ডিচিআই- জমেটৰ উদ্যোগত এক হাজাৰ পৰিয়াললৈ সাহায্য

ডিচিআই- জমেটৰ উদ্যোগত এক হাজাৰ পৰিয়াললৈ সাহায্য

ৰঙিলী বাৰ্ত্তাসেৱা- বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ডেভলপমেন্ট কনচাৰ্ণ ইন্টাৰনেছনেলে(ডিচিআই) জমেটোৰ সহযোগত মহানগৰীৰ এক হাজাৰ নিম্ন আয়ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। মহানগৰীৰ অনাথ আশ্ৰমত আৰু পদপথৰ ব্যৱসায়ী, গৃহকৰ্মী আদিৰ মাজত ২৪-২৮ এপ্ৰিল লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে। মহানগৰীৰ নাৰেংগী, মঠঘৰীয়া, খ্ৰীষ্টানবস্তি, গীতানগৰ, পূব-নৰকাসুৰ পাহাৰ, উত্তৰ-পূব নৰকাসুৰ পাহাৰ, জটিয়া, জনকপুৰ, ৰাধা নগৰ, আজিজ নগৰ, নৱজ্যেতি নগৰ, নোৱাপাৰা, বিদ্যানগৰ, গাৰোঘূলি, ছয়মাইল, পাটৰকুছি, নাজিৰাখাট, যোগদল, তেৰমাইল, খানাপাৰা, কলেজগেট, কলংপাৰ, চামতা পথাৰ, সোণাপুৰ, নৰতাপ, তেতেলীয়া, মৰঙাবাৰী, হহৰা, বাইশ মাইল আদি ৩২টা স্থানত এই খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। দহ কিলোগ্ৰামকৈ ওজনৰ মুঠ ১০০০টা এনে খাদ্য সামগ্ৰীৰ কীট এই অভিযানৰ সময়ত ডেভলপমেন্ট কনচাৰ্ণ ইন্টাৰনেছনেলে জমেটোৰ সহযোগত বিতৰণ কৰে।কাৰ্যসূচীত সংস্হাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷