অসমত স্নাতক শিক্ষাৰ পৰিবৰ্তনৰ যাত্রা: দুবছৰীয়া ডিগ্ৰীৰ পৰা চাৰিবছৰীয়া FYUGP লৈ
নিপু বৰুৱা, ছাত্র, তেজপুৰ বিশ্ববিদ্যালয়
অতীজৰে পৰা সমাজত এটা কথা প্রচলন হৈ আহিছে যে শিক্ষা এখন সমাজৰ দাপোণ স্বৰূপ। সেই দাপোণখন সময়ে সময়ে পৰিষ্কাৰ কৰিব লাগে, নতুবা প্রতিফলন স্নান হৈ পৰে। অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই ঘটি আহিছে। বৰ্তমান অসমৰ কলেজসমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্রম, অর্থাৎ Four Year Undergraduate Programme (FYUGP) চলি আছে। কিন্তু এই ব্যৱস্থালৈ আহিবলৈ অসমৰ উচ্চশিক্ষাই পাৰ কৰিছে এক দীঘলীয়া বিৱৰ্তনৰ পথ। সেই পথৰ ইতিহাস জনাটো আজিৰ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষার্থীসকলৰ বাবে অত্যন্ত প্রয়োজনীয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে সেই পৰিবৰ্তনৰ ক্ৰমবিকাশ আৰু বৰ্তমানৰ FYUGP ব্যৱস্থাৰ বিভিন্ন দিশ আৰু বহুলভাৱে চৰ্চিত প্রশ্নসমূহৰ উত্তৰ জ্যেষ্ঠ হিচাপে কণিষ্ঠ সকললৈ সহজ ভাষাত উপস্থাপন কৰাৰ প্ৰচেষ্টা কৰা হৈছে।
ব্ৰিটিছ পৰিকাঠামোৰ উত্তৰাধিকাৰ প্ৰাক বিশ্ববিদ্যালয় আৰু দুবছৰীয়া ডিগ্রী
স্বাধীনতাৰ পিছৰ কেইবা দশকলৈকে অসমত প্রচলিত আছিল শিক্ষা ১০+২+৩ গাঁথনি। এই ব্যৱস্থাত বিদ্যালয়ত দহ বছৰ পঢ়ি মেট্ৰিক পাছ কৰাৰ পাছত শিক্ষার্থীয়ে দুবছৰ প্ৰাক বিশ্ববিদ্যালয় বা Pre University (PU) শ্রেণীত পঢ়িছিল আৰু তাৰ পাছতে আহিছিল দুবছৰীয়া স্নাতক পাঠ্যক্রম অর্থাৎ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত BA, BSc বা BCom। তেতিয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ ধাৰণা পৃথকভাৱে নাছিল। PU আৰু ডিগ্রী মিলি মুঠ চাৰিবছৰীয়া উচ্চশিক্ষাৰ ব্যৱস্থাটো গঠিত হৈছিল। এই ব্যৱস্থাৰ মূল বৈশিষ্ট্য আছিল বছৰৰ শেষত বছৰেকীয়া পৰীক্ষাৰ পদ্ধতি (Annual Examination System)। এই ব্যৱস্থাত পাছ কোৰ্চৰ অধিক প্ৰচলিত আছিল আৰু Honours বা পাছলৈ আহা Major পাঠ্যক্রমত আসন সীমিত আছিল। ষান্মাসিক বা Credit ব্যৱস্থাৰ ধাৰণা ইয়াত অহা নাছিল। মূলতঃ ব্রিটিছ বিশ্ববিদ্যালয় কাঠামোৰ প্ৰভাৱতে এই ব্যৱস্থা গঢ় লৈ উঠিছিল।
১০+২+৩ পদ্ধতি আৰু TDCৰ সূচনা- সমগ্ৰ ভাৰতৰ শিক্ষাব্যৱস্থাত অহা বৃহৎ সংস্কাৰৰ অংশ হিচাপে অসমতো আৰম্ভ হয় ১০+২+৩ শিক্ষাৰ গাঁথনি। প্রায় ১৯৮৪-৮৫ চনৰ পৰা অসমৰ কলেজসমূহত তিনিবছৰীয়া স্নাতক পাঠ্যক্রম অর্থাৎ Three Year Degree Course (TDC) আৰম্ভ হয়। বিদ্যালয়ত দহ বছৰ শেষ কৰাৰ পাছত দুবছৰ উচ্চতৰ মাধ্যমিক পঢ়ি তাৰ পাছত কলেজত তিনি বছৰ স্নাতক পাঠ্যক্রম সম্পন্ন কৰিবলগীয়া হয়। আগৰ দুবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ঠাইত BA, BSC, BCom হয় তিনিবছৰীয়া।
এই পৰ্যায়ত মূলতঃ দুটা ধাৰা প্ৰচলিত আছিল সাধাৰণ পাঠ্যক্ৰম (Pass Course) আৰু মেজৰ পাঠ্যক্ৰম (Major Course) Pass Course-ত ছাত্র-ছাত্রীয়ে কেইবাটাও বিষয় সাধাৰণভাৱে পঢ়িছিল, কোনো বিশেষীকৰণ নাছিল। সকলো পৰীক্ষাত পাছ কৰিলে BA, BSC বা BCom ডিগ্রী দিয়া হৈছিল। Major Course-ত এটা বিশেষ বিষয়ত গভীৰ অধ্যয়নৰ সুবিধা আছিল আৰু ডিগ্রী দিয়া হৈছিল BA/BSc/BCom with Major হিচাপে। মেজৰ অহাৰ আগতে অনার্চ (Honours) পদ্ধতি প্ৰচলিত আছিল আৰু ডিগ্ৰীসমূহ BA (Honours), BSc (Honours) আৰু BCom (Honours) হিচাপে জনাজাত আছিল।
বার্ষিক পদ্ধতিৰ যুগ Part-I, Part-II, Part-III
-দীঘলীয়া সময় ধৰি অসমৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত চলি আছিল খণ্ড পদ্ধতি। তিনিবছৰীয়া পাঠ্যক্রম তিনিটা খণ্ডত বিভক্ত আছিল প্রথম বর্ষ (Part-I), দ্বিতীয় বর্ষ (Part-II) আৰু তৃতীয় বর্ষ (Part-III)। প্রতি বছৰৰ শেষত এবাৰকৈ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈছিল। নম্বৰ ভিত্তিত মূল্যায়নৰ (Marks-based evaluation) পদ্ধতি আছিল। আভ্যন্তৰীন মূল্যাংকন (Internal Assessment) অতি সীমিত আছিল আৰু ক্রেডিট পদ্ধতিৰ ধাৰণাই তেতিয়ালৈ ঠাই পোৱা নাছিল।
ছেমিষ্টাৰ ব্যবস্থাৰ প্ৰৱৰ্তন
বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC)ৰ উচ্চশিক্ষা সংস্কাৰৰ অংশ হিচাপে ২০১১-১২ চনৰ পৰা অসমতো ছেমিষ্টাৰ পদ্ধতি আৰম্ভ হয়। স্নাতক পাঠ্যক্ৰম তিনিবছৰীয়াই থাকিল, কিন্তু পাঠ্যক্রম বিভক্ত হ’ল ছটা ছমহীয়া ষান্মাসিকত- ছেমিষ্টাৰ একৰ পৰা ছেমিষ্টাৰ ছয়লৈ। এটা শৈক্ষিক বৰ্ষত দুটা ষান্মাসিক ৰখা হ’ল। প্ৰতিটো ষান্মাসিকৰ অন্তত চূডান্ত পৰীক্ষা অনুষ্ঠিত হয় আৰু পৰীক্ষাৰ আগতে একাধিক আভ্যন্তৰীণ পৰীক্ষাৰ ব্যৱস্থা ৰখা হয়। এই নতুন ব্যৱস্থাত আভ্যন্তৰীন মূল্যাংকন (Internal Assessment) আৰু অবিৰত মূল্যায়ন (Continuous Evaluation)ৰ ধাৰণা আহিল। নম্বৰৰ ঠাইত SGPA আৰু CGPA-ৰ প্ৰচলন আৰম্ভ হ’ল। Part-I, Part-II, Part-III নামবোৰ ক্ৰমে হেৰাই গ’ল।
CBCS Choice Based Credit System
২০১৮ৰ পৰা ২০২৩ চনৰ ভিতৰত UGC-এ দেশত প্রবর্তন কৰে Choice Based Credit System (CBCS)। এই ব্যৱস্থাত পাঠ্যক্রমত অন্তর্ভুক্ত হয় মূল বিষয় (Core Papers), অতিৰিক্ত বিষয় (Elective Papers), Skill Enhancement Courses আৰু Ability Enhancement Courses Credit based System প্রবর্তন হয়, ছাত্র-ছাত্রীয়ে বিষয় বাচনিৰ কিছু স্বাধীনতা পায় আৰু CGPA মূল্যায়ন পদ্ধতিৰ অধিক প্রচলন হয়। চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ হোৱাৰ ঠিক আগলৈকে এই CBCS ব্যৱস্থা ভালদৰেই চলিছিল।
FYUGP- এক নতুন অধ্যায়ৰ সূচনা
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) য়ে স্নাতক পাঠ্যক্ৰম চাৰিবছৰীয়া কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। কর্ণাটক আৰু দিল্লীৰ পাছত দেশৰ সকলো ৰাজ্যত FYUGP প্ৰবৰ্তন কৰা হয়। অসমতো ২০২৩ চনৰ পৰা চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ হয়। এই ব্যবস্থাক স্নাতক পৰ্যায়ৰ আটাইতকৈ ডাঙৰ আৰু জটিল সংস্কাৰ হিচাপে গণ্য কৰা হৈছে। NEP 2020-ৰ আধাৰত চাৰি বছৰত ৮টা ষান্মাসিকৰ ব্যৱস্থা কৰা হৈছে। নতুন ব্যৱস্থাত একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ (Multiple Entry-Exit System)ৰ সুবিধা ৰখা হৈছে, অর্থাৎ পাঠ্যক্ৰমৰ মাজতে আৱশ্যকতা অনুসৰি ওলাই গৈ পুনৰ ঘূৰি আহিব পাৰিব। চাৰিবছৰীয়া পাঠ্যক্ৰমৰ বিভিন্ন স্তৰত বিভিন্ন প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা আছে:
প্ৰথম বছৰ সম্পূৰ্ণ কৰিলে: Certificate
দ্বিতীয় বছৰ সম্পূৰ্ণ কৰিলে: Diploma
তৃতীয় বছৰ সম্পূৰ্ণ কৰিলে: Bachelor Degree (Major/Minor)
চতুৰ্থ বছৰ সম্পূৰ্ণ কৰিলে: Bachelor Degree with Honours / Honours with Research
বর্তমান ব্যৱস্থাৰ আন উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল প্ৰথম ষান্মাসিকৰ পৰাই Major আৰু Minor বিষয় পঢ়িব লাগে; Multidisciplinary Courses (MDC), Value Added Courses (VAC), Ability Enhancement Courses (AEC) আৰু Skill Enhancement Courses (SEC) বাধ্যতামূলকভারে অন্তর্ভুক্ত কৰা হৈছে। Internship, Vocational Education, Research Component আৰু Flexible Subject Choice-ৰ ব্যৱস্থাও কৰা হৈছে।
চতুৰ্থ বৰ্ষক লৈ ছাত্ৰ-ছাত্ৰীৰ মনত উদয় হোৱা প্রশ্নসমূহ
FYUGP ৰ চতুৰ্থ বৰ্ষটো লৈ বর্তমান ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক সকলৰ মনত নানান প্রশ্ন উত্থাপন হৈছে। এই প্রশ্নসমূহ অযুক্তিকৰ নহয়, বৰং এই প্রশ্নসমূহৰ স্পষ্ট উত্তৰ পোৱাটো এই ব্যৱস্থাৰ সফল ৰূপায়ণৰ বাবে অতিকে জৰুৰী।
চতুৰ্থ বৰ্ষটো সকলোৰে বাবে বাধ্যতামূলক?
চতুর্থ বর্ষটো সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক নহয়। যিসকলে তিনি বছৰৰ পাছতেই চাকৰি কৰিব বিচাৰে, প্ৰতিযোগিতামূলক পৰীক্ষাত (Competitive Examination) ত অৱতীৰ্ণ হ’ব বিচাৰে বা অন্য ক্ষেত্রলৈ আগবাঢ়িব বিচাৰে, তেওঁলোকে তিনিবছৰীয়া ডিগ্ৰী লৈয়েই ওলাই যাব পাৰিব। কিন্তু যিসকলে উচ্চশিক্ষা গ্রহণ কৰিব বিচাৰে, গৱেষণা বা PhD কৰিব বিচাৰে, কলেজ বা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব বিচাৰে অথবা বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়িব বিচাৰে, তেওঁলোকৰ বাবেই মূলতঃ চতুৰ্থ বৰ্ষৰ ধাৰণাটো প্ৰৱৰ্তন কৰা হৈছে।
চতুৰ্থ বৰ্ষৰ প্ৰকৃত গুৰুত্ব কি?
চতুর্থ বর্ষটোক কেৱল এটা অতিৰিক্ত বছৰ হিচাপে ভবাটো ভুল হ’ব। এই বর্ষত শিক্ষার্থীক গৱেষণা, বিশ্লেষণ আৰু শৈক্ষিক দক্ষতা (Academic Skill)ৰ সৈতে পৰিচিত কৰোৱাৰ কথা উল্লেখ কৰা হৈছে। চতুৰ্থ বৰ্ষত থাকিব ক্ষুদ্র গৱেষণ পত্র (Dissertation) বা Project Work, Research Methodology, Internship, Field Study, Seminar Presentation, Academic Writing আৰু Advanced Course। অর্থাৎ এই বৰ্ষত “ভাটোৰ দৰে মুখস্থ কৰি পৰীক্ষা দিয়া” ধৰণৰ শিক্ষাৰ পৰা আঁতৰি বাস্তৱমুখী আৰু চিন্তাভিত্তিক শিক্ষাৰ ওপৰত জোৰ দিয়া হৈছে।
চতুর্থ বর্ষ পঢ়িলে কি লাভ?
খৰচি মাৰি বুজি চতুর্থ বর্ষ পঢ়িলে সম্ভাব্য লাভসমূহ হ’ল বিষয়ৰ ওপৰত অধিক গভীৰ জ্ঞান, Research Aptitude গঢ়ি উঠাৰ সুযোগ, স্নাতকোত্তৰ (MA/MSc/MCom) ৰ ক্ষেত্রত অধিক শক্তিশালী শৈক্ষিক ভেটি, বিদেশী বিশ্ববিদ্যালয়ৰ Degree Structure-ৰ সৈতে সামঞ্জস্য, Skill-based Learning-ৰ অভিজ্ঞতা আৰু গৱেষণা তথা শিক্ষাক্ষেত্ৰত ভবিষ্যতৰ সুবিধা লাভ কৰিব পাৰে। অৱশ্যে এই লাভবোৰ তেতিয়াহে পোৱা যাব, যেতিয়া কলেজসমূহে মানসম্পন্নভাৱে এই পাঠ্যক্রম চলাব পাৰিব।
Honours আৰু Honours with Research-ৰ মাজত পাৰ্থক্য কি?
Honours Program মানে ইতিমধ্যে Major হিচাপে পঢ়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ গভীৰ অধ্যয়ন।
Honours with Research Programত গৱেষণামূলক কামৰ ওপৰত অধিক জোৰ দিয়া হয় আৰু ক্ষুদ্র গৱেষণ পত্র বা Research Project বাধ্যতামূলক। NEP 2020 অনুযায়ী Honours with Research ত ৭.৫ CGPA পোৱাসকলে পঞ্চম বছৰটো নপঢ়াকৈ পোনে পোনে PhD কৰিবলৈ যোগ্য বিবেচিত হ’ব।
এইটোৱেই সূচায় যে Honours with Research Degree দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীৰ সমপৰ্যায়ৰ হ’ব।
চতুর্থ বর্ষত ভর্তি হ’বলৈ কি যোগ্যতা লাগিব?
বহু বিশ্ববিদ্যালয়ৰ নিয়মমাফিক পৰিচালনা বিধি (SOP) আৰু নির্দেশাৱলীত উল্লেখ আছে যে তিনিবছৰীয়া FYUGP সম্পূৰ্ণ কৰাসকলে চতুৰ্থ বৰ্ষৰ Honours-ত ভর্তি হ’ব পাৰিব। কেৱল Honours with Research-ত ভর্তি হ’বলৈ তিনিবছৰীয়া পাঠ্যক্ৰমত ৭.৫ CGPA থাকিব লাগিব। কিন্তু এই ক্ষেত্রত বিভিন্ন বিশ্ববিদ্যালয়ত ভিন্ন ব্যাখ্যা প্রচলিত আছে। চতুৰ্থ বৰ্ষত ভৰ্তিৰ বিষয়ে এটা স্পষ্ট মত হ’ল ছয়টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব লাগিব অর্থাৎ প্রতিটো বিষয়ত পাছ কৰি নিৰ্দিষ্ট ক্রেডিট আহৰণ কৰিব লাগিব। তিনি বছৰত কমেও ১২০ Credit আহৰণ কৰিলেহে Degree with Major পাব পৰা যায়। গতিকে চতুৰ্থ বৰ্ষত Honours পঢ়িবলৈ ছয়টা Semester-ৰ প্ৰতিটো বিষয়ত পাছ কৰিব লাগিব, কোনো বিষয়ত Back বা Arrear থাকিব নোৱাৰিব। এটা বিষয়ত পাছ কৰিবলৈ কমেও ৪০ শতাংশ নম্বৰ পাব লাগে। কোনো বিশ্ববিদ্যালয়ে যদি Back বা Arrear থকাৰ পাছতো চতুৰ্থ বৰ্ষত নামভৰ্তিৰ অনুমতি দিয়ে, সেই সুবিধা ল’বলৈ উৎসাহিত হোৱাটো উচিত নহব। কাৰণ Major পাঠ্যক্ৰমত এদিনো ক্লাছ নকৰাকৈ, কোনো বিষয়ত পাছ নকৰাকৈ চতুৰ্থ বৰ্ষত ভর্তি হোৱাটোৱে উচ্চশিক্ষাক গুৰুত্বহীন কৰাৰ লগতে ভৱিষ্যতে ধ্বংসৰ বাট মুকলি কৰি দিয়াৰ দৰে হ’ব।
চতুৰ্থ বৰ্ষৰ পাছত পঞ্চম বছৰটো ক’ত পঢ়িব?
Honours ত উত্তীর্ণ হৈ আৰু পঢ়িব বিচাৰিলে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব লাগিব। পঞ্চম বর্ষ কলেজত নাথাকিলে বিশ্ববিদ্যালয়ত পঢ়িবলৈ ভাল নম্বৰ আৰু প্ৰৱেশ পৰীক্ষাৰ ভাল ফলাফলৰ আৱশ্যক হ’ব। Honours with Research ত ৭.৫ CGPA নোপোৱাসকলেও পঞ্চম বছৰ পঢ়িব লাগিব বা পঢ়িব পাৰে।
চতুৰ্থ বর্ষ পঢ়াসকলৰ বাবে এবছৰীয়া PG পাঠ্যক্রম থাকিবনে?
NEP 2020 অনুযায়ী বিশ্ববিদ্যালয়সমূহত এবছৰীয়া আৰু দুবছৰীয়া দুই ধৰণৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব। FYUGPত চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰাসকলৰ বাবে এবছৰীয়া MA/MSc/MCom থাকিব। বিশ্ববিদ্যালয়সমূহে এই ব্যৱস্থা নকৰিলে ভৱিষ্যতে ডাঙৰ সমস্যা হ’ব।
শিক্ষক-শিক্ষয়িত্রীসকল কিয় দোমোজাত?
চতুৰ্থ বৰ্ষৰ বিষয়ে সুধিলে শিক্ষক-শিক্ষয়িত্রীসকলে সদায় নিশ্চিত উত্তৰ দিব নোৱাৰাটো দেখি ছাত্র-ছাত্রীসকল হতাশ হয় আৰু দুশ্চিন্তাত ভোগে। কিন্তু ইয়াৰ কাৰণ বহুত আছে। বিশ্ববিদ্যালয় সমূহৰ নিয়মাৱলী এতিয়াও স্পষ্ট নহয়। বিশ্ববিদ্যালয় ভেদে নিয়ম বেলেগ বেলেগ। ক্রেডিট প্রণালীক এতিয়াও সহজভাৱে সম্পূৰ্ণৰূপে বুজিব পৰাকৈ প্ৰকাশ কৰা হোৱা নাই। নামভর্তি আৰু ইয়াৰ যোগ্যতা সম্পর্কে অস্পষ্টতা আছে। আন্ত: গাঁঠনি আৰু শিক্ষকৰ প্ৰয়োজনীয়তা বা শিক্ষক নিয়োগৰ (Teacher Requirement) বিষয়ে স্পষ্ট নহয়। কি পঢ়াব লাগিব, কিতাপ ক’ত-কেনেকৈ পোৱা যাব- এইবোৰ বিষয়ও এতিয়াও সম্পূর্ণরূপে স্পষ্ট হোৱা নাই। চতুর্থ বর্ষ খুলিবলৈ কলেজসমূহৰ কি কি দৰকাৰ সেইটোও স্পষ্টভাৱে বুজি লোৱা দৰকাৰ। চতুৰ্থ বৰ্ষ খোলা মানে কেৱল “এটা নতুন শ্রেণী” খোলা নহয়। কলেজসমূহৰ প্ৰয়োজন হ’ব পর্যাপ্ত সংখ্যক শিক্ষক, গৱেষণা অনুকূল পাঠদানৰ পৰিৱেশ (Research-oriented Teaching Environment), পুথিভঁৰাল আৰু ডিজিটেল তথ্য ভাণ্ডাৰ,, Internship আৰু Field Workৰ সুযোগ, Academic Mentoring, Departmental Infrastructure আৰু পৰীক্ষাগাৰ বা ICT Facility 1 নিয়মমাফিক পৰিচালনা বিধি (SOP) আৰু নির্দেশাৱলী অনুযায়ী কলা শাখাৰ এটা বিভাগত কমেও চাৰিজন আৰু বিজ্ঞান শাখাৰ এটা বিভাগত কমেও পাঁচজন সম্পূর্ণ অর্হতাসম্পন্ন শিক্ষক থকাটো আৱশ্যক। প্রয়োজনীয় সংখ্যক শিক্ষক নাথাকিলে সময়সূচী তৈয়াৰ কৰাটো অতি কঠিন হ’ব। Honours with Research Program চলাবলৈ এটা বিভাগত কমেও দুজন PhD ডিগ্রীধাৰী অভিজ্ঞ ৰিছাৰ্চ গাইড থাকিব লাগিব।
কল্পনাৰ মানসপটত দুখন ছবি ভাঁহি আহে কোনো এখন কলেজত চাৰি-পাঁচজন স্থায়ী শিক্ষক আছে, কিন্তু চতুর্থ বর্ষত পঢ়িবলৈ আগ্রহী ছাত্র-ছাত্রী নাই। আকৌ আন এখন কলেজত ছাত্র-ছাত্রী আছে কিন্তু স্থায়ী শিক্ষক মাত্র এজন বা দুজন। বিগত পাঁচ-ছবছৰৰ আৰ্থিক সংকোচনৰ পৰিপ্ৰেক্ষিতত নতুন পদ সৃষ্টিৰ আশা কম। এই বাস্তৱতাৰ কথা মাথোঁ ৰাখিয়েই অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকলে মত দিছে যে কলেজৰ শিক্ষকৰ সংখ্যা, আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু স্থানীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি চতুৰ্থ বৰ্ষ খোলা-নোখোলাৰ সিদ্ধান্ত কলেজ কর্তৃপক্ষক ল’বলৈ দিয়া হওক। চতুৰ্থ বৰ্ষটো সন্মানৰ প্ৰশ্ন বুলি ধৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত খেলিমেলি লগোৱা উচিত নহয়।
সকলো কলেজতে চতুৰ্থ বৰ্ষ থাকিবনে? নিজৰ কলেজত নাথাকিলে আন কলেজত পঢ়িব পাৰিবনে?
সকলো কলেজত চতুৰ্থ বৰ্ষ নাথাকিব, অসমৰ দৰে এখন ৰাজ্যত এয়া প্রায় নিশ্চিত। বেছিভাগ কলেজতে শিক্ষক, শ্রেণীকোঠা আৰু আন্ত:গাঁথনিৰ অভাৱ হ’ব। এনে ক্ষেত্ৰত চৰকাৰে আৰু বিশ্ববিদ্যালয়সমূহে চতুর্থ বর্ষতো পিছতীয়া নামভৰ্তিৰ (Lateral Entry) সুবিধা দিয়া উচিত, যাতে নিজৰ কলেজত সুবিধা নাথাকিলে ওচৰৰ আন কলেজত নামভৰ্তি কৰিব পাৰে। NEP 2020ত এই Lateral Entryৰ ধাৰণা আছে। অসমৰ কলেজসমূহত দ্বিতীয় বর্ষ (তৃতীয় ছেমিষ্টাৰ)ত Lateral Entryৰ সুবিধা ইতিমধ্যে দিয়া হৈছে অৱশ্যে কেৱল Back বা Arrear নথকাকৈ পাছ কৰাসকলৰ বাবেহে। চতুৰ্থ বৰ্ষতো এনে সুবিধা দিয়া হওক, এয়া এক যুক্তিসংগত প্রত্যাশা। আশা কৰা হৈছে যে, ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা শেষ হোৱাৰ আগে-পাছে, মে মাহৰ ভিতৰতে, এই বিষয়ত চৰকাৰে এটা সুস্থিৰ সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীক জনাব পাৰিব। মনত ৰাখিব লগীয়া কথা যে, আন কলেজত আসন পাবৰ জোখেৰে ছয়টা ছেমিষ্টাৰ মিলি ভাল নম্বৰ থকাটো প্রয়োজন।
সকলো বিশ্ববিদ্যালয়ত এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম খুলিবনে? নুখুলিলে কি হ’ব?
NEP 2020 ত এই বিষয়ে নির্দিষ্টকৈ লিখা হোৱা নাই। দিল্লী বিশ্ববিদ্যালয়ত ২০২২ চনতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ হোৱা কাৰণে তাত প্রথম বেটছয়ে চতুর্থ বর্ষ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। দিল্লী বিশ্ববিদ্যালয়ে এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব বুলি জাননী ইতিমধ্যে জাৰি কৰিছে। তাত একে সময়তে দুবছৰীয়া আৰু এবছৰীয়া দুই ধৰণৰ স্নাতকোত্তৰ চলিব। তিনি বছৰ পঢ়াসকলৰ বাবে দুবছৰীয়া আৰু চাৰি বছৰ পঢ়াসকলৰ বাবে এবছৰীয়া স্নাতকোত্তৰৰ ব্যৱস্থা থাকিব। অসমত ২০২৩ চনতহে FYUGP আৰম্ভ হোৱা কাৰণে এই বছৰতহে চতুৰ্থ বৰ্ষ আৰম্ভ হ’ব। সেয়েহে অহা শৈক্ষিক বৰ্ষতে অসমৰ বিশ্ববিদ্যালয়সমূহে দুবছৰীয়া স্নাতকোত্তৰৰ সমান্তৰালকৈ এবছৰীয়া স্নাতকোত্তৰ আৰম্ভকৰিব লাগিব। নকৰিলে চতুর্থ বর্ষ পঢ়াসকলে অসুবিধাত পৰিব।
তিনি বছৰ পঢ়াৰ পাছত ডিগ্ৰীৰ চাৰ্টিফিকেট পোৱা যাবনে?
নিশ্চয় পাব লাগিব আৰু পাব। কাৰণ তিনি বছৰৰ পাছতে বহুতে স্নাতকোত্তৰত নামভৰ্তি কৰিব বা একেবাৰে ওলাই যাব। ছয়টা ষান্মাসিক সম্পূৰ্ণ কৰাৰ পাছত ছাত্র-ছাত্রীসকলে এখন সম্পূর্ণ আৰু গ্রহণযোগ্য প্রমাণপত্র বা
চার্টিফিকেট পোৱা উচিত, যাতে চতুর্থ বর্ষত ভর্তি হ’বলৈ, চাকৰিৰ বাবে আবেদন কৰিবলৈ বা অন্য কামত সেই চার্টিফিকেট দাখিল কৰিব পাৰে। নম্বৰ তালিকাত Major, Minor, Creditৰ সংখ্যা আৰু CGPA শুদ্ধকৈ আৰু স্পষ্টকৈ লিখা থকাটো নিতান্ত প্রয়োজনীয়।
চতুর্থ বর্ষত নামভর্তি বিনামূলীয়া হ’বনে নে?
এই সিদ্ধান্ত ৰাজ্য চৰকাৰে ল’ব। ধৰি ল’ব পাৰি চতুৰ্থ বৰ্ষৰ নামভৰ্তিৰ মাচুল আগৰ তিনি বছৰৰ দৰেই হ’ব। কম আয়ৰ দৰিদ্ৰ সীমাৰেখা তলৰ (BPL) পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চতুর্থ বর্ষতো বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা থকাটো প্রায় নিশ্চিত। চতুর্থ বর্ষত Honours আৰু Honours with Research পাঠ্যক্রম থকা কাৰণে অতিৰিক্ত খৰছ হোৱাৰ সম্ভাৱনা আছে। আনহাতে চতুর্থ বর্ষত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি নহ’বও পাৰে, ফলত কলেজসমূহৰ পক্ষে আর্থিকভাৱে কঠিন হ’ব পাৰে। কোনো কোনো বিশ্ববিদ্যালয়ে চতুৰ্থ বৰ্ষৰ বাবে অধিক ফীজ লোৱাৰ সিদ্ধান্ত লোৱাত অধ্যক্ষসকলে আপত্তি জনাইছে। চতুর্থ বৰ্ষটো একেটা পাঠ্যক্ৰমৰেই অংশ বুলি ধৰি লৈ অতিৰিক্ত ফীজ নোলোৱাই উচিত এয়া অধ্যক্ষসকলৰ মত। আশা কৰা যায় চৰকাৰে সকলো বিশ্ববিদ্যালয়ক সাঙুৰি এই বিষয়ত এক সুস্থ সিদ্ধান্তত উপনীত হ’ব।
তিনিবছৰীয়া ডিগ্ৰীৰ মূল্য কমিব নেকি?
এই প্রশ্নটো এতিয়া বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মনত উদয় হৈছে। তিনিবছৰীয়া BA, BSC, BCom ডিগ্রী লৈয়ো MA, MSc, MCom, BEd, MEd, LLB, LLM আদি পঢ়িব পাৰিব। পিছলৈ গৱেষণা কৰিব পাৰিব। বেছিভাগ চাকৰিৰ বাবে যোগ্য বিবেচিত হ’ব। APSC-ৰ পৰা UPSC লৈ সকলো ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষাত বহিব পাৰিব। চতুর্থ বর্ষটো কোনো বিশেষ সুবিধা থকা বুলি ভাবিব নালাগে আৰু প্রয়োজন নাথাকিলে, আনৰ কথা শুনি ভুল বুজি নিজৰ এটা বছৰ নষ্ট কৰিব নালাগে।
FYUGPৰ সফলতাৰ চাবিকাঠি
চাৰিবছৰীয়া ব্যৱস্থা সফল হ’ব নে নহয়, সেয়া নিৰ্ভৰ কৰিব সঠিক নীতি, স্পষ্ট নির্দেশনাৱলী, প্রশিক্ষিত শিক্ষক, উপযুক্ত আন্ত:গাঁথনি আৰু ছাত্ৰ-ছাত্ৰীসকলক সঠিক তথ্য প্ৰদানৰ ওপৰত। উৎকৃষ্ট মানসম্পন্নভারে ৰূপায়িত হ’লে এই ব্যৱস্থাই শিক্ষাত ইতিবাচক পৰিবৰ্তন আনিব পাৰে। কিন্তু স্পষ্টতা আৰু প্ৰস্তুতিৰ অভাৱত বিভ্রান্তি আৰু সমস্যা বাঢ়িব। সকলো বিশ্ববিদ্যালয় আৰু কলেজক একে নিয়মৰ অধীনত আনিবলৈ চৰকাৰে স্পষ্ট নির্দেশনা দিয়াটো এই মুহূৰ্তৰ আটাইতকৈ জৰুৰী পদক্ষেপ। অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু শেহতীয়াকৈ শপতগ্রহণ কৰিছে গতিকে অনাগত দিনত শিক্ষামন্ত্রী নিযুক্তি দিয়া দিনাই যাতে শিক্ষার্থী সকলৰ মনত প্ৰশ্নৰ মাজেৰে থকা দুশ্চিন্তা, হতাশা, নিৰাশাৰ কলীয়া ডাৱৰ আঁতৰাই এখন স্পষ্ট নির্দেশনা প্ৰকাশ কৰি সকলোৰে মন ফৰকাল কৰি তুলিব বুলি এই অভাজনৰ লগতে শিক্ষার্থী সমাজ আশাবাদী।
অসমৰ শৈক্ষিক জগতৰ ভৱিষ্যৎ উজ্বল হওক, এই আশাৰে এই লেখনি সামৰিছোঁ।
(বি. দ্র: লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তথা অসম সাহিত্য সভাৰ সংবাদ তথা সামাজিক মাধ্যম লগত জড়িত আৰু চুতীয়া যুৱ সম্মিলন, অসমৰ কেন্দ্রীয় সাহিত্য আৰু আলোচনী সম্পাদক, অসম চৰকাৰৰ যুৱ লেখক বঁটা প্ৰাপক। যিহেতু বর্তমান নতুন শৈক্ষিক বৰ্ষৰ নামভৰ্তিৰ সময়। শিক্ষার্থী সমাজত বিভিন্ন প্রশ্ন উদয় হৈছে গতিকে সকলো স্তৰৰ শিক্ষার্থীয়ে বুজি পোৱাকৈ অসমীয়াৰ লগতে ইংৰাজী প্রতিশব্দৰ সৈতে লেখনিটো লিখা হৈছে। গতিকে সম্পাদক মহোদয়ে হুবহু প্রকাশ কৰি শিক্ষার্থী সমাজৰ উপকাৰ কৰাৰ লগতে সমস্যা সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আশা ৰাখিলোঁ, ধন্যবাদ।)
