কালিমা-দীপালী গোস্বামী, দেৰগাওঁ

pc-national geography

কালিমা

হে কভিড -১৯, জগত নিধনকাৰী,
আজিহে চিনিলো তুমি অতিকে মহামাৰী।
হ’লা আৱিৰ্ভাৱ ২০২০ ৰ প্ৰাৰম্ভিকত,
স্ব-ইচ্ছাৰে ২০২১ তো চলালা তোমাৰ যজ্ঞ।
কিমানক কৰিলা মাতৃহাৰা
কিমানক কৰিলা পিতৃহাৰা
কিমানক কৰিলা ঘাট-মাউৰা,
ইয়াতেই ক্ষান্ত নে তুমি ?
ওহো নহয়!
বহুতৰ সীৰৰ সেন্দুৰ যিদৰে মচিলা,
বহুতৰ ভাৰ্য্যা কাঢ়ি নি কৰিলা পত্নীহীনা।
নাজানো এইয়া বিজ্ঞানৰ অগ্ৰগতিৰ ফল,
নুবুজোঁ কোনোবা দেশৰ হঠকাৰী চিন্তাৰ কোব,
নোঁৱাৰো বুজিব বিশ্বত ঘটা অন্যায় অবিচাৰৰ – -।
আজি বাৰে বাৰে মনত খলকনি তোলে,
শাস্ত্ৰৰ সেই পংক্তিটিয়ে—।

“কলিৰ শেষত হ’ব কল্কি অৱতাৰ
কাটি মাৰি ম্লেছক কৰিব গুণ্ডামাৰ।”

এইয়া কিমান হৃদয় বিদাৰক
কিমান অসহনীয়
মাতৃৰ বুকুৰ উমত থকা শিশু
পৰি আছে চিকিৎসালয়ৰ কক্ষত।
ইমানতে শান্ত হোৱা মহামাৰী
নোঁৱাৰো সহিব আৰু জননীৰ দুখ।
দুটা বছৰত কিমান দিলা জ্বালা-যান্ত্ৰনা,
তোমাৰ ভয়ত বিতত হৈ নেদেখা হ’লো একো।
নেদেখাকৈ হেৰাই গ’ল,
ৰুদ্ধদ্বাৰ কোঠাত থাকোতেই কত চিনাকী মুখ।
দি গ’ল মাত্ৰ খবৰৰ উপৰি খবৰ
আমাৰ সাৰথি মোবাইল টেলিভিছনে ।
যুগ যুগান্তৰলৈ ইতিহাস হৈ ৰৱ ,
তোমাৰ কালমূৰ্ত্তিৰ ধুমুহাৰ অপকীৰ্তি ।
শান্ত হোৱা শান্ত হোৱা হে মহামাৰী,
কাবৌ কৰিছো তোমাৰ দুখনি চৰণত ধৰি ।।

লেখক: দীপালী গোস্বামী।
দেৰগাওঁ।।।।