অংশুমান পটংগীয়ালৈ একলম- মৃদুলা বৰুৱা

অংশুমান পটংগীয়ালৈ একলম
মৃদুলা বৰুৱা
মি: অংশুমান পটংগীয়া
এদিন দুদিনকৈ বছৰেই পাৰ হ’ল
তোমাৰ লগত কথা নোহোৱা,
কেনে আছা বুলি সুধিবলৈও
তোমাৰ মোবাইলত মই যে
ব্লক লিষ্টৰ মেম্বাৰ হৈ আছোঁ
হয়টো তোমাক এই বিৰহী কবিৰ
শব্দবোৰে আমুৱাই
কিন্তু অংশুমান পটংগীয়া
মই উপায়হীন
ব্যস্ততাৰ পাছত যেতিয়া
ভাগৰুৱা চকুহাল মুদি দিওঁ
তোমাৰ প্ৰণয়ৰ স্মৃতিয়ে
বাৰুকৈয়ে আমনি কৰে।
জানা অংশুমান পটংগীয়া
তেতিয়া মই সংগীহীনতাত ভোগো।
অংশুমান পটংগীয়া
মনত পৰেনে তোমাৰ
সেই যে ব্ৰহ্মপুত্ৰৰ পাৰত
একেলগে পাৰ কৰা সন্ধিয়াটো
বাৰে বাৰে এটাই প্ৰশ্ন আছিল তোমাৰ
মোক এৰি থৈ নোযোৱাতো ?
তোমাৰ আঙুলিৰ ফাকত
মোৰ আঙুলিৰে হেঁচা দি
মাথোঁ এটাই উত্তৰ আছিল মোৰ
মৃত্যু পৰ্যন্ত তোমাৰ হৈ ৰ’ম ।
আস! বুকুখন ভৰি যায় ।
অংশুমান পটংগীয়া
তোমাৰ স্মৃতিতে সতেজ অনুভৱ কৰোঁ
বুকুৰ অনুৰণবোৰ নিগৰাই দিওঁ দুগালে
প্ৰেমৰ মালাগাঁঠি পুনৰ আশাৰে
বাট চাওঁ তুমি উভতি অহাৰ দিশে।
অংশুমান পটংগীয়া
আৰু নিলিখো দিয়া
শেষত কৈ যাওঁ
তুমি উভতি আহা বা নাহা
মাথোঁ ভালে থাকা।