ইক’ ছেনছিটিভ জ’নক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- কাজিৰঙা ইক’ ছেনছিটিভ জ’নক লৈ সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে বিষয়টোক লৈ পুনৰ সৰৱ হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত (Assam Cabinet) উদ্যোগ, নিয়োগ, সমবায়, শিশু সুৰক্ষা, ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু প্ৰশাসনিক পুনৰ্গঠনৰ ক্ষেত্ৰত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সিদ্ধান্তসমূহ ঘোষণা কৰাৰ লগতে কাজিৰঙাৰ ইক’ ছেনছিটিভ জ’নক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইক’ ছেনছিটিভ জ’ন ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্রাস কৰা বুলি কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতিবাদী কার্যসূচীক লৈ শেহতীয়াকৈ বোকাখাত আৰু কলিয়াবৰত ৰাইজে বিৰুদ্ধাচৰণ কৰিছে। এই বিষয়টো সন্দর্ভত কংগ্রেছক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য- ৰাইজেহে কাজিৰঙা বচাব লাগিব। ফেচবুক-টুইটাৰে বচাব নোৱাৰে। কংগ্ৰেছৰ কাৰ্যকালত কাজিৰঙাৰ গঁড় মাৰি শেষ হৈছে। দৰাচলতে কংগ্ৰেছে কোনো কথা নুবুজাকৈ প্রতিবাদত নামিছে। তেওঁলোকৰ এক অদ্ভুত মানসিকতা। অসমত এতিয়া বিজেপি তথা চৰকাৰখনক দুৰ্বল কৰিব পাৰি নেকি তাক লৈ খেপিয়াই থাকে। কোনো দিশ পৰীক্ষা নকৰাকৈ হুলস্থূল আৰম্ভ কৰে। তেওঁলোকে কোনো বিষয় নাচায়ো, নপঢ়েও। যাৰ বাবে তেওঁলোকে কৰা হুলস্থূলৰ বাবে আমাৰ ভাল হয়। আজি দুটা সমষ্টিত প্রতিবাদ হৈছে, এই মানুহবোৰ বিজেপিৰ নহয়। বোকাখাত আৰু কলিয়াবৰত বহুদিনৰ বাবে আমাৰ ভাল হ’ল। ক’ব নোৱাৰাকৈ মানুহবোৰে মোক আশীর্বাদ দিলে। মুখ্যমন্ত্রীয়ে কয়- সমগ্র বিষয়ক লৈ ৰাইজৰ খং উঠিছে। গতিকে ৰাইজে বেয়া পোৱা কাম কৰিব নালাগে। ইক’ ছেনছিটিভ জ’নৰ ভিতৰত উন্নয়নমূলক কামক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয় যে ইক’ ছেনছিটিভ জ’নৰ ভিতৰত পঞ্চতাৰকা হোটেল থাকিব পাৰে, কিন্তু খনন কাৰ্য চলিব নোৱাৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ বিতৰ্কৰ সৈতে কোনো নিৰ্দিষ্ট হোটেলৰ সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীৰ মতে, কাজিৰঙাৰ ক্ষেত্ৰত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়েই আগবাঢ়িব। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ESZৰ লগত কোনো হোটেলৰ সম্পৰ্ক নাই। আনহাতে আছুৱে শ্বেতপত্ৰ প্ৰকাশৰ বাবে তোলা দাবী সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- আছুৱে কোৱা শ্বেতপত্ৰত মই কি লিখিম? মই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ কথাহে কৈ আহিছোঁ। ইয়াত চৰকাৰৰ কৰিবলৈ একো নাই। চৰকাৰে যদি নিজাকৈ কিবা কৰিলে হয়, তেন্তে মই শ্বেতপত্রত লিখিলোঁ হয়। উচ্চতম ন্যায়ালয়ে আমাক ইক’ ছেনছিটিভ জ’ন নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে।
