উদ্বোধন কৰা ২৪ ঘণ্টা নৌহওঁতেই কৰ্কট চিকিৎসা সেৱা  আৰম্ভ

PC-Facebook

উদ্বোধন কৰা ২৪ ঘণ্টা নৌহওঁতেই কৰ্কট চিকিৎসা সেৱা  আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-নতুনকৈ মুকলি হোৱা কেঞ্চাৰ চিকিৎসালয়সমূহ উদ্বোধন কৰা ২৪ ঘণ্টা নৌহওঁতেই পুৱা ৯ বজাৰ পৰা  বহিঃবিভাগৰ সেৱাৰ লগতে কেম’থেৰাপী, নিয়মীয়া চেকআপ, মেম’গ্ৰাফী আৰম্ভ হয়। প্ৰতিটো কেন্দ্ৰতে  সংশ্লিষ্ট জিলা উপায়ুক্তৰ উপস্থিতিত চিকিৎসালয়ৰ বহিঃবিভাগৰ সেৱাৰ বাবে কৰ্কট ৰোগীৰ নাম পঞ্জীয়ন আদি আৰম্ভ কৰা হয়।গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈ যাব লগা নোহোৱাকৈ নিজ নিজ জিলাতে অত্যাধুনিক, বিশ্বমানৰ চিকিৎসা যন্ত্ৰৰ লগতে কৰ্কট ৰোগ চিকিৎসাৰ সু-প্ৰশিক্ষণপ্রাপ্ত তথা অভিজ্ঞ চিকিৎসক, নাৰ্ছৰ পৰা এই সেৱা লাভ কৰিবলৈ পাই প্ৰথম দিনাই চিকিৎসালয়কেইখনলৈ আগমন ঘটা ৰোগীৰ উপৰি সহায়কসকলেও উপায়ুক্ত তথা চিকিৎসালয় কর্তৃপক্ষৰ ওচৰত সন্তুষ্টি প্রকাশ কৰে।