতিহাসিক কল’ছিয়াম ভ্ৰমণ কৰে ৷ তাতেই তেওঁলোকে বহুতো বিষয়ৰ ওপৰত গভীৰ আলোচনা কৰা দেখা যায় ৷ ৰোমত পদার্পণ কৰাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাৰ্তা প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত প’ষ্ট কৰে। সেই প’ষ্টটোত মোদীক ‘বন্ধু’ বুলি উল্লেখ কৰে মেল’নিয়ে। সামাজিক মাধ্যমত ইতিমধ্যে দুই বন্ধুৰ একাধিক ছবি বিয়পি পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে যে মোদীয়ে ‘পার্লে’ৰ দ্বাৰা প্ৰস্তুত কৰা ‘মেল’ডি’ চকলেট উপহাৰ দিছে মেল’নিক। ইটালীত প্রধানমন্ত্ৰীৰ সৈতে তোলা একাধিক ছেল্ফিও সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। ইটালীৰ বিশ্ববিখ্যাত কলচিয়ামৰ সন্মুখত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এই ছেল্ফিয়ে ইতিমধ্যে ব্যাপক চর্চা লাভ কৰিছে। সামাজিক মাধ্যমত মেল’নিয়ে ‘মেল’ডি’ প’ষ্ট কৰি লিখিছে- ‘ৰোমলৈ স্বাগতম আমাৰ বন্ধু’। সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টোত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে- ‘প্রধানমন্ত্রী মোদীয়ে আমাৰ বাবে উপহাৰ আনিছে। খুবেই ভাল চকলেট, মেল’ডি।’ ইয়াৰ পিছতে দুয়োগৰাকী ৰাষ্ট্ৰ নেতাক সহাস্য বদনে দেখা যায়। মঙলবাৰে মোদীয়ে ৰোমৰ বিমানবন্দৰত উপস্থিত হোৱাত তেওঁক স্বাগতম জনাবলৈ তাত উপস্থিত হয় দেশখনৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক সম্পর্ক মন্ত্রী এন্ট’নিঅ’ টাজানি। প্রধানমন্ত্রী মোদীয়ে কয়, ‘মোক আৰু মোৰ প্ৰতিনিধি দলটোক প্ৰদান কৰা আদৰণিৰ বাবে মই প্রধানমন্ত্রী মেল’নিক ধন্যবাদ জনাইছোঁ। ৰোমক বিশ্বত ‘চিৰন্তন চহৰ’ হিচাপে জনা যায়। ভাৰতৰ মোৰ লোকসভা সমষ্টি কাশীকো একেদৰেই জনা যায়। যেতিয়া দুটা সভ্যতাৰ লগালগি হয় তেতিয়া আলোচনাৰ কেৱল এটা এজেণ্ডাত সীমাবদ্ধ নাথাকে। ইতিহাসৰ গভীৰতা, ভৱিষ্যৎ আভাস আৰু বন্ধুত্বৰ সৰলতা ইয়াত দেখিবলৈ পোৱা যায়।’ আনহাতে, ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল’নিয়ে কয়, ‘মই এই ঐতিহাসিক দিনটোত সঁচা অৰ্থত বিশ্বাস কৰোঁ যে আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এক গভীৰ সম্পৰ্ক আছে। মোৰ বন্ধু নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা ভাৰতক নেতৃত্ব দি আহিছে। দ্বিপাক্ষিক মিছন লৈ এয়া তেওঁৰ প্ৰথমটো ইটালী ভ্রমণ। ইয়াৰ পূৰ্বে ২০০০ চনত এগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে একেই মিছন লৈ ইটালীলৈ আহিছিল। আজি এই ভ্রমণে আমাৰ ব্যৱধানৰ মাজত কেৱল এখন সাঁকোৱে সৃষ্টি নকৰিব, তাৰ উপৰি আমি আমাৰ সম্পৰ্কক পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ মাজৰ সম্পৰ্কক সর্বোচ্চ পর্যায়লৈ নি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ভ্রমণ হৈছে আমি গঢ়ি তোলা এটা পথৰ শিখৰ।’

পাঁচদিনীয়া ভ্রমণসূচীৰে বিদেশলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে ইতিপূর্বে নৰৱে’, ছুইডেন, নেদাৰলেণ্ডছ, সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰি অৱশেষত ৰোমত উপস্থিত হয়। ইটালীৰ পৰাই তেওঁ ভাৰতলৈ উভতিব। তেওঁৰ এই ইটালী ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব বুলি ধাৰণা কৰে কূটনৈতিক মহলে। ২০২৪ চনৰ জুনত জি-৭ শীর্ষ সম্মিলনৰ পিছত মোদীৰ এয়া প্ৰথমটো ইটালী ভ্রমণ। ৰোমত অৱতৰণ কৰাৰ পিছতে এক্স প’ষ্টত মোদীয়ে লিখিছে- ‘এই ভ্রমণৰ মূল লক্ষ্য হ’ব ভাৰত-ইটালীৰ সহযোগিতা কিদৰে বৃদ্ধি কৰিব পৰা যায়। বিশেষকৈ ভাৰত-পশ্চিম এছিয়া-ইউৰোপ অর্থনৈতিক কৰিড’ৰ সম্পর্কত আলোকপাত কৰা হ’ব।’ বুধবাৰে ভিলা ডৰিয়া পামফিৰিত ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় মোদী। ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই দ্বিপাক্ষিক বৈঠক সন্দর্ভত মোদীয়ে কয়, ‘আমাৰ বৈঠকখন হয় নির্ধাৰিত এজেণ্ডাৰ ঊর্ধ্বত’। মোদীয়ে লগতে কয়, ‘ভাৰত আৰু ইটালীৰ মাজত ঘনিষ্ঠ সহযোগিতা আৰু সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।’ মেল’নিৰ সৈতে বৈঠকৰ অন্তত প্ৰকাশ কৰা এক যুটীয়া প্রেছ বিবৃতিত কোৱা হয়- ‘ভাৰত-ইটালীৰ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত আমি বহলাই আলোচনা কৰিলোঁ। ভাৰত-ইটালীৰ যুটীয়া কৌশলগত কার্যপৰিকল্পনা ২০২৫-২৯য়ে আমাৰ সম্পৰ্কত এক বাস্তৱিক আৰু ভৱিষ্যমুখী পৰিকাঠামো দিছে।’ দ্বিপাক্ষিক আলোচনাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ইটালীৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মেটেৰ’লাক সাক্ষাৎ কৰি ভাৰত-ইটালীৰ মাজৰ বন্ধুত্বৰ সৈতে জড়িত বিভিন্ন দিশ সন্দর্ভত আলোচনা কৰে। য’ত বাণিজ্য, বিনিয়োগ আৰু সাংস্কৃতিক সংযোগে বিশেষ স্থান লাভ কৰে। লগতে এআই, জটিল খনিজ পদার্থ, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বহিঃপৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, এমইএ সচিব (পশ্চিম) ছিবি জর্জ, বিদেশ সচিব বিক্রম মিশ্ৰী আৰু অন্যান্য জ্যেষ্ঠ কূটনৈতিক বিষয়াসকল।
