বিলৰ মৌনতা – শচীন্দ্ৰ কুমাৰ দাস

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

বিলৰ মৌনতা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বিলৰ তীৰত থমকি ৰয় এক নিৰৱ সন্ধ্যা,
প্ৰাণে প্ৰাণে সাৱটি লয় প্ৰিয়জনৰ সান্নিধ্য।
জাক পাতি অহা চৰাই জাকৰ শুনা যায় সুৰীয়া কাকলি,
বিলৰ বুকুত হালি-জালি ফুলে মেটেকাৰ ফুলনি।

অস্তাচলৰ কোলাত হেৰাই যোৱা বেলিৰ শেঁতা হাঁহি,
দিপলিপ আভাত সিঁচি দিয়ে হেঙুলীয়া ৰহণ আহি।
দিনান্তৰ এই ক্ষণত হিয়াই ব্যাকুল হৈ সাৱতে,
হেঁপাহৰ স্বৰ্ণ-শৰাইখনি অতি গোপনে আৰু নীৰৱে।

পচোৱা মলয়াই ধীৰে ধীৰে দেহ-মন চুমি যায়,
ক্লান্ত প্ৰাণত এক অপূৰ্ব শীতলতা সানি থৈ যায়।
আৱেগৰ তীব্ৰ জোৱাৰে ক্ষণে ক্ষণে মন ব্যাকুল কৰে,
অতীতৰ হেজাৰ স্মৃতিৰ ভাৱনাই আহি আমনি কৰে।

নিস্তব্ধ বিলৰ এই গভীৰ, মায়াময় মৌনতাই,
বুকুৰ মাজত আশাৰ এক নতুন ৰেওঁনি উঠায়।
আনন্দৰ লহৰত মতলীয়া হৈ পৰে যেতিয়া হিয়া,
অনুভৱৰ নীলা সাগৰত প্ৰেমৰ ঢৌ তোলে চোৱা।

ধীৰে ধীৰে নামি আহে নিবিড় নিশাৰ ঘোৰ আন্ধাৰ,
বিষাদৰ কৰুণ সুৰে কঁপাই তোলে বুকু বেদনাৰ।
তোমাৰ বুকুৰ মৰমৰ পৰা চিৰদিনলৈ আঁতৰি যোৱাৰ,
দিয়ে জাননী এই নিথৰ, নিঃসংগ বিৰহ বেলাৰ ।