আজি বার্মিংহামত টীম ইণ্ডিয়া-ইংলেণ্ডৰ প্ৰথমখন এদিনীয়া মেচ
ৰঙিলী বাৰ্ত্তাসেৱা-ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি দিনৰ ৩.৩০ বজাৰ পৰা বার্মিংহামত অনুষ্ঠিত হ’ব। টি-২০ শৃংখলাটোত নির্লজ্জ আত্মসমর্পণ কৰাৰ পিছত ভাৰতীয় দলটোৱে আজিৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটো অতি গুৰুত্বসহকাৰে লৈছে। বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু যশপ্রীত বুমৰাহৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় দলটোৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰি তুলিব। দীর্ঘদিনৰ পিছত কোহলি আৰু ৰোহিত শৰ্মাক ২২ গজত দেখা যাব। ইপিনে, আইপিএলৰ পিছত তাৰকা পেচবলাৰ বুমৰাহে প্ৰথমটো শৃংখলাত অংশগ্রহণ কৰিব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ বাবে এদিনীয়া শৃংখলাটো বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি কোহলি আৰু ৰোহিতে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোক গুৰুত্বসহকাৰে লৈছে। ইপিনে লোকেশ ৰাহুল, শ্রেয়াছ আয়াৰ, ঈশান কিশন আৰু অধিনায়ক শুভমন গিলৰ উপস্থিতিয়ে ভাৰতীয় দলটোৰ বেটিং লাইনআপ শক্তিশালী কৰি তুলিব। আজিৰ প্ৰথমখন মেচত জয়লাভ কৰি শৃংখলাটোত অগ্রগতি লোৱাৰ লক্ষ্যৰে নামিব গিল বাহিনী। মেচখন সন্দর্ভত অধিনায়ক গিলে কয় যে টি-২০ শৃংখলাটোত ব্যৰ্থতাৰ পিছত আমি এক নতুন উদ্যমেৰে এদিনীয়া শৃংখলাটোত ভাগ ল’ম। বিৰাট আৰু ৰোহিতৰ প্ৰত্যাৱৰ্তনে দলটোৰ আত্মবিশ্বাসেই নহয়, বেটিং লাইনআপো শক্তিশালী কৰি তুলিব। ইপিনে, পেচ বলাৰ বুমৰাহো দললৈ উভতিছে। বুমৰাহৰ প্ৰত্যাৱর্তনে বলিং বিভাগকো শক্তিশালী কৰি তুলিব।
