সৃষ্টিশীলতা আৰু আৰ্থিক স্বাৱলম্বন – নিবেদিতা হাজৰিকা

Pc Medium

সম্পাদকীয় পৃষ্ঠা 

সৃষ্টিশীলতা আৰু আৰ্থিক স্বাৱলম্বন

নিবেদিতা হাজৰিকা,লখিমপুৰ

জন্মগত ভাৱে প্ৰত্যেকজন ব্যক্তিৰ মাজত কিছুমান বিশেষ দক্ষতা থাকে আৰু সেই সুপ্ত প্ৰতিভাৰ প্ৰকাশ আৰু বিকাশ ঘটাই , সেই প্ৰতিভাক প্ৰয়োগ কৰি নতুন কিবা এটা সৃষ্টি কৰা বা পুৰণি বস্তুক নতুন ৰূপ দিয়াৰ দক্ষতাক আৰ্থিক উপাৰ্জনৰ বাট হিচাপে গ্ৰহণ কৰিব পাৰি।  সৃষ্টিশীলতা বা প্ৰতিভা এক বিশেষ কলা। ই আৰ্থিক স্বাৱলম্বনৰো এক উপায় হ’ব পাৰে। সৃষ্টিশীলতা আৰু প্ৰতিভাক যদি কষ্ট আৰু ব্যৱসায়িক বুদ্ধিমত্তাৰ সৈতে মিহলাই সঠিক দিশত পৰিচালনা কৰা হয় তেন্তে ই নিশ্চিত ভাৱে  এক স্থায়ী  আৰু লাভজনক আৰ্থিক স্বাৱলম্বনৰ উপায় হ’ব। সৃষ্টিশীলতা হৈছে নিজৰ বিশেষ দক্ষতা,কলা বা জ্ঞানক কৌশলগত ভাবে ব্যৱহাৰ কৰি তাক লাভজনক সেৱা বা সামগ্ৰীলৈ পৰিণত কৰা।নিজৰ সৃষ্টিশীল  মনন,কল্পনাশক্তি বা উদ্ভাৱনী চিন্তাক ব্যৱসায়িক ভিত্তিত ৰূপান্তৰ কৰি আৰ্থিক উপাৰ্জনৰ বাট প্ৰশস্ত কৰিব পাৰি।সৃষ্টিশীলতা আৰু আৰ্থিক স্বাৱলম্বন দুয়োটা ওতঃপোত ভাৱে জড়িত। উল্লেখ্য যে,সৃষ্টিশীলতাৰ বাণিজ্যিকীকৰণে কলা আৰু ব্যৱসায়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰি সৃষ্টিশীল ব্যক্তি সকলক নিজ প্ৰতিভাক আৰ্থিক স্বাৱলম্বনৰ পথ হিচাপে গ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে।নিজৰ কল্পনাশক্তি বা সৃষ্টিশীল দক্ষতাক সঠিক ভাৱে ব্যৱহাৰ কৰি বৰ্তমান সময়ত অতি সহজে স্বাৱলম্বী হ’ব পাৰি। সৃষ্টিশীলতা  কেৱল এক কলা নহয়, ইয়াক ব্যৱসায়িক ৰূপ দি নিজৰ কেৰিয়াৰ গঢ় দিয়াৰো ই এক সুৱৰ্ণ সুযোগ।ইয়াক কেৱল কলা বা সাহিত্যৰ মাজতে সীমাবদ্ধ নাৰাখি ব্যৱসায়িক কৌশলৰ সৈতে জড়িত কৰিব পাৰিলে বা শিকিলে  ই এক স্থায়ী আৰু বৃহৎ  উপাৰ্জনৰ মাধ্যম হৈ পৰিব ।সঠিক পৰিকল্পনাৰ  আৰু নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে যিকোনো সৃষ্টিশীল ধাৰণাক ব্যৱসায়িক ৰূপ দিব পৰা ই অৰ্থনৈতিক আয় বৃদ্ধিৰ এক বিশাল উৎস।

সৃষ্টিশীলতা আৰু অৰ্থ উপাৰ্জনৰ মাজৰ সম্পৰ্ক  এতিয়া এক সফল কৰ্মক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে।নিজৰ সৃষ্টিশীলতা কোনো এটা নিৰ্দিষ্ট দিশত ধাৰাবাহিক ভাৱে প্ৰয়োগ বা  ব্যৱহাৰ কৰি ইয়াক উপাৰ্জনৰ এক স্থায়ী মাধ্যম হিচাপে গঢ়ি তুলিব পাৰি।সামাজিক  মাধ্যম, ইউটিউব বা অনলাইন  ষ্ট’ৰৰ জৰিয়তে বিশ্বজুৰি নিজৰ সৃষ্টিশীল কাম সমূহক এটা স্বতন্ত্ৰ ব্ৰেণ্ড হিচাপে গঢ়ি তুলি গ্ৰাহকৰ মাজত ইয়াৰ বিশ্বাসযোগ্যতা আৰু মূল্য বৃদ্ধি কৰিব পাৰি । Free lancing, ডিজিটেল আৰ্ট ,হস্তশিল্প ,ভিডিঅ’ কণ্টেণ্ট সৃষ্টি ,ব্লগিং ,কিতাপ প্ৰকাশ ,অনলাইন শিক্ষা আদি  মাধ্যমৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি। বৰ্তমান সময়ত  বহুতে এই ধৰণৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গ্ল’বেল মিডিয়া আৰু ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰি বহু যুৱক-যুৱতীয়ে নিজৰ সৃষ্টিশীল ধাৰণাক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে।

সৃষ্টিশীল  কামক কেৱল চখ হিচাপে নাভাবি বা নাৰাখি ইয়াক বাণিজ্যিক ৰূপ দিলে তাৰ পৰা নিয়মীয়া উপাৰ্জন হোৱাৰ বাট মুকলি কৰাৰ লগতে ই বজাৰত নতুন সামগ্ৰী বা সেৱাৰ সৃষ্টি কৰে ,যিয়ে গ্ৰাহকৰ জীৱন যাত্ৰা উন্নত কৰাৰ লগতে প্ৰতিযোগিতামূলক  বজাৰলৈ নতুনত্ব আনিবলৈ সক্ষম হয়।  কেৱল আত্মতৃপ্তিৰ মাজতে সীমাৱদ্ধ নাথাকি  বৰ্তমান এক লাভজনক অৰ্থনৈতিক উদোগত পৰিণত হৈছে।সৃষ্টিশীলতা আজিৰ তাৰিখত কেৱল এক চখ নহয়,বৰঞ্চ  বিকাশ আৰু নিয়োগ সৃষ্টিৰ এক শক্তিশালী মাধ্যমলৈ ৰূপান্তৰিত হৈছে।

নিজৰ চিন্তা ,কলা বা উদ্ভাৱনক অৰ্থনৈতিক ভাৱে লাভজনক  সামগ্ৰী বা সেৱালৈ ৰূপান্তৰ কৰা এই প্ৰক্ৰিয়া বা  কাৰ্যই শিল্প বা সৃষ্টিকে বঁটা নিদিয়ে ,বৰঞ্চ  সৃষ্টিশীল  ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি  সমাজৰ  বহনক্ষম অৰ্থনীতিত গুৰুত্বপূৰ্ণ  অৰিহনা  যোগায়।

উল্লেখ্য যে,আজিৰ ডিজিটেল যুগত  সৃষ্টিশীলতাৰ বাণিজ্যিকীকৰণ বা মুদ্ৰাকৰণ(Monetization) অত্যন্ত সহজ ,সুলভ আৰু বিশেষ ভাৱে জনপ্ৰিয় হৈ পৰিছে।ইণ্টাৰনেট ,ছ’চিয়েল মেডিয়া  আৰু গ্লোবেল  প্লেটফৰ্ম সমূহৰ সহায়ত যিকোনো বয়সৰ সৃষ্টিশীল ব্যক্তিয়ে ঘৰতে বহি নিজৰ প্ৰতিভা বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে যদিও এই ক্ষেত্ৰত ব্যক্তি বিশেষৰ  দক্ষতাৰ  সঠিক  ব্যৱহাৰ হোৱাটো খুবেই দৰকাৰী।সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰ  সঠিক ব্যৱহাৰ কৰিলে এই ক্ষেত্ৰত অতি সহজে  আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হ’ব পাৰি ,কিয়নো ইয়াৰ বাবে  কোনো বৃহৎ মূলধন  বা বিনিয়োগৰ প্ৰয়োজন নাই ,প্ৰয়োজন মাঁথো  একাগ্ৰতা আৰু ইচ্ছা শক্তিৰ ,যি  স্বাৱলম্বনৰ বাট মুকলি কৰাত সহায়ক হয় ।বজাৰৰ চাহিদা বুজি ,নিজৰ কাম বা প্ৰতিভাক কৌশলগত তথা সঠিক ভাৱে  প্ৰচাৰ কৰি  সুন্দৰ কৈ বজাৰ দখল কৰাৰ লগতে প্ৰতিভাৰে জিলিকি উঠিব পৰাটো এক প্ৰকাৰৰ দক্ষতা।ই কেৱল মানসিক সন্তুষ্টিয়েই নিদিয়ে ,লগতে অৰ্থনৈতিক উপাৰ্জনৰ এক সুস্থায়ী পথো প্ৰশস্ত কৰে ।মানৱ জীৱন আৰু সমাজৰ সৰ্বাত্মক বিকাশৰ বাবে সৃষ্টিশীলতা এক অপৰিহাৰ্য চালিকাশক্তি।সাংস্কৃতিক আৰু সামাজিক উত্তৰণৰ বাবেও ই অপৰিহাৰ্য।পুৰণি পৰম্পৰাৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটাই নতুন শিল্পকৰ্ম ,সাহিত্য বা উদ্যোগ আদি গঢ়ি তুলিব পাৰি।সৃষ্টিশীলতাৰ  বাণিজ্যিকীকৰণে যে কেৱল শিল্প কৰ্মক অৰ্থনৈতিক মূল্য হে প্ৰদান কৰাই তেনে নহয়, ই সমাজ আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিতো এক বিশাল  পৰিৱৰ্তন সাধন কৰে।ইয়াৰ জৰিয়তে সৃষ্টিশীল প্ৰতিভাক লাভজনক উদ্যোগলৈ ৰূপান্তৰিক কৰি  দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা নিয়োগৰ ক্ষেত্ৰত এক বৃহৎ অৱদান আগবঢ়াব পাৰি।সৃষ্টিশীলতা এক স্বাভাৱিক প্ৰতিভা, যি নিৰন্তৰ চৰ্চা, পৰ্যৱেক্ষণ আৰু অনুশীলনৰ জৰিয়তে বিকশিত কৰিব পাৰি। সৃষ্টিশীলতাক ব্যৱসায়িক ৰূপ দি নিজৰ কেৰিয়াৰ গঢ়াৰ এই সুবৰ্ণ সুযোগ সঠিক ভাৱে ব্যৱহাৰ কৰি নিশ্চয়কৈ বহুল ভাৱে উপকৃত হ’ব পাৰি।অসমীয়া সমাজ আৰু নৱ প্ৰজন্মই নিজৰ মৌলিক চিন্তাধাৰা আৰু পৰম্পৰাক সাৰোগত কৰি সৃষ্টিশীলতাৰ বিকাশ সাধনৰ প্ৰয়াস কৰিলে ব্যক্তিগত জীৱনৰ লগতে সমাজৰো প্ৰভূত উন্নতি  সাধন হ’ব।