আধাফুলা কলিটি – বাহাৰুল ইছলাম 

Pc Shutterstock

আধাফুলা কলিটি

বাহাৰুল ইছলাম 

ফুলে ফুলে গুণ গুণাই
মৌমাখি উৰি
কি তাৰ লাৱন্য দেহা
স্নিগ্ধ পৰশ
দুখতো সুখতো হাঁহে আৰু হাঁহে।
আধাফুলা কলিটিয়ে হাত মেলি দি
আমন্ত্ৰণ কৰে কতজনক
আবেগ বিহ্বল হৈ
কত আহে কত যায়
ক্ষণিকতে যুৱতী
ক্ষণিকতে প্ৰাপ্তবয়স্ক
এনেদৰেই বাগৰে তাইৰ জীৱন যৌৱন।
হালিছে জালিছে পৱনে চুমিছে
আদৰৰ গোলাপ পাহি
বৃদ্ধাৰ বস্ত্ৰ সানি
কতজনক ছলনা কৰি
নানিবি আৰু টানি
চিৰদিন নাথাকে তোৰ লাৱন্য দেহা
এবাৰো চালিনে ভাবি?