এটি নতুন দিন নতুন সময়ে সকলোলৈকে লৈ আহক আনন্দৰ বতৰা – নমিতা দাস

Pc Mint

এটি নতুন দিন নতুন সময়ে সকলোলৈকে লৈ আহক আনন্দৰ বতৰা

নমিতা দাস
শুৱালকুছি

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমুহ ঘোষনাৰ তাৰিখ চৰকাৰে ঘোষনা কৰিছে । গতিকে প্ৰত্যেক অভিভাৱকৰ লগতে শিক্ষাৰ্থী সকলে অতি উৎকণ্ঠা আৰু আগ্ৰহেৰে ৰৈ আছে ফলাফল কি হ’ব ।কাৰোবাৰ হয়তো আশা কৰা ধৰণে হ’ব ,কোনো কোনোৰ হয়তো আশা কৰাতকৈ ভাল বা বেয়া হ’ব । এতিয়া কথা হ’ল আমি অভিভাৱক সকলে শিক্ষাৰ্থী সকলৰ ফলাফলক লৈ গৌৰৱ কৰিবৰ বাবেই হওঁক বা সন্তানৰ উচ্চ শিক্ষাৰ পৰিকল্পনাৰ বাবেই হওঁক, তেওঁলোকে কিমান শতাংশ নম্বৰ পালে সেইটোত বেছি গুৰুত্ব দি শিক্ষাৰ্থী সকলৰ ফলাফলৰ খবৰ জানিবলৈ আজি কালি হাততে পোৱা মোবাইটোৰ দ্ধাৰাই ফোন কৰি খবৰ লবলৈ আত্মীয়, চা-চিনাকী সকলোকে সজাগ কৰা নাই নে বাৰু! কোনো কোনো সময়ত অভিভাৱক সকলে নিজৰ স্বাভিমান ৰক্ষাৰ বাবে শতাংশৰ পৰিমান বঢ়ায় ক’বলগাও পৰিবেশ এটাৰ আমিয়েই সৃষ্টি কৰিছোঁ । সেই সময়ত শিক্ষাৰ্থী গৰাকীৰ লগতে তেওঁৰ অভিভাৱক সকল শ’ল ঠেকত পৰাও আমি লক্ষ্য নকৰা নহয় । এই শতাংশৰ ধুমুহায় সকলোকে জোঁকাৰি গৈছে । অমুকে ইমান পালে ,তমুকে ইমান পালে, এনে বাক্যবাণত নিজৰ সন্তানে এইখিনি হে পালে বুলিও লজ্যাবোধ কৰা দেখা যায় । তেতিয়াই তেওঁলোক মানসিক ভাবে হীনমন্যতাত ভোগে । ফলত কিছুমান নলব লগা সিন্ধান্ত লৈ নিজৰ জীৱন শেষ কৰি দিয়া পৰিলক্ষিত হৈছে ।

শিক্ষাৰ্থী সকলক বিভিন্ন বাছনি পৰীক্ষাত অবতীৰ্ণ হ’বলৈ এটা শতাংশৰ পৰিমান চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। তেওঁলোকৰ পুঠিগত জ্ঞান কিমান সেই কথা সেই পৰীক্ষাত প্ৰয়োজন হয় বুলি ভাবো । কাৰণ ৯৭% পোৱা লৰা-ছোৱালীয়ে যেতিয়া বেলেগ বেলেগ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেওঁলোক মানসিক ভাবে ভাগি পৰে । অসহায় হৈ পৰে তেওঁলোক এফালে ঘৰ খনৰ প্ৰচণ্ড চাপ আনফালে সমাজৰ মানুহে কি ক’ব , এনে কিছুমান পৰিস্থিতিত পৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাই তেওঁলোকে বিষন্নতাৰে দিন নিয়াব লগা হয় । গতিকে আমি আমাৰ সন্তানৰ কথা ভাবিয়েই %তকৈ পুঠিগত জ্ঞানৰ কথাহে ভবাৰ প্ৰয়োজন আছে বুলি ভাবো। কাৰণ শিক্ষাৰ্থী সকলৰ ভবিষ্যত শতাংশৰে নহয়। তেওঁলোকৰ পুঠিগত শিক্ষাৰ ওপৰিও বাহিৰা জ্ঞানৰ লগতে মাত-কথা আচাৰ ব্যৱহাৰ সুন্দৰ হোৱাৰ প্ৰয়োজন । বেছিভাগ উচ্চ শিক্ষাৰে শিক্ষিত লোক সকলৰ পিতৃ- মাতৃয়ে বৃদ্ধাশ্ৰমত আশ্ৰয় লব লগা হৈছে, সেয়া যিয়েই কাৰণ নহওঁক গতিকে শিক্ষাৰ লগতে নিজৰ কামখিনি, কথা-বাৰ্তা আৰু সম্পৰ্ক বোৰতো মধুৰতা অনাৰ প্ৰয়োজন আছে বুলি ভাবো।