কিতাপৰ লগত বন্ধু পাতো আহাঁ-স্বাগতা বৰুৱা গোস্বামী

Pc- Time Magazine

কিতাপৰ লগত বন্ধু পাতো আহাঁ

যোৱা বছৰৰ অনাকাংক্ষিত ক’ভিদ অতিমাৰীয়ে সকলোবোৰ যেন স্থবিৰ কৰি পেলালে। এতিয়া বাৰু সকলোবোৰ আগৰ দৰে হৈছে, তথাপিও আগৰ অৱস্থালৈ অহা নাই আমাৰ শিক্ষাজগতখন।কাৰণ কন কন মইনাহতঁৰ বিদ্যালয়খন যে এতিয়ালৈকে খোলাই নাই।তাৰকাৰণে আমাৰ মইনাহতঁৰ মনবোৰ বেয়া।আজি কেইদিনমানৰ পৰা আমাৰ ৰিবৰো মনতো বহুত বেয়া,তাৰহেনো আটাইতকৈ প্ৰিয় বন্ধু প্ৰণয়নলৈ বৰকৈ মনত পৰিছে।সি মাকক কৈছে,অ’ মা ভগবানক ভাবানা স্কুল খন খুলি দিবলৈ।মোৰ ইমান বন্ধু বোৰলৈ মনত পৰিছে,বিশেষকৈ প্ৰণয়নলৈ।মোৰ বৰ আমনি লাগিছে, বন্ধুৰ অবিহনে।অ’ মা আকৌ আগৰ নিচিনাকৈ আমি কেতিয়াৰ পৰা বিদ্যালয়লৈ যাব পাৰিম?অতি সোনকালেই যাব পাৰিবা বুলি আমি আশাবাদী ৰিব।বিদ্যালয় নোখোলা লৈকে তুমি কিতাপৰ লগত বন্ধু পাতিবলৈ শিকা।কিতাপৰ লগত বন্ধু??কেনেকৈ মা?কিতাপেই মানুহৰ শ্ৰেষ্ঠ বন্ধু ৰিব।কেনেকৈ জানা ই তোমাক অকলে এৰি ক’লৈকো নাযায়।ই তোমাক কেতিয়াও কোনো কথাতেই নঠগে।বৰঞ্চ তোমাক দিব জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ।এক অৰ্থত ক’বলৈ গ’লে কিতাপ পঢ়িলে আমি দূৰৈৰ মাণিক হাততেই পাব পাৰো।আকৌ কি জানা ৰিব, তুমি যে কেতিয়াবা মোক আইতাহতঁৰ দিনৰ কথাবোৰ সুধি থাকা, এইবোৰো কিতাপ পঢ়িলে সহজতেই জানিব পাৰিবা।কিতাপ পঢ়িলে তোমাৰ আমনি লগাটোও নাইকিয়া হৈ ই তোমাৰ বন্ধু হৈ পৰিব।যিমানেই কিতাপ পঢ়িবা সিমানেই তোমাৰ মনত ৰখা শক্তিও বাঢ়িব, নতুন নতুন,ভাল ভাল কথা চিন্তা কৰিবলৈ মন যাব ইত্যাদি ইত্যাদি।কিতাপ পঢ়িলেহে তুমি ডাঙৰ মানুহ হ’ব পাৰিবা।এই কিতাপৰ দিৱসো আছে নহয় জানান নাই?নাযানো নহয়, তুমি কলেহে জানিম।হয়তো ঠিকেই, কৈছো শুনা…’মোৰ লক্ষ্য’কবিতাটোৰ কবি লক্ষ্যধৰ চৌধুৰী যে…তেখেত একাধাৰে নাট্যকাৰ,ৰাজনীতিবিদ, অভিনেতা, কবি,গল্পকাৰ সকলো আছিল।তেখেতৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৫ অক্টোবৰত।তেওঁৰ পিতৃৰ নাম আছিল ভূধৰ চৌধুৰী আৰু মাতৃৰ নাম উমা চৌধুৰী।স্কুলত পঢ়ি থাকোতেই “একলব্য”নামৰ এখনি নাট ৰচনা কৰিছিল আৰু পৰবৰ্তী জীৱনত তেখেতৰ ৰক্ষা কুমাৰ,আলিবাবা,ওমলা ঘৰ,নিমিলা অংক,যৱনিকাৰ আঁৰে আঁৰে ইত্যাদি বহুতো মঞ্চ সফল নাটকৰ স্ৰষ্টা।তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ সমূহ হ’ল, মইনামতী,ভিন্নজনৰ ভিন্ন মন,মানুহ বিচাৰি,অনুভৱ ইত্যাদি।১৯৬৭ চনত অসম বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ শিক্ষা আৰু কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালনো কৰিছিল।তেখেতে ১৯৯২চনত গোৰেশ্বৰৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো শুৱনি কৰিছিল।২০০০ চনৰ ১৮ আগষ্টত মৃত্যুবৰণ কৰা এই মহান ব্যক্তি জনাৰ জন্ম দিনটোত তেখেতে সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানসমূহৰ বাবে সমগ্ৰ অসমত ‘কিতাপৰ দিন'(Day of Books)হিচাপে পালন কৰি আহিছে।গতিকে দেখিলা কিতাপৰ কিমান শক্তি আছে।২৫ অক্টোবৰ অৰ্থাৎ লক্ষ্যধৰ চৌধুৰী দেৱৰ প্ৰতি সন্মান জনাই তুমি আৰু লগতে মোৰ মৰমৰ মইনাহঁতে সেইদিনাৰ পৰাই কিতাপক জীৱনৰ বাবে বন্ধু পাতি ল’বা বুলি আশা কৰিলো দেই।

স্বাগতা বৰুৱা গোস্বামী