যোৰহাটৰ অন্বেষাৰ ড্রাগ পার্টীতে ৰহস্যজনক মৃত্যু

যোৰহাটৰ অন্বেষাৰ ড্রাগ পার্টীতে ৰহস্যজনক মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটত শনিবাৰে নিশা ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতী অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাই নতুন মূৰ লৈছে।  ড্ৰাগছৰ বাবেই যোৰহাট নগৰৰ দহাবৰাত থকা গৌৰী এনক্লেভত মৃত্যুক আঁকোৱালি ল’লে ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত ন-পমুৱাৰ অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীয়ে। আৰক্ষীয়ে চলোৱা অনুসন্ধানত আৰু চিচি টিভিত স্পষ্ট হৈ পৰিছে যে শনিবাৰে নিশা ফ্লেটটোৰ পার্কিং স্থানত অন্বেষা শইকীয়াক পেলাই ৰখা হৈছিল আৰু পিছত মুমূর্ষু অৱস্থাত এখন ৰেপিড অটোত উঠাই যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে। এই ঘটনাক অন্বেষাৰ পৰিয়ালৰ লোকে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ইতিমধ্যে ৰৰৈয়া থানাত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে যুৱতী-মহিলাসহ চাৰিগৰাকীক আটক কৰাৰ লগতে মূল অভিযুক্ত আৰিয়ান গোস্বামীক নিশা গোলাঘাটৰ ৰঙাজান অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ন-পমুৱা গাঁৱৰ অন্বেষা শইকীয়াই ১৫ আগষ্টৰ বিয়লি ৪.৩০ বজাত মনালিছা নামৰ মহিলাগৰাকীৰ সৈতে যোৰহাট নগৰলৈ বজাৰ কৰিবলৈ আহিছিল। নিশা ৮.৩০ বজাত অন্বেষাৰ মাকে ফোন কৰাত তেওঁ ঘৰলৈ যাব ওলোৱা বুলি কয়। কিন্তু নিশা প্রায় ১১ বজাত খুচি নামৰ আন এগৰাকী যুৱতীয়ে অন্বেষা অসুস্থ হোৱাৰ বাবে মেডিকেল কলেজত ভৰ্তি কৰা বুলি ফোনযোগে পৰিয়ালক অৱগত কৰে। এই খবৰ পাই অন্বেষাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ যোৰহাট মেডিকেল কলেজলৈ আহি থকাৰ সময়তে পাপু নামৰ আন এজন যুৱকে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি খবৰ দিয়ে। পৰিয়ালৰ লোক মেডিকেল কলেজত উপস্থিত হোৱাৰ পূর্বেই অন্বেষাক ভর্তি কৰোৱা যুৱক আৰু যুৱতীকেইগৰাকীয়ে পলায়নৰ চেষ্টা কৰে। যুৱককেইজন পলাই যাবলৈ সক্ষম হয় যদিও এগৰাকী যুৱতীক মেডিকেল কলেজৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ লোকে সন্দেহ কৰিছে কোনো অবৈধ ড্ৰাগছ অথবা অবৈধ কৰ্মৰ লগত জড়িত হৈ থাকিব পাৰে এই যুৱক-যুৱতীৰ দলটো। যাৰ পৰিণতিতে অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে অথবা হত্যা কৰা হৈছে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি অভিযোগ কৰি কয়, চিকিৎসা মহাবিদ্যালয়ত অন্বেষাৰ মৃতদেহ প্রত্যক্ষ কৰাৰ পিছত অন্বেষাৰ শৰীৰৰ নিম্নাংশ আৰু মুখ, পিঠি, বুকু সকলো স্থানতে আঘাতৰ চিন স্পষ্ট হৈ আছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মনালিছা, খুচি আৰু অর্পিতা নামৰ তিনিগৰাকীক আটক কৰাৰ লগেচ ঘটনাটোৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।