জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা আলহজ মুজিবুল হকৰ দেহাৱসান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা আলহজ মুজিবুল হকৰ বাৰ্ধক্য জনিত কাৰণত ৮৪ বছৰ বয়সত কালি সন্ধিয়া গুৱাহাটীৰ হাতীগাঁওৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয়। ১৯৪২ চনৰ ১ আগষ্টত গোলাঘাটৰ ফেচোৱাল গাওঁত জন্ম গ্ৰহণ কৰা( বৰ্ত্তমানে হাতীগাঁও চাৰিআলি নিবাসী) হকে গোলাঘাট জিলাৰ ফৰকাটিং হাইস্কুলৰ পৰা ১৯৬০ চনত মেট্ৰিক পাছ কৰে। সেই সময়ত তেখেতেই আছিল ফেচোৱাল গাৱঁৰ পৰা মেট্ৰিকত প্রথম বিভাগত পোৱা একমাত্ৰ ছাত্ৰ । ইয়াৰ পিছত হকে দুই বছৰীয়া পি ইউ ডিগ্ৰী অৰ্জন কৰে গুৱাহাটী কটন কলেজৰ পৰা। তাৰ পিছত তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং হিচাপে ১৯৬৬ চাৰি বছৰীয়া পাঠ্যক্ৰম বি ই ডিগ্ৰী লাভ কৰে। ১৯৬৭ চনত হকে জলসিঞ্চন বিভাগত প্ৰথম সহকাৰী অভিযন্তা হিচাপে যোগদান কৰে জখলাবন্ধা জলসিঞ্চন বিভাগত। ইয়াৰ পৰবৰ্তী সময়ত কাৰ্বি আংলং জিলাৰ বকুলিয়া, লাংহিং, সহকাৰী কাৰ্য্যবাহী অভিযন্তা হিচাপে ধনশিৰি প্ৰকল্প সংমণ্ডল(জল) কেনেল-১ ওদালগুৰি, কাৰ্যবাহী অভিযন্তা হিচাপে ধনশিৰি প্ৰকল্প বান্ধ সংমণ্ডল (জল) ভৈৰৱকুণ্ড, যোৰহাট, শিৱসাগৰ,গোলাঘাটত, অধীক্ষক অভিযন্তা হিচাপে নলবাৰী, ডিব্ৰুগড় আৰু শেষত সেই পদৰ পৰাই অধীক্ষক অভিযন্তা হিচাপে যোৰহাটৰ পৰা ২০০০ চনত অৱসৰ গ্ৰহণ কৰে। ২০০৬ চনত তেওঁ মক্কালৈ গৈ পৱিত্ৰ হজব্রত সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰ চামচুন আৰা বেগম (আবেদা ), দুই পুত্ৰ, এক জীয়ৰী, বোৱাৰী, নাতি-নাতিনী, ভাই- ভতিজা,ভাগিন -ভাগিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি (১৮-৮ -২০২৬) সিজুবাৰী ঈদগাহ কবৰস্থানত অনেক গুণমুগ্ধ আৰু আত্মীয়ৰ উপস্থিতিত হকৰ জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত গোলাঘাট শান্তিপুৰ জামাত, ফেচোৱাল গৰঙা জামাত, হাতীগাঁও চাৰিআলি মছজিদ জামাত কমিটি আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
