১,৫৮৮.৩১ কোটি টকাৰ বাজেট দাখিল হাগ্রামা মহিলাৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট অধিবেশন। দুদিনীয়া বাজেট অধিৱেশনৰ প্ৰথম দিনা ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বাজেট অধিবেশনৰ সদনৰ মজিয়াত বিটিচিৰ বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য বিটিচি প্ৰধান তথা বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১,৫৮৮ কোটি টকাৰ বাজেট সদনত দাখিল কৰে ৷ ইয়াৰ ভিতৰত এছঅ’পিডি(SOPD)ৰ অধীনত ৯০০ কোটি টকাৰ সাধাৰণ বাজেটৰ লগতে বিটিচিৰ নিজা ৰাজহ উৎসৰ ওপৰত ভিত্তি কৰি ৭১.৮৪ কোটি টকাৰ ঘাটিযুক্ত বাজেট উত্থাপন কৰা হয় । নিজা ৰাজহ উৎসৰ বাজেট অনুসৰি ২০২৬-২৭ বিত্তীয় বৰ্ষত ৯১.৩৪ কোটি টকাৰ সম্ভাব্য আয়ৰ বিপৰীতে ১৬২.৮৫ কোটি টকাৰ ব্যয় ধৰা হৈছে । ফলত ৭১.৮৪ কোটি টকাৰ বাজেট ঘাটি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে । বাজেটৰ প্ৰতিলিপি সদনৰ মজিয়াত পাঠ কৰি শুনায় বিটিচিৰ কাৰ্য বাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। বাজেটত উন্নয়ন আৰু জনকল্যাণক মুখ্য লক্ষ্য হিচাপে লোৱা হৈছে। বাজেটত আন্তঃগাঁথনি উন্নয়ন, শিক্ষা, স্বাস্থ্যসেৱা, কৃষি, গ্রাম্য সংযোগ আৰু নিয়োগ সৃষ্টিকে ধৰি বিভিন্ন উন্নয়নমূলক পেকেজ আৰু জনকল্যাণমূলক আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। বিটিচি অঞ্চলত বসৱাস কৰা সকলো শ্ৰেণীৰ লোকৰ বাবে অন্তর্ভুক্তিমূলক আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাই বাজেটৰ মূল উদ্দেশ্য বুলি বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্রামা মহিলাৰীয়ে বাজেটৰ যোগেৰে প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে বাজেটৰ অন্তিম দিন আৰু বৃহস্পতিবাৰে আলোচনাৰ অন্তত বিটিচিৰ বাজেট সর্বসম্মতিক্রমে গৃহীত কৰা হ’ব। ইপিনে, বাজেট অধিৱেশনত উপস্থিত থাকি শাসকীয় দলৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে কয় যে এই বাৰৰ বাজেটখন সুন্দৰ হৈছে আৰু সৰ্বস্তৰৰ উন্নয়নৰ বাবে পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰৰ এছঅ’পিডি সাধাৰণ বাজেটৰ পৰা ৯০০ কোটি, বিটিচিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০০ কোটি, কেন্দ্রীয় অনুদানভিত্তিক জলসিঞ্চন আঁচনিৰ বাবে ২০০ কোটি, কলেজ প্ৰাদেশিকীকৰণৰ বাবে ১৭ কোটি, শ্বহীদৰ নিকটাত্মীয়ক এককালীন সাহায্যৰ বাবে ১০ কোটি আৰু অন্যান্য নিজা শিতানৰ পৰা মিলাই সৰ্বমুঠ ১,৫৮৮ কোটি ৩১ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে। ইউপিএছচি, আইআইটি, আইআইএম, নীট আদিৰ বাবে ক’চিং আৰু পঢ়িবলৈও ধন যোগান ধৰা হ’ব বুলি মন্তব্য কৰে বসুমতাৰীয়ে। আনহাতে, অধিৱেশনত ইউপিপিএলৰ হৈ পাৰিষদ ক্রমে দাও বাইছা বড়ো, উইলছন হাছদাই অংশগ্রহণ কৰে। বিৰোধী দলপতি দাওবাইছা বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে পূৰ্বৰ তুলনাত বাজেট আধা হৈছে। সদনত আজি ইউপিপিএলৰ তৰফৰ পৰা কেবাটাও প্রশ্ন উত্থাপন কৰা হয়। ৩০ জনতকৈ কমসংখ্যক ছাত্র-ছাত্রী থকা বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব নেকি বুলি সোধা এক প্রশ্নোত্তোৰত শিক্ষা বিভাগৰ দায়িত্বত থকা ৰবিৰাম নাৰ্জাৰীয়ে কয় যে যিহেতু শিক্ষা বিভাগ বিটিচিৰ হস্তান্তৰিত বিষয় সেয়েহে এই সন্দর্ভত সিদ্ধান্ত বিটিচিয়ে ল’ব আৰু কোনো ক্ষতিকাৰক সিদ্ধান্ত লোৱা নহ’ব। ইউপিপিএল দলৰ তৰফৰ পৰা বডোফা ছুপাৰ ৪০ আঁচনি চলাই নিয়াৰ বাবে অনুৰোধ জনোৱাৰ লগতে ওদালগুৰিত মিনি সচিবালয় স্থাপন কৰিবলৈ দাবী জনাইছে। আনহাতে, বিটিআৰ চুক্তিৰ ৰূপায়ণ, নতুনকৈ অন্তর্ভুক্ত হোৱা গাঁৱসমূহত উন্নয়নৰ পেকেজ, প্রাক্তন এনডিএফবিসকলৰ গোচৰ প্রত্যাহাৰ আৰু জে’লৰ পৰা মুক্তি আদি বিষয়ত ইউপিপিএল দলে সদনত প্রশ্ন উত্থাপন কৰে যদিও শাসকীয় পক্ষই সদুত্তৰ দিব নোৱাৰিলে বুলি মন্তব্য কৰিছে ইউপিপিএলৰ হৈ পাৰিষদ দাওবাইছা বড়োৱে। উল্লেখ্য যে অধিৱেশনত ইউপিপিএলৰ হৈ পাৰিষদ ক্ৰমে দাওবাইছা বড়ো, উইলছন হাছদাই অংশগ্ৰহণ কৰে ৷ আনহাতে, শাসকীয় পক্ষৰ হৈ উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰী, কাৰ্যবাহী সদস্য ক্ৰমে ৰবিৰাম নাৰ্জাৰী, দেৰহাছাৎ বসুমতাৰী, লৗমশ্ৰাও দৈমাৰী, ফ্ৰেছ মুছাহাৰী, গণেশ কছাৰী, প্ৰকাশ বসুমতাৰী, বেগম আখতাৰা আহমেদ, মৃত্যুঞ্জয় নাৰ্জাৰী, মহেশ্বৰ বসুমতাৰী, মুন মুন ব্ৰহ্ম আদি উপস্থিত থাকে৷
