কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সমাজ সংস্কাৰমূলক সভা

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সমাজ সংস্কাৰমূলক সভা

খাইৰুল ইছলাম ,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা-  ৭৪ তম গনতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি কচুৱাত কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সমাজত প্ৰচলিত বাল্য বিবাহ, মদ,জুৱা,ড্ৰাগছ আৰু সমাজৰ কু-সংস্কাৰৰ ওপৰত এখন সভা শ্ৰমিক সন্থাৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়।পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক আব্দুল মালেকে,শিক্ষক আব্দুৰ ৰহিমে বাল্য বিবাহৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। সমাজৰ পৰা বাল্যবিবাহ বন্ধ কৰিব লাগিব। অন্যথা এখন সুস্থ সমাজ আৰু সুন্দৰ সংসাৰ গঢ়াত যথেষ্ট বাধা আহি পৰে। উপযুক্ত বয়সত নিজৰ কন্যাক বিয়া দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়, শিক্ষক মতিউৰ ৰহমানে শিক্ষাৰ ওপৰত বহুমূলীয়া বক্তব্য ৰাখে তেওঁ কয় যে সমাজৰ মেৰদণ্ড স্বৰূপ শিক্ষা। সকলোৱে নিজৰ সন্তানৰ লগতে গাৱৰ তথা চুবুৰীৰ শিশু সকলক বাধ্যতামূলক শিক্ষা গ্ৰহনৰ সুবিধা কৰিবলাগিব। চৰকাৰে বহু সুবিধা দিছে, মাত্ৰ শিশু সকলক বিদ্যালয়মূখী কৰাৰ ব্যৱস্থা কৰক তেতিয়াহে এখন সুস্থ সমাজ গঢ়ি উঠিব। শিশু শ্ৰমিক হিচাপে কৰবাত শিশু দেখা মাত্ৰই সেই শিশুটোক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগিব। এই বিষয় বোৰৰ ওপৰত সমাজ কৰ্মী আব্দুল জব্বাৰেও বক্তব্য ৰাখে। এই সজাগতা সভাখনত কচুৱাৰ কেইবাটাও অঞ্চলৰ পৰা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখন শিক্ষক ক্ৰমে মতিউৰ ৰহমান, আব্দুৰ ৰহিম, আবু নচৰ,ছাহজান আলি,সমাজকৰ্মী জহুৰ আলি, জয়নাল আবদিন, জব্বৰ আলি, সংবাদিক সকল ক্ৰমে বাহাৰুল ইছলাম,আমিনুল হক,খাইৰুল ইছলাম , মুজাক্কিৰ আহমেদ, মাইনুল হক, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সকলো পৰ্যায়ৰ কৰ্মী আৰু শতাধিক যুৱক আৰু ৰাইজ উপস্থিত থাকে।