কাকলি
সংগীতা গায়ন বৰা
শিঙিয়া পথাৰ চুক ,নগাঁও
নিলগত পক্ষীটিয়ে আজিও ৰিঙিয়াই
মিচিকিয়া কোমল হাঁহি সূদুৰৰ সীমনাত
পৃথিৱীৰ প্ৰান্তত ভুৱন ভুলাই।
বিভাৱৰী এন্ধাৰ সামৰি জোন ৰ’দ অঁকা সোণোৱালী বেলি
অভিমানী ৰ’দ বাটত পাৰি দিয়ে সপোন,
হৃদয়ৰ বাৰ্তালাপৰ আশা আৰু জীৱন জলকেলি।
জোনাক সাৱটি ৰৈ যায় দুভৰি পুৱতিৰ নিয়ৰ সৰা চেঁচা দূবৰি
আলফুলে হৃদয় হৈ মৰম আৰু মৰমী দুহাত আগুৱাই
অনন্ত খোজেৰে অচিনা বাটত চিনাকি।
পৃথিৱীৰ খোজ কেঁচাধন মানুহ আৰু জীৱন থাউকতে সপোন ঘুমতি কাঢ়ি,
নিশাৰ জোনাকী এন্ধাৰ আৰু ৰ’দ আকাশৰ প্ৰিয়
উষা-অনিৰূদ্ধ মিলন প্ৰেমৰ কতনা অনুপম চিত্ৰলেখা আৰু চিত্ৰকথা আঁকি।
তোমালৈ বুলি ৰৈ থাকোঁতে জীৱন ৰ’দ জোনাক সপোন
তুমি কোন মই কোন প্ৰশ্নটোৰ প্ৰশ্নবোধক
জংকী পানৈ নে হৃদয়ৰ ঘূণাসুঁতি ।
