আজিৰে পৰা চৰকাৰী কৰ্মচাৰীৰ ৪ দিন ছুটী

আজিৰে পৰা চৰকাৰী কৰ্মচাৰীৰ ৪ দিন ছুটী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ  চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটী ৰাজ্য চৰকাৰৰ। পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে দিলে এই বিশেষ সুবিধা। দৈনন্দিন কামৰ পৰা আঁতৰি পিতৃ–মাতৃৰ সৈতে সময় কটাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব চাৰিদিনৰ ছুটী। ইয়াৰে দুদিন চৰকাৰী বন্ধ আৰু দুদিনৰ বাবে ছুটী মঞ্জুৰ কৰ্মচাৰীৰ বাবে। ৯ আৰু ১০ ফেব্ৰুৱাৰীত ছুটী মঞ্জুৰ আৰু ১১–১২ ফেব্ৰুৱাৰীত থাকিব চৰকাৰী বন্ধ। অৰ্থাৎ একেলগে চাৰিদিনৰ বাবে কামৰ পৰা সকাহ পাব চৰকাৰী কৰ্মচাৰীসকলে। কিন্তু ছুটী লৈ অৱসৰ বিনোদন কৰিব নোৱাৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। মাথোঁ পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবেহে মঞ্জুৰ কৰা হৈছে এই ছুটী। এই বন্ধৰ সময়ত পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ প্ৰমাণ দিব লাগিব কৰ্মচাৰীসকলে। তাৰ বাবে নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়ৰ ঊৰ্ধ্বতম বিষয়াক ফটোৰ আকাৰত জমা দিব লাগিব প্ৰমাণ।