কমনৱেলথ গেমছৰ বক্সিঙত পদক নিশ্চিত ভাৰতীয় বক্সাৰৰ

Pc NDTV Sports

কমনৱেলথ গেমছৰ বক্সিঙত পদক নিশ্চিত ভাৰতীয় বক্সাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্লাছগ’ত চলি থকা কমনৱেলথ গেমছত ভাৰতীয় বক্সাৰৰ চমকপ্রদ প্রদর্শন অব্যাহত আছে।অসমকন্যা লাভলীনা বৰগোহাঁই, প্রীতি পাৱাৰ, প্রিয়া ঘাংঘাচ আৰু যদুমণি সিঙে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পিছত আজি সাক্ষী চৌধুৰী, অৰুন্ধতী চৌধুৰী, শচীন শিৱাছ, অংকুশ যাদৱ আৰু নৰেন্দৰ বেৰৱালেও ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। মহিলাৰ ৫১ কেজিৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত সাক্ষী চৌধুৰীয়ে উত্তৰ আয়াৰলেণ্ডৰ কেটলিন ফায়াৰ্ছক সহজেই ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ইপিনে, অৰুন্ধতী চৌধুৰীয়ে মহিলাৰ ৭০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত নিউজিলেণ্ডৰ মৰগান হেণ্ডাৰছনক ৩-১ত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়। আনহাতে, পুৰুষৰ ৬০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত শচীন শিৱাছে ব’টছৱানাৰ ট্ৰেজাৰ ম’ৰেমিক অতি সহজেই ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, পুৰুষৰ ৮০ কেজিৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অংকুশ যাদৱেও ছিচেলছৰ জেদ মিক’ক অনায়াসে ৫-০ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ৯০ কেজি ঊর্ধ্বৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত ভাৰতৰ নৰেন্দৰ বেৰৱালে ছামোয়াৰ মাইকেল ছেক’ক পৰাস্ত কৰি অন্তিম ৪লৈ উন্নীত হয়।