ভাৰতত নতুনকৈ ১৪হেজাৰ লোক কৰʼনাত সংক্ৰমিত হৈছে

Pc- The Conversation

ভাৰতত নতুনকৈ ১৪হেজাৰ লোক কৰʼনাত সংক্ৰমিত হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪,৩০৬ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। কৰʼনা সংক্ৰমণৰ ফলত নতুনকৈ  ৪৪৩ জনলোকৰ মৃত্যু হৈছে। দেশত  কৰʼনাত সংক্ৰমিত হোৱা লোকৰ ৬০% কেৰালাৰ। কেৰালাত ২৪ ঘণ্টাত ৮,৫৩৮ জন লোক নতুনকৈ সংক্ৰমিত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে দেশত বৰ্তমান সক্ৰিয় ঘটনা ১৬৭,৬৯৫ টা আছে।