ষড়যন্ত্ৰ: কালান্তৰৰ অদৃশ্য মহাযন্ত্ৰ – প্ৰেম বৈষ্ণৱ

Pc Unsplash

ষড়যন্ত্ৰ: কালান্তৰৰ অদৃশ্য মহাযন্ত্ৰ

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

মানৱ সভ্যতাৰ বিকাশৰ সুদীৰ্ঘ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে মানুহে নিজৰ প্ৰয়োজন আৰু সুবিধাৰ বাবে অজস্ৰ যন্ত্ৰ সাজি উলিয়ালে। চকাৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি জুইৰ ব্যৱহাৰ, কৃষি সঁজুলি, কাগজ, ছপা যন্ত্ৰ, বাষ্পীয় ইঞ্জিন, বিদ্যুৎ শক্তি, টেলিফোন, ৰেডিঅ’, টেলিভিছন, কম্পিউটাৰ, আধুনিক তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ যানলৈকে – মানুহৰ সৃষ্টিশীলতাই পৃথিৱীক আমূল সলাই পেলালে। এই সকলোবোৰ যন্ত্ৰই মানুহৰ শাৰীৰিক পৰিশ্ৰম কমালে, সময় বচালে, জীৱন সহজ কৰিলে আৰু সভ্যতাক দ্ৰুত গতিত আগুৱাই নিলে। কিন্তু এই সকলোবোৰ দৃশ্যমান, বৈজ্ঞানিক আৰু কল্যাণকামী যন্ত্ৰৰ বহু শতাব্দী পূৰ্বৰে পৰাই মানৱ সমাজত চলি আহিছে আন এক অদৃশ্য অথচ অতীব শক্তিশালী যন্ত্ৰ – যাক আমি ‘ষড়যন্ত্ৰ’ বুলি কওঁ। ক’বলৈ গ’লে, এই পৃথিৱীৰ আটাইতকৈ পুৰণি, আটাইতকৈ স্থায়ী আৰু অপৰিৱৰ্তনীয় যন্ত্ৰটোৱেই হৈছে ষড়যন্ত্ৰ। ইয়াৰ কোনো উদ্ভাৱক নাই, কোনো পেটেণ্ট নাই, কিন্তু ইয়াৰ ব্যৱহাৰ সৰ্বত্ৰ আছে।

ই কোনো ধাতুৰে গঢ়া যন্ত্ৰ নহয়, কোনো কাৰখানাত নিৰ্মাণ হোৱা যন্ত্ৰ নহয়, ই মানুহৰ মনৰ গোপন জটিলতা, হিংসা, লোভ, অসূয়া, অহংকাৰ, ভয় আৰু বাকপটুতাৰে গঠিত এক কুটিল চক্ৰবেহু। ইয়াৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, কোনো শব্দ নাই, কোনো গোন্ধ নাই, কিন্তু ইয়াৰ ফল অতি ভয়ংকৰ আৰু সুদূৰপ্ৰসাৰী। যুগে যুগে এই যন্ত্ৰটোৰ কোনো বিনাশ হোৱা নাই; সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক ৰূপত ইয়াৰ মেৰামতি, পৰিমাৰ্জন আৰু নৱীকৰণ হৈয়েই আহিছে। প্ৰাচীন ৰাজপ্ৰসাদৰ গোপন কোঠাৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ সংসদ ভৱন, ন্যায়ালয়, কাৰ্পোৰেট অফিচ, শিক্ষানুষ্ঠান, গাঁৱৰ নামঘৰৰ চ’ৰাৰ পৰা ভাৰ্চুৱেল জগতৰ হোৱাটছএপ গ্ৰুপ, ফেচবুক, ইনষ্টাগ্ৰামলৈকে ষড়যন্ত্ৰৰ বিস্তাৰ অসীম আৰু অবাধ।

বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ বহু শতাব্দী পূৰ্বৰে পৰা ষড়যন্ত্ৰই সমাজৰ আটাইতকৈ গভীৰ স্তৰত শিপাই আছিল। ইতিহাসৰ পাত ওলোটালেই আমি দেখিবলৈ পাওঁ কেনেকৈ বৃহৎ সাম্ৰাজ্যৰ পতন ঘটাইছিল একো একোটা গোপন চক্ৰান্তই। পৌৰাণিক ভাৰতবৰ্ষৰ মহাভাৰতলৈ লক্ষ্য কৰিলে দেখা যায়, শকুনিৰ পাশা খেলৰ অন্তৰালত থকা কূটনীতি আৰু ঈৰ্ষাই সমগ্ৰ কুৰু বংশ ধ্বংসৰ মুখলৈ ঠেলি দিছিল। শকুনিয়ে প্ৰত্যক্ষ যুদ্ধ কৰা নাছিল, তেওঁ কেৱল মনত প্ৰতিশোধৰ জুই জ্বলাই ৰাখি কৌৰৱৰ মনত লোভ আৰু অহংকাৰৰ বীজ সিঁচি দিছিল। সেয়া আছিল এক সুপৰিকল্পিত মনস্তাত্ত্বিক ষড়যন্ত্ৰ, য’ত অস্ত্ৰৰ ব্যৱহাৰ নাছিল, আছিল কেৱল বুদ্ধিৰ খেল। ঠিক তেনেদৰে ৰামায়ণত মন্থৰাৰ কুমন্ত্ৰণাই কৈকেয়ীৰ মনত সন্দেহ সৃষ্টি কৰি ৰামৰ বনবাসৰ কাৰণ হৈছিল। ৰোমৰ ইতিহাসত জুলিয়াছ চিজাৰৰ হত্যাকাণ্ড আধুনিক সমাজৰ বাবে ডাঙৰ শিক্ষা। চিজাৰক হত্যা কৰা হৈছিল শত্ৰুৰ দ্বাৰা নহয়, তেওঁৰ আটাইতকৈ বিশ্বাসী বন্ধু ব্ৰুটাছৰ অংশগ্ৰহণেৰে। মৃত্যুৰ সময়ত চিজাৰৰ মুখৰ পৰা ওলোৱা শেষ বাক্য – “ব্ৰুটাছ, তুমিও?” – আজিও বন্ধুৰূপী শত্ৰুৰ প্ৰতাৰণাৰ বিশ্বজনীন চিহ্ন হৈ ৰ’ল।

আমাৰ অসম বুৰঞ্জীতো ইয়াৰ প্ৰমাণ ভৰি আছে। আহোম সাম্ৰাজ্যৰ অন্তৰ্দ্বন্দ্বৰ বাবেই বদন বৰফুকনে ব্যক্তিগত প্ৰতিশোধ আৰু ক্ষমতাৰ লোভত মানক অসমলৈ মাতি আনিছিল। এই একক ষড়যন্ত্ৰৰ পৰিণতি আছিল সমগ্ৰ অসমীয়া জাতিৰ বাবে কেইবা দশকজোৰা চৰম নিৰ্যাতন, যাক মানৰ দিন বুলি ইতিহাসত ক’লা অধ্যায় হিচাপে জনা যায়।

সময়ৰ সোঁতত ৰাজশাসন গৈ গণতন্ত্ৰ আৰু আধুনিক অৰ্থনীতিৰ প্ৰতিষ্ঠা হ’ল, কিন্তু ষড়যন্ত্ৰৰ ব্যৱহাৰ বন্ধ নহ’ল। সময় সলনি হোৱাৰ লগে লগে এই যন্ত্ৰটো অধিক সূক্ষ্ম, অধিক বুদ্ধিমান আৰু অধিক বিপদজনক হৈ পৰিল। আগতে য’ত তৰোৱাল, যাঠি আৰু বিষৰ ব্যৱহাৰ হৈছিল, এতিয়া তাত শব্দ, তথ্য, ফটো আৰু ভিডিঅ’ৰ ব্যৱহাৰ হয়। ৰাজনীতিৰ পথাৰখনত আজিও ষড়যন্ত্ৰই মূল চালিকা শক্তিৰ কাম কৰে। দলীয় কন্দল, নেতাৰ চৰিত্ৰ হনন, সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ আৰু ছদ্মবেশী বন্ধুৰ দ্বাৰা ক্ষমতাচ্যুত কৰাৰ প্ৰচেষ্টা বৃদ্ধি পাইছে। এজন উদীয়মান নেতাক আগুৱাই যাবলৈ নিদিবলৈ তেওঁৰ নিজৰ দলৰ ভিতৰৰে মানুহে বিৰোধীৰ লগত হাত মিলায়। একেদৰে কাৰ্পোৰেট খণ্ডতো ষড়যন্ত্ৰৰ পৰিসৰ বিস্তৃত। ‘ইণ্ডাষ্ট্ৰিয়েল এছপিঅ’নেজ’ অৰ্থাৎ এটা প্ৰতিষ্ঠানে আন এটা প্ৰতিষ্ঠানৰ গোপন তথ্য চুৰি কৰিবলৈ বিশ্বাসী কৰ্মচাৰীক ধনৰ লোভ দেখুৱাই কিনি লয়। বহু বহুজাতিক প্ৰতিষ্ঠানৰ পতনৰ আঁৰত কোনো বাহ্যিক প্ৰতিযোগিতা নাছিল, আছিল ভিতৰৰে বিষয়াৰ অন্তৰ্ঘাতমূলক চক্ৰান্ত।

আজিকালি আটাইতকৈ ডাঙৰ সংকট হ’ল শত্ৰুক চিনাক্ত কৰাটো সহজ, কিন্তু ‘বন্ধুৰূপী শত্ৰু’ক চিনা টান। শত্ৰুৱে সন্মুখৰ পৰা আক্ৰমণ কৰে, কিন্তু বন্ধুৰ মুখা পিন্ধা শত্ৰুৱে পিছফালৰ পৰা আঘাত কৰে। বাস্তৱ জীৱনত দেখা যায়, নিজৰ সংসাৰ, কৰ্মক্ষেত্ৰ বা বন্ধুৰ বৃত্তত আমি অতি বিশ্বাসেৰে যাৰ ওচৰত মনৰ গোপন কথা প্ৰকাশ কৰোঁ, তেওঁলোকেই কেতিয়াবা সেইবোৰ নিজৰ স্বাৰ্থৰ বাবে বিক্ৰী কৰি দিয়ে। কৰ্মক্ষেত্ৰত একেলগে আহাৰ খোৱা সহকৰ্মীজনে আপোনাৰ ব্যক্তিগত দুৰ্বলতা উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত প্ৰকাশ কৰি পদোন্নতি বন্ধ কৰি দিয়ে। মানুহৰ আৱেগ, দুৰ্বলতা আজিৰ বজাৰত লাভজনক সামগ্ৰী হৈ পৰিছে। অলপ অসাৱধানতাই আনিব পাৰে চৰম অনুশোচনা। সেইবাবেই কোৱা হয় – “বাছি খাব, জাগি শুব; কাৰণ বেৰৰো কাণ আছে!” এতিয়া বেৰৰ কাণ নহয়, মোবাইলৰ কাণ আছে।

ডিজিটেল যুগ: ষড়যন্ত্ৰৰ নৱতম সংশোধন – বিজ্ঞান যিমানেই উন্নত হৈছে, ষড়যন্ত্ৰও সিমানেই অত্যাধুনিক হৈ পৰিছে। এতিয়া চক্ৰান্ত কৰিবলৈ ৰাজপ্ৰসাদৰ গোপন কোঠাৰ প্ৰয়োজন নাই। এটা মোবাইল ফোন, এটা ইণ্টাৰনেট সংযোগ আৰু এটা ভুৱা একাউণ্টেই যথেষ্ট। বিকৃত তথ্য, ভুৱা বাতৰি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰেৰে ব্যক্তিগত জীৱন বিনষ্ট কৰা হৈছে। ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্দোষী মানুহৰ ভাৱমূৰ্তি ধ্বংস কৰা হয়। চাইবাৰ অপৰাধীয়ে বিশ্বাসী বন্ধুৰ নামত ভুৱা প্ৰফাইল খুলি ধন সংগ্ৰহ কৰে। এটা ভুৱা স্ক্ৰীণশ্বট, এটা সম্পাদিত ভিডিঅ’ই এজন মানুহৰ গোটেই জীৱনৰ সাধনা ধ্বংস কৰি দিব পাৰে। প্ৰাচীন চক্ৰান্ততকৈ আজিৰ ডিজিটেল চক্ৰান্ত বহু বেছি মাৰাত্মক, দ্ৰুত আৰু অদৃশ্য।

বিশ্বাস আৰু সন্দেহৰ ভাৰসাম্য: লিংকনৰ দৰ্শন – আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল – “সকলোকে বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকোৱে বিশ্বাস নকৰাটো আৰু বেছি বিপদজনক।” যদি আমি সকলোকে অন্ধভাৱে বিশ্বাস কৰোঁ, বিশ্বাসঘাতকতা নিশ্চিত। আনফালে, সকলোকে সন্দেহ কৰিলে আমি নিঃসংগ হৈ পৰিম। কোনো সম্পৰ্ক, পৰিয়াল কেৱল সন্দেহৰ ওপৰত তিষ্ঠি নাথাকে। জীৱনৰ মূল ভেটি হৈছে বিশ্বাস, কিন্তু তাৰ লগত লাগে সজাগতা। কাক কিমান বিশ্বাস কৰিম, তাৰ এক সীমাৰেখা নিজে টানি ল’ব লাগিব। স্থান-কাল-পাত্ৰ বুজি বিশ্বাসৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগে।

মানুহে কিয় ষড়যন্ত্ৰ কৰে? – ষড়যন্ত্ৰ প্ৰজন্মৰ পিছত প্ৰজন্ম জীৱন্ত হৈ থকাৰ আঁৰত তিনিটা মনস্তাত্ত্বিক কাৰণ আছে। প্ৰথম, অসূয়া আৰু হীনমন্যতা – আনৰ সফলতা প্ৰতিযোগিতাৰে অতিক্ৰম কৰিব নোৱাৰিলে গোপন চক্ৰান্তৰ আশ্ৰয় লয়। দ্বিতীয়, স্বাৰ্থপৰতা আৰু লোভ – কম সময়ত বেছি পোৱাৰ লোভে মানুহক অমানুহ কৰে, লোভে বিবেকক অন্ধ কৰে। তৃতীয়, ভয় আৰু অনিশ্চয়তা – নিজৰ অস্তিত্ব হেৰুওৱাৰ ভয়ে আগতীয়াকৈ আনৰ বিৰুদ্ধে পৰিকল্পনা কৰায়।

ষড়যন্ত্ৰ মানৱ সমাজৰ এক প্ৰাচীন ক’লা সত্য। যুগ যুগ ধৰি এই যন্ত্ৰটো সক্ৰিয় হৈ আছে আৰু থাকিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি মনুষ্যত্বৰ প্ৰতি আশা হেৰুৱাব লাগে। পৃথিৱীত যিদৰে স্বাৰ্থপৰতা আছে, তেনেদৰে প্ৰকৃত মৰম, নিষ্ঠা আৰু সত্যতাও আছে। আন্ধাৰ আছে বাবেই পোহৰৰ মূল্য বেছি। অন্যক অন্ধভাৱে বিশ্বাস নকৰি, নিজৰ বিবেকক সজাগ ৰাখি, সতৰ্কতাৰ অদৃশ্য ঢালখন হাতত লৈ আগুৱাই যোৱাটোৱেই এই জটিল পৃথিৱীত নিজৰ অস্তিত্ব, স্বাভিমান আৰু শান্তি বচাই ৰখাৰ আটাইতকৈ ফলপ্ৰসূ উপায়।