কোন সমষ্টিত কিমান উন্নয়ন-সত্যজিৎ গগৈ

Pc Asomiya pratidin
কোন সমষ্টিত কিমান উন্নয়ন
 অসম চৰকাৰৰ শাসক আৰু বিৰোধী পক্ষৰ সকলো বিধায়কৰ মাহেকীয়া পাৰিতোষিক নিয়মিতভাৱে আৰু সময়মতেই পাই আছে নহয়নে?পিচে নিজ নিজ সমষ্টি সমূহৰ উন্নয়ন হৈছেনে?এই প্ৰশ্ন আজি সাধাৰন জনতাৰ মুখত।নিজ নিজ সমষ্টি সমূহৰ ৰাস্তা-ঘাট,মঠাউৰি,দলং আদি সমূহ নিৰ্মান কৰিছেনে?নে  সকলো বিধায়কে আগন্তুক নিৰ্বাচনৰ বাবে ভোটৰ আশাত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা আৰু অৰোণোদয় আঁচনিত আৰু বিনামূলীয়া চাউল কোনে পাইছে।কাক দিব।এইবোৰ ৰ পিচে পিচে দৌৰি আছে? বৰ্তমান সময়ত যদি অসমত এইয়াই হৈ আছে।তেনেহলে বিধায়ক সকলৰ লাভ হ’ব আৰু সাধাৰণ জনতাই আহি থকা বাৰিষাত পুনৰ পানীত ককবকাব।পথ-উপপথ সমূহৰ দূৰৱস্থাৰ বাবে সঘনাই দূৰ্ঘটনাত বহুজনে প্ৰাণ হেৰুৱাব লগা হ’ব।বানপানীৰ কবলত পৰি বহু জন গৃহহাৰা হ’ব।দূৰ্বল দলং সমূহ মেৰামতি কৰি সৱল কৰি তুলিবলৈ চাগে বিধায়ক সকলৰ ধনৰ অভাৱ।কিন্তু যেতিয়া পুৰণি দলং সমূহ পানীত উটি যাব।তেতিয়া ঘৰিয়ালৰ চকুপানী লৈ ঘটনাস্থলিত বিধায়ক সকল উপস্থিত হ’ব।এইয়াই জানো অসমৰ ৰাজনীতি নহয়? খৰালি দিনতেই যিবোৰ কাম কৰিব লাগে।তাকে নকৰি বহু বিধায়কে ভোগ বিলাসত মাতাল হৈ ফুৰে।সমষ্টিৰ কাম নকৰি মুখ্যমন্ত্ৰীৰ পিচে পিচে অনবৰতে ঘূৰি ফুৰা বিধায়কো বহু আছে।এই বিধায়ক সকলৰ সমষ্টি সমূহৰ উন্নয়নৰ বিষয়ে নিস্বাৰ্থ ভাৱে ইলেক্ট্ৰনিক মেডিয়া সমূহে গুৰু দায়িত্ব লৈ প্ৰচাৰ কৰিব লাগে।খৰালি দিনতেই সমষ্টি সমূহত ৰৈ যোৱা সমস্যা সমূহ সমাধানৰ বাবে বিধায়ক সকলক অৱগত কৰিব লাগে।বিধায়ক সকলৰ কেইটামান টকাৰ আশাত সাংবাদিক সকল বিক্ৰী নগৈ ঘনে ঘনে বাতৰি সম্প্ৰচাৰ কৰিব লাগে।যাতে বিধায়ক সকলে নিজৰ সমষ্টি সমূহৰ সমস্যাবোৰ সময়মতে  সুন্দৰকৈ সমাধান কৰি ৰাইজৰ বাবে উপকাৰী হ’ব পাৰে। নহলে দুখৰ দিনত সংবাদকৰ্মী সকলেও চিঞৰি চিঞৰি বাতৰি পৰিবেশন কৰি লাভ নহ’ব।সময়ৰ কাম সময়ত কৰিলেহে ৰাইজ লাভৱান হ’ব।
সত্যজিৎ গগৈ
নাহৰকটীয়া