চেন্নাই ছুপাৰ কিংছৰ প্ৰশিক্ষক পদ ত্যাগ ষ্টিফেন ফ্লেমিঙৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএলৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সম্পৰ্কৰ অন্ত পৰিল। চেন্নাই ছুপাৰ কিংছৰ প্ৰশিক্ষকৰ পদ এৰিলে ষ্টিফেন ফ্লেমিঙে। নিউজিলেণ্ডৰ প্রাক্তন অধিনায়ক ফ্লেমিঙে পাৰস্পৰিক সন্মতি সাপেক্ষে চেন্নাই ছুপাৰ কিংছ এৰিবলৈ সিদ্ধান্ত লয়। সোমবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰে ফ্রেনচাইজিটোৱে। ২০০৮ চনত চেন্নাইৰ হৈ খেলাৰ পিছত ২০০৯ চনৰ পৰা দলটোৰ প্রশিক্ষক হিচাপে কাম কৰি আহিছিল ফ্লেমিঙে। ২০১৬ চনৰ পৰা ২০১৭ চনৰ ভিতৰত চেন্নাই নির্বাসনত থকাৰ সময়ত ফ্লেমিঙে ৰাইজিং পুনে ছুপাৰ জায়েন্টছৰ প্রশিক্ষক আছিল। উক্ত দলটোত ধোনীকে ধৰি কেইবাগৰাকীও চেন্নাইৰ ক্ৰিকেটাৰে খেলিছিল। ফ্লেমিঙৰ প্ৰশিক্ষকতাত চেন্নাই ছুপাৰ কিংছে ১১খন ফাইনেল খেলিছিল। ইয়াৰে ১০খন আছিল আইপিএলৰ ফাইনেল। ফ্লেমিঙৰ প্ৰশিক্ষকতাত চেন্নাই ছুপাৰ কিংছে ৫বাৰ আইপিএল আৰু দুবাৰ চেম্পিয়নছ লীগ টি-২০ৰ খিতাপ জয় কৰিছিল। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে অন্তিমবাৰৰ বাবে ২০২৩ চনত আইপিএলৰ প্লে অফত খেলিছিল।
