কাহিলীপাৰাত ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি

pc-NDtv

কাহিলীপাৰাত ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি

দিছপুৰ- অসমত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে স্বেচ্ছাসেৱী সংগঠন ‘কেয়াৰ ইণ্ডিয়া’ৰ সহযোগত ৰাজ্যখনৰ ৯ খন জিলা কামৰূপ [মহানগৰ], বৰপেটা, ডিমা-হাচাও, ধুবুৰী, গোৱালপাৰা, কাৰ্বি-আংলং, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি-আংলঙত বিশেষ গুৰুত্ব প্ৰদানেৰে¸ পদক্ষেপ গ্ৰহণ কৰিছে৷ অধিক লোকক সামৰি লোৱাৰ বাবে ২৪ ঘণ্টাই খোলা থকা ক’ভিড প্ৰতিষেধক কেন্দ্ৰ, ভ্ৰাম্যমাণ প্ৰতিষেধক ভানযনাও আদিেৰা ব্যৱস্থা কৰা হৈছে৷ ইফালে ৰাষ্ট্ৰীয়   স্বাস্থ্য অভিযানৰ প্ৰকল্প সঞ্চালক ডা০ লক্ষ্মণন এছ য়ে ৮ ছেপ্টেম্বৰ তাৰিখে কাহিলীপাৰাত এটা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানত স্বাস্থ্য সেৱা [পৰিয়াল কল্যাণ] ৰ সঞ্চালক মুনীন্দ্ৰ নাথ ঙাটে, অতিৰিক্ত উপায়ুক্ত [মেট্ৰ’] গুণজিৎ ৰয় চৌধুৰী, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া প্ৰমুখ্যে ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷ কেন্দ্ৰটোত বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ২৪ ঘণ্টাই খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে উল্লেখিত ৯ খন জিলাত ৪০ জনীয়া একোটা দলে ভ্ৰাম্যমাণ ভান আৰু নাৱৰ জৰিয়তে ভিতৰুৱা অঞ্চল সমূহতো অচিৰেই প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিব৷