ঐতিহাসিক লৰ্ডছত ইতিহাস ৰচনা ভাৰতীয় মহিলা দলৰ

Pc Facebook (Indian Cricket Team)

ঐতিহাসিক লৰ্ডছত ইতিহাস ৰচনা ভাৰতীয় মহিলা দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক লৰ্ডছত ইতিহাস ৰচনা কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ঘৰৰ মাটিতে বিপক্ষৰ প্ৰতিদ্বন্দ্বী ইংলেণ্ডক হৰুৱাই দলটোৱে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ঐতিহাসিক লৰ্ডছৰ খেলপথাৰত অনুষ্ঠিত একমাত্ৰ টেষ্টত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ।   ১৪২ বছৰীয়া টেষ্ট ইতিহাসত লর্ডছ খেলপথাৰত আয়োজিত মহিলাৰ প্ৰথমখন টেষ্ট মেচতে ইংলেণ্ডৰ গৃহভূমিত গৈ অবিস্মৰণীয় জয়ী হ’ল হৰমনপ্রীত কৌৰৰ ভাৰতীয় দল। একমাত্ৰ চাৰিদিনীয়া টেষ্টখনত ইংলেণ্ডৰ মহিলা দলটোক ২৭০ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় দলটোৱে। এই বিজয়েৰে বিশ্ব ক্রিকেটত ভাৰতৰ মহিলাদলে আৰু এক নতুন ইতিহাস ৰচনা কৰিলে। প্রথমে বেটিং কৰি ভাৰতীয় দলটোৱে প্রথম ইনিংছত ২৮৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই ৮৫, হৰমনপ্রীত কৌৰে ৫৮ আৰু দীপ্তি শৰ্মাই ৫৭ ৰানৰ অৰিহণা আগবঢ়ায়। প্রত্যুত্তৰত ভাৰতৰ ক্ৰান্তি গৌড়ৰ বিধ্বংসী বলিঙত ইংলেণ্ডে মাত্র ১৭০ ৰানতে প্রথম ইনিংছ সামৰে। দলটোৰ হৈ সর্বাধিক ৫২ ৰান কৰে এমী জ’নছে। ক্রান্তিয়ে মাত্র ৩৭ ৰান দি ৫টা উইকেট দখল কৰে। ইপিনে দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি উইকেটকীপাৰ-বেটাৰ য়াস্তিকা ভাটিয়াৰ অভিলেখ সৃষ্টিকাৰী অনবদ্য ১১৩, মান্ধানাৰ ৭০ আৰু ৰিচা ঘোষৰ ৫০ ৰানৰ সহায়ত ভাৰতে ৭ উইকেটৰ বিনিময়ত ৩৪১ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। লৰ্ডছৰ ইতিহাসত প্রথমগৰাকী মহিলা ক্রিকেটাৰ হিচাপে টেষ্ট শতৰান অৰ্জন কৰাৰ গৌৰৱ অর্জন কৰে য়াস্তিকাই। ফলত, প্রথম ইনিংছৰ অগ্ৰগতিৰ সৈতে ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৪৫৭ ৰানৰ এক লক্ষ্য বান্ধি দিয়ে ভাৰতে। দ্বিতীয় ইনিংছৰ আৰম্ভণিতে ভাৰতীয় স্পীন আৰু পেচৰ যুটীয়া আক্ৰমণৰ সন্মুখত আৰম্ভণিতেই দিশহাৰা হৈ পৰে ইংলেণ্ড দল। ছায়ালি সতঘৰে, স্নেহ ৰানা আৰু ক্ৰান্তি গৌড়ৰ বলিঙৰ সন্মুখত দ্বিতীয় ইনিংছতো ছন্দহীন হৈ পৰে ইংলেণ্ডৰ শীৰ্যক্ৰমৰ বেটিং লাইন। তৃতীয় দিনাৰ খেলৰ শেষত ইংলেণ্ডৰ স্ক’ৰ আছিল ৬ উইকেটত ১৩০ ৰান। চতুর্থ তথা অন্তিম দিনটোত ভাৰতক জয়ৰ বাবে প্রয়োজন আছিল ৪টা উইকেট। মেচৰ অন্তিম দিনা মাত্র ১৮৬ ৰানত অন্ত পৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছ। লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত ভাৰতীয় মহিলা দলৰ এই অবিস্মৰণীয় টেষ্ট জয় ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত স্বৰ্ণ আখৰেৰে লিখা থাকিব। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট মেচৰ তৃতীয় দিনা ভাৰতীয় উইকেটকীপাৰ বেটাৰ য়াস্তিকা ভাটিয়াই নিজৰ কেৰিয়াৰৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰি ঐতিহাসিক লৰ্ডছ ক্রিকেট গ্রাউণ্ডত শতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্রিকেটাৰ হিচাপে পৰিগণিত হয়। মেচৰ তৃতীয় দিনা ৩৯ ৰানত অপৰাজিত হৈ থকা য়াস্তিকাই ১৪৫টা বলত নিজৰ শতক অর্জন কৰে।  ইপিনে, টেষ্টখনত অনবদ্য প্ৰদৰ্শন দাঙি ধৰা ভাৰতৰ দুগৰাকী ক্রিকেটাৰে লৰ্ডছ অনাৰ্ছ ব’ৰ্ডত স্থান লাভ কৰিছে। দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি লৰ্ডছত প্রথমগৰাকী মহিলা খেলুৱৈ হিচাপে শতক অৰ্জন কৰি য়াস্তিকাই লৰ্ডছ অনাৰ্ছ ব’ৰ্ডত স্থান লাভকৰে। ইফালে, টেষ্টখনৰ প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰা ক্ৰান্তি গৌড়েও এই সন্মান লাভ কৰে। আনহাতে, ইংলেণ্ডৰ ছ’ফি এক্লেষ্টনেও ৫টা উইকেট দখল কৰা দ্বিতীয়গৰাকী মহিলা ক্রিকেটাৰ হিচাপে অনাৰ্ছ ব’ৰ্ডত স্থান লাভ কৰে।