যোগাত্মক দৃষ্টিভংগী সফলতাৰ মাপকাঠি – দুলুমণি দেৱী

Pc The Content Wolf

যোগাত্মক দৃষ্টিভংগী সফলতাৰ মাপকাঠি

দুলুমণি দেৱী
মাকুম

প্রতিটো পুৱাই আনক নতুনত্ব…এই আশা মনত পুহি ৰাখি যেতিয়া কাম কৰা হয় তেতিয়াই যোগাত্মক ধ্যান ধাৰণাৰ আমাৰ মাজত জন্ম হয়৷ প্রতিটো দিনতেই নতুন ভাৱৰ উদ্রেক ঘটাব পাৰি যদিহে কামবোৰ একেঘেয়ামী নহয় ,একেটা কাম কৰি আমি  বহুতেই বেয়া পাও ,বা কামটোৰ প্রতি অনীহা আহে ,তেতিয়া সেই কামটোকে অন্য ধৰণে অথাৎ ব্যতিক্রমী ভাৱে কৰিলে তাত থাকে আনন্দ ৷ নতুনত্ব কেনেকৈ পাব পাৰি সেয়াও আমাৰ বাবে চিন্তণীয় বিষয় হব পাৰে ,আমি কামটো কৰাৰ কৌশল সম্পর্কে জানিব লাগিব ৷ কামটোৱে নিজৰ লগতে আনকো সন্তষ্ট দিব পাৰিব লাগিব আৰু কামটোৰ প্রতি আগ্রহ থাকিব লাগিব ৷,যেনেকৈ ৰাতিপুৱা শুই উঠি সদায় একেটা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকিলে আমাৰ আমনি লাগে কাৰণ সদায় একেখিনি বস্তকে চকুৰ আগত দেখি থাকিলে ভাল নালাগিবও পাৰে ৷ ,কিন্ত আমি যদি গতিপথ সলনি কৰি বেলেগ এটা পথেৰে যাত্রা কৰো ,যাত্রাপথত নতুন কিছুমান বস্ত দেখা পাওঁ  তেতিয়া মনটো ভাল লাগে যেনেকৈ নতুন ঠাই এখনলৈ গলে তাত কি  কি নতুন বস্ত দেখা পাম বা চাবলৈ অনুসন্ধিসু মনে বিচাৰে সেইদৰে প্রতিটো পল অনুপ’লেই বিচাৰিব জানিলে নতুনৰ সুৱাস পাব পাৰি৷

দৈনন্দিন খাদ্যৰ তালিকালৈ  যদি মন কৰো সদায় একেবোৰ খাদ্য আমাৰ ভাল নালাগে ,কিন্ত একেবোৰ শাক পাচলিকে বা খাদ্যকে  যদি অলপ বেলেগ ধৰণে জুতি লগাই বনোৱা হয় তাৰ সুস্বাদ আমাৰ জিভাত লাগি যায় ,গতিকে প্রত্যেকটো কর্মতে থাকে নতুনত্ব ,কেৱল প্রয়োগ কৰাৰ ওপৰতে সকলোখিনি নির্ভৰ কৰে৷

বহুসময়ত দেখা যায় প্রশংসাই নতুন চিন্তাৰ জন্ম দিয়াত সহায় কৰে ৷প্রশংসা কেতিয়া কৰা হয়?যেতিয়া ব্যক্তিজনে সুন্দৰ ভাৱে  যিকোনো এটা কাম কৰে আৰু সেই কামটোৱে যেতিয়া আনক আর্কষিত কৰিব পাৰে ৷ল’ৰা ছোৱালীয়ে বিদ্যালয়,মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত যেতিয়া সুনাম অৰ্জন কৰে,তেতিয়া আমি প্রশংসা কৰো,৷প্রত্যেকৰে বেলেগ বেলেগ দিশত প্রতিভা লুকাই আছে৷,গতিকে আমি তেনে ধৰণে প্রশংসা কৰিব লাগিব ৷,কিন্তু কেতিয়াবা এনে হোৱাও দেখা যায় পাওা দি প্রংশসা কৰি আগস্থান দিলেই ভাল ,আৰু নিদিলেই বেয়া ৷

সন্মানেই হওঁক বা প্রশংসাই হওঁক নিজে বিচাৰি ফুৰাতকৈ স্বত:স্ফুত:ভাৱে আহিলে বেছি আনন্দদায়ক হয় ৷সততাৰে ,একাগ্রতাৰে আৰু নিষ্ঠাসহকাৰে কাম কৰিলে প্রশংসাৰ পাত্র হব পৰা যায় ৷অৱশ্যে ঠেলা হেঁচা ,বৈষম্য ,হিংসাহিংসি মনোভাৱ লৈ প্রশংসা বুটলিবলৈ গলে তাৰ গুৰুত্ব মাথো সেই সময়খিনিৰ বাবেহে যিখিনি সময় পুনৰাই মানুহে বিচাৰিব নোখোজে ৷গতিকে জনপ্রিয়জনে কেতিয়াও জোৰজৱৰদস্তি প্রশংসা বিচাৰি নুফুৰে৷

ভাল কামৰ ফল সদায় ভালেই হয় ৷ স্বীকৃতি কোনোৱে হয়তো দিব খোজে ,আকৌ কোনোৱে হয়তো নিদিয়ে I যেনেকৈ সুর্যক কোনোৱে ঢাকি ৰাখিব নোৱাৰে ঠিক সেইদৰে প্রতিভা থাকিলে কর্ম কৰি গলে মানুহে হিংসা কৰিলেও ভগৱানে এদিন চকুমেলি চায় আৰু তেতিয়াই   ব্যক্তিজন সকলোৰে প্রিয়ভাজন হয় আৰু প্রশংসা কৰিবলৈ বাধ্য হয় ৷

নতুন নতুন কামৰ সন্ধান দিয়াত প্রশংসাই প্রেৰণা যোগাব পাৰে ৷ ঘৰুৱা কাম কাজৰ ক্ষেত্রতো  যদি মন কৰো তেন্তে দেখা পাম ঘৰটো পৰিপাটীকৈ থলে ,সকলো বস্তু সজাই পৰাই ৰাখিলে আলহীৰ আগমন ঘটিলে যদি সুন্দৰ মন্তব্য কৰে তেন্তে মনটো ভাল লাগে ৷ঠিক তেনেকৈ পাকঘৰত ৰান্ধনিগৰাকীয়ে বহু কষ্ট কৰি খোৱা যতন কৰাৰ পাছত যেতিয়া আঞ্জাখন ভাল হৈছে বুলি কোৱা হয় যিমান কষ্টৰে ৰান্ধিলেও মনটো ভাল লাগে আৰু নতুন কিবা এটা ব্যঞ্জন ৰান্ধিবলৈ মনত শক্তি পায়৷

সৰু ল’ৰা ছোৱালীৰ ক্ষেত্রতো প্রশংসাই বহুখিনি আগুৱাই যোৱাত সহায় কৰিব পাৰে I পাঁজি সেৰীয়া আঙুলিৰে ৰুই থোৱা গছপুলি এটা লহপহকৈ বাঢ়ি গোজেই গজালি হৈ ধৰাখনি জ্যোতিস্মান কৰি তুলিবলৈ হ’লে যথেষ্ট আপদাল প্রতিপালনৰ আৱশ্যক আছে তেনেকৈ সৰু লৰাছোৱালীকো সৰুৰেপৰা সৰু সৰু কামবোৰত প্রেৰণা দিলে উন্নতিৰ জখলা বগাবলৈ সহজসাধ্য হ’ব ৷ ব্যস্ত সময়ত আমাৰ যাত্রাপথত আমাক আমাৰ সৃষ্টিৰাজিৰ লগত পৰিচয় কৰাবলৈ অনলাইন যিবিলাক  মাধ্যম আছে সেইবিলাকেও সহায় কৰিব পাৰে ,মুঠতে বর্ণিল যাত্রাপথ ৰঙীণ কৰি তুলিব পৰা যায় ৷প্রশংসা প্রেৰণা আৰু ইতিবাচক চিন্তাৰ যোগেদি ৷ গতিকে প্রশংসাই নতুনত্বৰ সন্ধান দি‌য়াত বহুগুণে সহায় কৰে৷

প্রজ্ঞাৰ হিৰণ্ময়ী যাত্রাপথত বিভিন্ন জন ব্যক্তিৰ সান্নিধ্যত আহো ৷তাৰে কিছুমানক আমাৰ বেয়া লাগে ৷আৰু কিছুমানক বহুত বেছি ভাল লাগে ৷কোনোৱে আকৌ আগবাঢ়ি যাবলৈ প্রেৰণা দিয়ে কোনোৱে আকৌ আগবাঢ়ি যোৱাতো বেয়া পায় হিংসাও কৰে  , যেনেকৈ বাৰিষা বতৰত কেঁকোৰা গাঁতত থকা কেঁকোৰাবোৰৰ এটা যদি ওপৰলৈ উঠি আহিবলৈ লয় পাছফালৰ পৰা অন্য এটাই টানি আকৌ সোমোৱাই থয় ,অথাৎ আগবাঢ়ি যোৱাত হকা বাধা থাকেই ৷,তেনে ক্ষেত্রত ভাল বেয়া বিশ্লেষণ কৰি আগাবাঢ়িব খুজিলে স্বদৃষ্টি ,স্বমতামত স্বসিদ্ধান্ত লগতে  নিজস্ব কিছুমান ধাৰণাৰ প্রয়োজন৷