ৰাজ্যৰ বজাৰত অভাৱনীয়ভাৱে দাম বৃদ্ধি

PC-The Economic Times

ৰাজ্যৰ বজাৰত অভাৱনীয়ভাৱে দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুইত দগ্ধ সর্বসাধাৰণ খাটিখোৱা জনতাই নাভিশ্বাস কাঢ়িবলগীয়া হৈছে।ইণ্ডোনেছিয়াই পাম অইলৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত কার্যকৰী কৰাৰ লগে লগে পূর্বে আশংকা কৰাৰ দৰেই অভাৱনীয়ভাৱে মিঠাতেলৰ দাম বৃদ্ধি পাইছে।প্ৰতিটো কোম্পানীয়ে আকাশলংঘী  হাৰত হঠাতে বৃদ্ধি কৰিছে মিঠাতেলৰ দৰ। ৰাজ্যৰ বজাৰত এক লিটাৰ মিঠাতেলৰ দাম বাঢ়িছে ৬ৰ পৰা ৩৫ টকা পর্যন্ত। মিঠাতেলৰ সমান্তৰালভাৱে ৰিফাইন, ছয়া তেল, ৰাইজ ব্রেন, পাম তেল আদি ভোজ্য তেলসমূহৰো দাম বৃদ্ধি হৈছে। সর্বাধিক দাম বৃদ্ধি হোৱা মিঠাতেলবিধ হৈছে ইঞ্জিন।ভাৰতত ভোজ্য তেলৰ চাহিদাৰ ৬০ শতাংশই আমদানি কৰিবলগীয়া হয়। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াৰ পৰা দেশে আটাইতকৈ বেছি পৰিমাণৰ পাম অইল আমদানি কৰে। কিন্তু ইণ্ডোনেছিয়াই পূর্বে কৰা ঘোষণা কালিৰে পৰা কাৰ্যকৰী কৰাৰ লগে লগে সমগ্ৰ দেশৰ ভোজ্য তেলৰ বজাৰত বিৰূপ প্ৰভাৱ পৰিছে।পাম আৰু ছয়া তেলৰ দাম নজিৰবিহীনভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ইয়াৰ বিকল্প হিচাপে ব্যৱহাৰ হোৱালৈ চাই কোম্পানীসমূহে সৰিয়হ উৎপাদন হোৱা বতৰতো আকাশলংঘী হাৰত বঢ়াইছে মিঠাতেলৰ দাম।  অকল মিঠাতেল বা ভোজ্য তেলেই নহয়, ইণ্ডোনেছিয়াই পাম অইল ভাৰতলৈ ৰপ্তানি কৰাৰ নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে বৃদ্ধি পাইছে ছেম্পু, চাবোন, বিস্কুট, কেক, প্রসাধন সামগ্রী, প্ৰিণ্টিং ইংক আদিৰো দাম। কিয়নো এনেধৰণৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেঁচামাল হিচাপে ব্যবহৃত হয় পাম অইল। ব্রিটেনিয়া, বিছফাম, আইটিচি আদি বিস্কুট প্রস্তুতকর্তা কোম্পানীসমূহে প্ৰতি পেকেট বিস্কুটৰ সৰ্বোচ্চ খুচুৰা বিক্ৰী দাম প্রায় ১৫ শতাংশলৈ বঢ়াইছে।