অব্যক্ত প্ৰেমৰ আত্মিক মহাকাব্য
মৌনতাৰ সংগী ( হৃষীতা মেধী )
দ্বাদশ শ্ৰেণীৰ ছাত্ৰী
কনচেপ্ত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও
কনচেপ্ত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও
বাস্তৱৰ মৰুময় বুকুত আমাৰ নাই কোনো মিলন,
তথাপি তোমাৰ জ্যোতিৰে উদ্ভাষিত মোৰ এই জীৱন।
হৃদয়ৰ গহ্বৰত তুমি এক অনির্বাণ অগ্নিশিখা,
দূৰত্বৰ প্ৰাচীৰেও মচিব নোৱাৰে প্ৰেমৰ এই ৰেখা।
তোমাক ভাল পাওঁ মানে এক কালজয়ী অনুভূতি,
মোৰ তমোময় জীৱনৰ তুমি অনন্ত দীপ্তি।
তুমি মোৰ কাষত নাই,
নাই কোনো পাৰ্থিৱ স্মৃতি,
তথাপি আত্মাৰ স্পন্দনত স্পন্দিত তোমাৰেই প্ৰীতি।
শাৰীৰিক উপস্থিতিৰ ইয়াত নাই কোনো ব্যাকুলতা,
শাৰীৰিক উপস্থিতিৰ ইয়াত নাই কোনো ব্যাকুলতা,
তোমাৰ নামতেই বিলীন মোৰ সমস্ত নীৰৱতা।
মই তোমাক মোৰ নশ্বৰ দেহৰ মাজত কৰা নাই বন্দী,
মোৰ অমৰ আত্মাৰ সৈতে কৰিছোঁ চিৰন্তন সন্ধি।
চকু মেলিয়েই মই প্ৰথম তোমাৰ সেই দীপ্ত ৰূপ দেখো,
অন্ধকাৰ নৈশ আকাশতো মই তোমাৰেই মহিমা লেখো।
বাস্তৱৰ ক্ষণভংগুৰ ধৰাত আমি দুখন পৃথক তৰী,
তথাপি মোৰ চেতনাৰ বুকুত কেৱল তোমাৰেই লহৰী।
তুমি অবিহনে মোৰ এই জীৱন নিস্প্ৰাণ অৰণ্যৰ দৰে,
তোমাৰ চিন্তাই মোৰ শুষ্ক বুকুত অমৃত বৰ্ষণ কৰে।
হাতত হাত থৈ খোজ কাঢ়িব পৰা নাই আমি হয়তো,
কিন্তু আত্মাৰ সিংহাসনত তুমি জিলিকিছা চিৰসত্য।
কোনো সামাজিক বান্ধোন নোহোৱাকৈয়ে মই তোমাৰ হ’লো,
মিলনহীনতাৰ মাজতো তোমাক মোৰ অস্তিত্বত সাৱটি ল’লো।
পৃথিৱীৰ সকলো নশ্বৰ বস্তু এদিন হয়তো ধূলিস্যাৎ হৈ যাব,
পৃথিৱীৰ সকলো নশ্বৰ বস্তু এদিন হয়তো ধূলিস্যাৎ হৈ যাব,
কিন্তু তোমাৰ প্ৰতি থকা মোৰ মহাজাগতিক প্ৰেম জীয়াই থাকিব।
কাৰণ শৰীৰ ধ্বংস হ’লেও আত্মা কেতিয়াও মৰি নাযায়,
মোৰ এই নিস্বাৰ্থ প্ৰেমে কেৱল তোমাৰেই জয়গান গায়।
তোমাৰ অবিহনে মই আধৰুৱা, নিসংগ আৰু দিশহাৰা,
তুমি মোৰ জীৱনৰ অন্ধকাৰ পথৰ এক ধ্ৰুৱতৰা।
মোৰ আত্মাৰ কেনভাচত কেৱল তোমাৰেই ছবি অঁকা,
য’ত নাই কোনো কপটতা,
নাই কোনো ক্ষণস্থায়ী মোহৰ ছাঁ পৰা।
তোমাৰ অলৌকিক উপস্থিতিয়ে মোৰ আত্মাক দিব্য শান্তি দিয়ে,
মোৰ এই প্ৰেমে কোনো দিনেই একো বিনিময় নিবিচাৰে।
ই এক সম্পূৰ্ণ সমৰ্পণ,
য’ত মই নিজকে হেৰুৱাইছোঁ,
তোমাক মোৰ আত্মাত ধাৰণ কৰি মই ধন্য হৈছোঁ।
কালৰ বুকুত সকলো কাহিনী এদিন হয়তো হেৰাই যাব,
কিন্তু আমাৰ আত্মাৰ এই মিলন সদায় সজীৱ হৈ ৰ’ব।
তুমি মোৰ মাজত আছা আৰু মই তোমাৰ মাজত আছোঁ,
মিলনহীন এই প্ৰেমক মই এক পবিত্ৰ ব্ৰত হিচাপে লৈছোঁ।
এইয়াই মোৰ আত্মাৰ আটাইতকৈ পবিত্ৰ প্ৰেমৰ স্বীকাৰোক্তি,
এইয়াই মোৰ আত্মাৰ আটাইতকৈ পবিত্ৰ প্ৰেমৰ স্বীকাৰোক্তি,
তুমিহীনতাৰ মহাশূন্যতাৰ মাজতো বিচাৰি পাওঁ মই মোৰ মুক্তি।
