ডিব্রুগড়ৰ বগীবিলৰ সমীপৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰি প্ৰস্তাৱিত কার্গ টার্মিনেল তথা পর্যটনঘাটৰ প্ৰকল্পস্থলীৰ বুজ লয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

pc Economic Times

ডিব্রুগড়ৰ বগীবিলৰ সমীপৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰি প্ৰস্তাৱিত কার্গ টার্মিনেল তথা পর্যটনঘাটৰ প্ৰকল্পস্থলীৰ বুজ লয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-   কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি ডিব্রুগড়ৰ বগীবিলৰ সমীপৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰে আৰু ইয়াত প্রস্তাৱিত কার্গ টার্মিনেল তথা পর্যটনঘাটৰ প্রকল্পস্থলীৰ সৈতে জড়িত বিভিন্ন দিশৰ বুজ লয়। এই প্রসংগত তেওঁ কয় যে- এসময়ত ডিব্রুগড় ভাৰতৰ মানচিত্রত এক গুৰুত্বপূর্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল। এই অঞ্চলৰ মােহনাঘাটৰপৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা-সামগ্রী ব্ৰহ্মপুত্ৰয়েদি বংগােপসাগৰৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন প্রান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল। অসমৰ অর্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্রুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপর্যপূর্ণ। কিন্তু পৰৱর্তী সময়ত এই ধাৰা স্তব্ধ হৈ পৰিছিল। সেয়ে উক্ত দিশত ডিব্রুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ বাবে আমি লক্ষ্য নির্ধাৰণ কৰিছোঁ। তদুপৰি তেওঁ কয় যে- প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ বলিষ্ঠ নেতৃত্বত “এক্ট ইষ্ট প’লিচী”ৰ জৰিয়তে অসম তথা উত্তৰ-পূর্বাঞ্চলত এতিয়া যাতায়াত-যােগাযােগ ব্যৱস্থা সুগম হৈ পৰিছে, যাৰ যােগেদি সমগ্র অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্তৰ। জলপথে বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি কৰাৰ ক্ষেত্ৰত সদায়েই অগ্রণী ভূমিকা পালন কৰি আহিছে। ই এক সহজসাধ্য আৰু তুলনামূলকভাৱে কম খৰচী মাধ্যম। মােদীৰ দূৰদৃষ্টিপূর্ণ নেতৃত্বত ৰাষ্ট্ৰীয় জলপথ নং ২ অর্থাৎ ব্রহ্মপুত্র নদ আৰু ৰাষ্ট্ৰীয় জলপথ নং ১৬ অর্থাৎ বৰাক- এই দুয়ােখন নদীৰ যােগেদি বাংলাদেশৰ মংলা আৰু চিটাগং বন্দৰৰ জৰিয়তে বিভিন্ন সা-সামগ্ৰীৰ আমদানি-ৰপ্তানিকৰণৰ ক্ষেত্ৰত ভাৰত-বাংলাদেশৰ মাজত ইতিমধ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ফলত আমাৰ থলুৱা সামগ্রীসমূহে বিশ্ব বজাৰত স্থিতি সবল কৰিব পাৰিব। তদুপৰি ব্ৰহ্মপুত্ৰৰ দাঁতিত মাল্টিমডেল লজিটিক্স পার্ক স্থাপন কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হৈছে। ইতিমধ্যে যােগীঘােপাত ইয়াৰ কাম পূর্ণগতিত চলি আছে। সমান্তৰালভাৱে গুৱাহাটী, পান্ডু, ধুবুৰী আদিত ব্ৰহ্মপুত্ৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে নদী বন্দৰ নিৰ্মাণ কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আগন্তুক দিনত কাৰ্গ আৰু যাত্রী পৰিবহণ উভয়ৰে সুবিধাৰ বাবে ডিব্রুগড়তাে তেনে এটা বন্দৰ নিৰ্মাণৰ প্রয়াস কৰা হৈছে- এইবুলি সােণােৱালে উল্লেখ কৰে। “প্রধানমন্ত্রী গতি শক্তি”ৰ অধীনত প্রস্তাৱিত উক্ত পদক্ষেপসমূহ ৰূপায়ণ হ’লে অসমৰ অর্থনৈতিক গতি অধিক ত্বৰান্বিত হােৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথে প্রশস্ত হ’ব। সেয়েহে এইক্ষেত্ৰত যাৱতীয় আন্তঃগাঁথনি গঢ় দিয়াত আমি অগ্রাধিকাৰ দিছোঁ। তদুপৰি, ব্ৰহ্মপুত্ৰৰ বুকুত মজুত থকা বিভিন্ন পর্যটন সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ অত্যাধুনিক অন্বেষণৰদ্বাৰা অনাগত দিনত উপযুক্ত ব্যৱস্থাও গ্রহণ কৰা হ’ব- সােণােৱালে লগতে উল্লেখ কৰে। লগতে তেওঁ কয় যে- সাগৰমালা প্রকল্পৰ যােগেদি মাল্টিমডেল সংযােগ উন্নয়ন সাধি বিভিন্ন আন্তঃগাঁথনি আৰু পর্যটন উন্নীতকৰণৰ বাবেও ব্যৱস্থা লােৱা হৈছে।  পৰিদর্শনকালত কেন্দ্রীয় মন্ত্রীগৰাকীক সংগ দিয়ে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলে, অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰধান সচিব শ্রী কে কে দ্বিবেদী তথা বিষয়াসকলে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্রী অনশুল গুপ্তা আৰু বিষয়াসকলে।