এখন অৰণ্য বিচাৰি – বনজিত দাস

Pc Metro Parks

এখন অৰণ্য বিচাৰি 

বনজিত দাস 
ৰিহাবাৰী , বজালী

অৰণ্য নহয় বৰ্তমান
অতব্য হাবিৰ গছ গজালিৰ গুণগুণনি
সজাল ধৰাৰ নিৰৱ ধ্বনি
লুকাই থাকে হেজাৰ হেজাৰ বছৰ ধৰি
ইতিহাসৰ আশাৰ প্ৰতিধ্বনি
অৰণ্য এতিয়া মাথো
অন্ধকাৰ বিশাল কৰাল গ্ৰাসত
ধ্বংসযজ্ঞৰ আঁকে ছবি
অত্যাচাৰৰ নখৰ আঁচোৰ
ক্ষত বিক্ষত কৰে পৃথিৱীৰ বুকু
তথাপি সংকীৰ্ণতাত ক্ষুণ্ণ নহয়
মানুহৰ লোভনীয় মূল্যবোধ
স্বাৰ্থৰ বেদিত জ্বলাই
সভ্যতাৰ শেষ গৰাকীৰ ছবি ।

এখন অৰণ্যৰ সন্ধানত
খোজ দিওঁ হাতে হাত ধৰি
সেউজীয়া শপত লৈ
য’ত পাতৰ মৃদু গুঞ্জনত
এতিয়া জীয়াই থাকিব পৃথিৱীৰ স্পন্দন
যেন শিপাবোৰে শিকায়
মাটিৰ ভাষা
পাতবোৰে লিখি দিয়ে
বতাহৰ গোপন উপনিষদ
জীৱন জীয়াই থকাৰ অৰ্থ ।