শিক্ষকৰ মৰ্যাদা আৰু নতুন প্ৰজন্মৰ নৈতিক স্খলন – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

শিক্ষকৰ মৰ্যাদা আৰু নতুন প্ৰজন্মৰ নৈতিক স্খলন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই সমাজ নিৰ্মাণৰ মূল ভেটি হিচাপে যিসকল ব্যক্তিক গণ্য কৰা হয়, তাৰ ভিতৰত শিক্ষকৰ স্থান সৰ্বোচ্চ। আমাৰ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত গুৰুক ঈশ্বৰৰ সমান আসন দিয়া হৈছে। জন্মদাতা পিতৃ-মাতৃক সন্তানৰ ‘আদি গুৰু’ বুলি কোৱা হয়, কিয়নো তেওঁলোকে সন্তানক পৃথিৱীৰ পোহৰ দেখুৱায় আৰু জীৱনৰ প্ৰাথমিক পাঠ শিকায়। আৰু পিতৃ-মাতৃৰ ঠিক পিছতেই সেই সৰ্বোচ্চ মৰ্যাদা দিয়া হয় শিক্ষাগুৰুক, যিয়ে এজন শিশুক অজ্ঞানতাৰ অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ যায়। কিন্তু আজিৰ এই একবিংশ শতিকাৰ যান্ত্ৰিক আৰু অতি-আধুনিক সমাজখনত এক অত্যন্ত উদ্বেগজনক পৰিৱৰ্তন চকুত পৰিছে। বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ, শিক্ষাগুৰুৰ প্ৰতি থকা সেই পূৰ্বৰ অকৃত্ৰিম মৰম, গভীৰ শ্ৰদ্ধা, সন্মান আৰু এক নিৰ্মল সমীহ মিশ্ৰিত ভয় যেন ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে। হাতে হাতে থকা স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ সহজলভ্যতাই আজিৰ প্ৰজন্মক তথ্যৰ এক বিশাল ভাণ্ডাৰ দিছে সঁচা, কিন্তু তথ্য আৰু জ্ঞানৰ মাজত যে আকাশ-পাতাল পাৰ্থক্য আছে, সেই কথা বহুতে পাহৰি পেলাইছে। গুগল বা ইণ্টাৰনেটে তথ্য দিব পাৰে, কিন্তু সেই তথ্যক জীৱনমুখী জ্ঞানলৈ ৰূপান্তৰিত কৰিবলৈ যে এজন গুৰুৰ আশীৰ্বাদ, পথ-প্ৰদৰ্শন আৰু সান্নিধ্যৰ অপৰিহাৰ্য প্ৰয়োজন আছে, সেই সত্য আজি উপেক্ষিত হ’বলৈ ধৰিছে।

এই পৰিৱৰ্তিত পৰিৱেশৰ মাজতেই আজি সমাজৰ আগত এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মৌলিক প্ৰশ্ন উত্থাপিত হৈছে— যিজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ শিক্ষাগুৰুক অন্তৰৰ পৰা সন্মান দিব নোৱাৰে, তেওঁ ভৱিষ্যতে এগৰাকী যোগ্য, সংবেদনশীল আৰু সুস্থ মানসিকতাৰ ব্যক্তি হ’ব পাৰিবনে? সমাজতাত্ত্বিক আৰু অভিজ্ঞ মহলৰ মতে, যিজন সন্তানে নিজৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক যথোচিত সন্মান জনাব নাজানে, তেওঁ জীৱনৰ কোনো ক্ষেত্ৰতেই আন কাৰোবাক আন্তৰিকতাৰে সন্মান কৰিব নোৱাৰে। কাৰণ শ্ৰদ্ধা আৰু সন্মান হৈছে এক অভ্যন্তৰীণ সংস্কাৰ, যিটো ঘৰ আৰু বিদ্যালয়ৰ পৰাই গঢ় লয়। যিসকলে গুৰুক অৱজ্ঞা কৰে, তেওঁলোকে সমাজত আনক যি সন্মান বা ভদ্ৰতা প্ৰদৰ্শন কৰে, সেয়া প্ৰায়েই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা এক প্ৰকাৰৰ নিখুঁত অভিনয়হে মাথোঁ। কিবা এটা বিশেষ সুবিধা আদায় কৰাৰ আশাত বা নিজৰ প্ৰয়োজন পূৰণৰ তাগিদাতহে তেওঁলোকে আনৰ আগত মূৰ দোঁৱায়। এনে কৃত্ৰিম আৰু স্বাৰ্থপৰ ব্যৱহাৰে এজন মানুহক হয়তো সাময়িকভাৱে সফলতা দিব পাৰে, কিন্তু কেতিয়াও সমাজত এজন প্ৰকৃত সৎ, বিশ্বাসী আৰু আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰে।

আচলতে, এজন শিক্ষকৰ ভূমিকা কেৱল পাঠ্যপুথিৰ চাৰিবেৰৰ মাজত বা পৰীক্ষাৰ নম্বৰৰ হিচাপত সীমাবদ্ধ নহয়। কিতাপৰ তাত্ত্বিক জ্ঞান দিয়াৰ উপৰিও এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক জীৱন জীয়াই থকাৰ প্ৰকৃত কলা শিকায়। এজন শিশুৰ কোমল মনত নিয়মানুৱৰ্তিতা, অনুশাসন, একতা, সদাচাৰ আৰু সামাজিক দায়বদ্ধতাৰ বীজ ৰোপণ কৰে শিক্ষকেই। ইয়াৰ লগতে জীৱনৰ কঠিন পৰিস্থিতিত হাৰ নমনাৰ আত্মবিশ্বাস আৰু আনক সন্মান জনোৱাৰ দৰে মহান মানৱীয় গুণসমূহো শিক্ষকৰ জৰিয়তেই শিক্ষাৰ্থীয়ে আয়ত্ত কৰে। এজন সাধাৰণ শিশুক ভৱিষ্যতৰ এজন সু-নাগৰিক তথা সমাজৰ বাবে উপযোগী আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলাত শিক্ষকৰ অৱদান অপৰিসীম। আমাৰ ইতিহাস আৰু আদেশ পালন কৰিছে, তেওঁ জীৱনৰ বাটত কেতিয়াও বিফল হোৱা নাই। গুৰুৰ প্ৰতি থকা অটল বিশ্বাস, বিনয় আৰু সমৰ্পণেই শিষ্যক সফলতাৰ সৰ্বোচ্চ শিখৰলৈ লৈ যায়।

অৱশ্যে, এই পবিত্ৰ সম্পৰ্কৰ মৰ্যাদা অক্ষুণ্ণ ৰখাত শিক্ষকজনৰ নিজৰ মানসিকতা আৰু আচৰণো সমানেই গুৰুত্বপূৰ্ণ। এজন প্ৰকৃত শিক্ষকৰ মাজত কেতিয়াও ‘মই এজন শিক্ষক’ বা ‘মই সকলো জানো’ বুলি কোনো ধৰণৰ অহংকাৰ নাথাকে। কাৰণ অহংকাৰ হৈছে জ্ঞানৰ আটাইতকৈ ডাঙৰ শত্ৰু। ‘মই শিক্ষক’— এই অহংকাৰে এজন মানুহৰ মনৰ দুৱাৰ বন্ধ কৰি দিয়ে আৰু তেওঁক নতুন কথা শিকাৰ পৰা বঞ্চিত কৰে। প্ৰকৃত শিক্ষকে সদায় নিজকে এজন আজীৱন ছাত্ৰ বুলি গণ্য কৰে। সময়ৰ লগে লগে নিজকে ন ন জ্ঞানেৰে সমৃদ্ধ কৰি, অত্যন্ত নিৰহংকাৰী আৰু সৰল মানসিকতাৰে যেতিয়া এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মাজত সোমাই পৰে, তেতিয়াহে সেই শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ হৃদয় জয় কৰিব পাৰে। শিক্ষকৰ মৰম, ত্যাগ আৰু নিৰহংকাৰী ব্যক্তিত্বইহে ছাত্ৰ-ছাত্ৰীৰ মনত স্বাভাৱিকতেই শ্ৰদ্ধা আৰু সমীহ জগাই তোলে।

পৰিশেষত এয়াই ক’ব পাৰি যে, এখন সুস্থ, নৈতিকতাসম্পন্ন আৰু প্ৰগতিশীল সমাজ নিৰ্মাণ কৰিবলৈ হ’লে আমি আমাৰ মূল শিপাডাললৈ উভতি চাবই লাগিব। কেৱল যান্ত্ৰিক উন্নতিয়ে এখন সমাজক কেতিয়াও শ্ৰেষ্ঠ কৰিব নোৱাৰে, যদিহে তাত মানৱীয় মূল্যবোধ নাথাকে। গতিকে, পিতৃ-মাতৃয়ে সন্তানক সৰুৰে পৰা গুৰুক সন্মান কৰাৰ শিক্ষা দিয়াটো যিদৰে জৰুৰী, ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰীসকলেও বিনয়ী হৈ গুৰুৰ সান্নিধ্য গ্ৰহণ কৰাটো প্ৰয়োজন। আনহাতে, শিক্ষকসকলেও নিৰহংকাৰী হৈ আদৰ্শৰে ছাত্ৰ-ছাত্ৰীক পথ দেখুৱাব লাগিব। এই তিনিওটা পক্ষৰ সন্মিলিত প্ৰচেষ্টাতহে গুৰু-শিষ্যৰ সেই চিৰন্তন পবিত্ৰ সম্পৰ্কটো পুনৰুজ্জীৱিত হ’ব আৰু এখন সুন্দৰ সমাজ গঢ় লৈ উঠিব।