পেন্সনৰ ফাইল নিষ্পত্তিত বিলম্ব কৰিলে জৰিমনা ভৰিব লাগিব কাৰ্যালয়ৰ মুৰব্বী বিষয়াই

পেন্সনৰ ফাইল নিষ্পত্তিত বিলম্ব কৰিলে জৰিমনা ভৰিব লাগিব কাৰ্যালয়ৰ মুৰব্বী বিষয়াই

ৰঙিলী বাৰ্ত্তাসেৱা–  অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলক সকাহ দি ৰাজ্য চৰকাৰে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। প্রশাসনিক সংস্কাৰ-প্রশিক্ষণ-পেন্সন-ৰাজহুৱা অভিযোগ বিভাগৰ এই নির্দেশ অনুসৰি এতিয়াৰে পৰা ইচ্ছাকৃতভাৱে পেন্সনাৰৰ ফাইল নিষ্পত্তিত বিলম্ব কৰিলে জৰিমনা ভৰিব লাগিব সংশ্লিষ্ট বিভাগৰ কাৰ্যালয়ৰ মুৰব্বীয়ে। প্রধানতঃ পেন্সন যাতে সময় নিৰ্ধাৰিতভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে লাভ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে। লগতে ২০০৩ চনৰ ২৩ জুনত জাৰি কৰা কাৰ্যালয় স্মাৰক নং পিপিজি (পি) ৮৮/৯৯/পার্ট.১/১৯ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো প্ৰদান কৰা হৈছে গুৰুত্ব। নির্দেশনাটোত উল্লেখ কৰা অনুসৰি অপ্রয়োজনীয়ভাৱে বিলম্ব কৰা পেন্সনসমূহ মাহেকীয়া পৰ্যায়ত ‘কৃতজ্ঞতা প’ৰ্টেল’ৰ জৰিয়তে আহৰণ কৰি সংশ্লিষ্ট কাৰ্যালয়ৰ মুৰব্বীসকলৰ লগতে জিলা আয়ুক্ত আৰু বিভাগীয় জ্যেষ্ঠ সচিবসকললৈ প্ৰেৰণ কৰা হ’ব। লক্ষণীয়ভাৱে ইচ্ছাকৃতভাৱে বা অপ্রয়োজনীয়ভাৱে পেন্সন আদায়ত বিলম্ব হ’লে কর্তৃত্বশীল বিষয়াই ভৰিবলগীয়া জৰিমনাৰ পৰিমাণো নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই অনুসৰি কর্তৃত্বশীল বিষয়াজনে দৈনিক ২৫০ টকাকৈ সর্বোচ্চ ৫ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব। জৰিমনাৰ ধন কর্তৃত্বশীল বিষয়াজনৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব ‘ফিন আছাম প’ৰ্টেল’ৰ দ্বাৰা। এইক্ষেত্ৰত আহৰণ আৰু বিতৰণ (ডিডিঅ’) বিষয়াসকলকো এক গুৰুত্বপূৰ্ণ নির্দেশ দিয়া হৈছে। সেই অনুসৰি প্ৰশাসনীয় সংস্কাৰ-প্রশিক্ষণ-পেন্সন-ৰাজহুৱা অভিযোগ বিভাগে স্পষ্ট কৰি দিয়া ব্যৱস্থা মতে ডিডিঅ’সকলে পেন্সন আদায়ত বিলম্ব কৰা সংশ্লিষ্ট কর্তৃত্বশীল বিষয়াসকলৰ পৰা জৰিমনা আদায় কৰাটো নিশ্চিত কৰিব লাগিব। একে সময়তে সকলো বিভাগ-সঞ্চালকালয় আৰু কাৰ্যালয়সমূহকো এই নির্দেশনা কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে।